ETV Bharat / state

আধ্যাত্মিক পৰিৱেশত চাবুৱাৰ হাতীগাধৈ গাঁৱৰ গড়পৰা সত্ৰত অনুষ্ঠিত শৰণ পৰ্ব - saran ceremony

author img

By ETV Bharat Assamese Team

Published : May 6, 2024, 12:53 PM IST

Saran ceremony : নান্দনিক আৰু আধ্যাত্মিক পৰিৱেশত চাবুৱাৰ হাতীগাধৈ গাঁৱৰ গড়পৰা সত্ৰত অনুষ্ঠিত হ'ল শৰণ পৰ্ব ৷ ১৯৮ গৰাকী পুৰুষ আৰু ২০৫ গৰাকী মহিলাই ল’লে শৰণ ৷

saran ceremony at garpara satra dibrugarh
শৰণ পৰ্ব (etv bharat assam)

বিধায়ক পোনাকণ বৰুৱাৰ ভাষ্য (etv bharat assam)

ডিব্ৰুগড়, 6 মে’ : আধ্যাত্মিকতাৰ সমাজ ব্যৱস্থাত অতীজৰে পৰা চলি অহিছে শৰণ লোৱা পৰ্ব বা প্ৰথা । পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি ডিব্ৰুগড় চাবুৱাৰ হাতীগাধৈ গাঁৱৰ গড়পৰা সত্ৰত অনুষ্ঠিত হ'ল শৰণ পৰ্ব । যুগে যুগে মায়ামৰা ধৰ্মত বিশ্বাসী লোকসকলে শৰণ গ্ৰহণ কৰি‌ আহিছে । অসমৰ সত্ৰীয়া‌ সংস্কৃতিসমূহৰ ভিতৰত মায়ামৰা ধৰ্মীয় শৰণ পৰ্ব কিছু পৃথক ৷

ঐতিহাসিক মায়ামৰা সত্ৰৰ পৰম্পৰাগত নিয়ম অনুসৰি দেওবাৰে গুৰু সেৱা কৰি মূৰত কল পাতেৰে মেৰিওৱা তামোল পাণ লৈ পুখুৰীত জুবুৰা মাৰি আশীৰ্বাদ গ্ৰহণ কৰে শৰণীয়াসকলে । গায়ন বায়ন পৰিৱেশনৰ মাজেৰে এক আধ্যাত্মিক পৰিৱেশৰ মাজত অনুষ্ঠিত হয় এই কাৰ্যসূচী । চলিত প্ৰথা অনুসৰি শৰণ গ্ৰহণ কৰাৰ পিচত সমাজৰ আধ্যাত্মিক কাম-কাজ কৰিব পৰা হয় শৰণীয়াসকল । সেয়ে দেওবাৰে মায়ামৰা সমাজৰ পৰম্পৰা আৰু ৰীতি-নীতি অনুসৰি ডিব্ৰুগড়ৰ চাবুৱাৰ হাতীগাধৈ গাঁৱৰ গড়পৰা সত্ৰত ১৯৮ জন পুৰুষে আনুষ্ঠানিকভাৱে মহাপুৰুষীয়া নিয়মত শৰণ গ্ৰহণ কৰে ৷

হাতীগাধৈ গড়পৰা সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী চিদানন্দ গোস্বামী গুৰুজনাৰ ওচৰত অঞ্চলটোৰ পাঁচখন গাঁও ক্ৰমে চেংধৰা, ফুকনখাত, কোঁৱৰ গাঁও, হাতীগাধৈ আৰু গড়পৰাৰ ১৯৮ গৰাকী পুৰুষ আৰু ২০৫ গৰাকী মহিলাই মহাপুৰুষীয়া নিয়মত শৰণ গ্ৰহণ কৰে । মায়ামৰা সমাজৰ ধৰ্মীয় পৰম্পৰা অনুসৰি ৮০ খিলা পাণ লৈ প্ৰতিগৰাকী শৰণীয়ালে সত্ৰ প্ৰাংগণত সমবেত হোৱা পিচতেই সমবেত ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত শৰণৰ পুখুৰীত শৰণ কাৰ্যসূচী সমাপন কৰা হয় ।

এই শৰণ কাৰ্যসূচীত অঞ্চলটোৰ প্ৰায় দুই হাজাৰৰো অধিক ভকত বৈষ্ণৱৰ লগতে কাৰ্যসূচীত চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱাইয়ো অংশগ্ৰহণ কৰে । ইয়াৰ উপৰিও এই ঐতিহাসিক শৰণ পৰ্ব চাবলৈ অঞ্চলটোত ৰাইজে ভিৰ কৰে সত্ৰৰ চৌহদত ।

লগতে পঢ়ক : শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ কলাক্ষেত্ৰৰ বৰনামঘৰত মায়ামৰা শৰণ পৰ্ব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.