HSLC exam paper leak issue: ছেবাৰ বিৰুদ্ধে জামুগুৰিহাটত আছুৰ প্ৰতিবাদ
Published: Mar 18, 2023, 12:42 PM

চতিয়া, 18 মাৰ্চ : চলিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সাধাৰণ বিজ্ঞানৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ পিছতেই অসমীয়া বিষয়ৰ প্ৰশ্নকাকতো ফাদিল হোৱাত অসমীয়া বিষয়ৰ পৰীক্ষাও বাতিল ঘোষণা কৰিছিল ছেবাই ৷ ইয়াৰ পিছতেই শিক্ষাৰ্থীসকলৰ লগতে বিভিন্ন দল-সংগঠনেও ছেবাৰ বিৰুদ্ধে প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে ৷ সদৌ অসম ছাত্ৰ সন্থাই শুকুৰবাৰে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা যায় (HSLC question paper leak) ।
সমান্তৰালভাৱে নগাঁও জিলাৰ জামুগুৰিহাটতো শুকুৰবাৰৰ দিনটোত ছাত্ৰ সন্থাই সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী । সদৌ জামুগুৰি ছাত্র সন্থাই শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, ছেবাৰ অধ্যক্ষৰ পুত্তলিকা ওলোমোৱাৰ লগতে শিক্ষামন্ত্ৰী, ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈন আৰু পৰীক্ষা নিয়ন্ত্ৰক নয়ন জ্যোতি শৰ্মাৰ পদত্যাগৰ দাবী উত্থাপন কৰে (AASU Protest against SEBA) ।
ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা বন্ধ কৰক, ৰণোজ পেগু গ'বেক আদি শ্ল'গানেৰে সদৌ জামুগুৰি ছাত্ৰ সন্থাই উত্তাল কৰি তোলে প্ৰতিবাদস্থলী । শীঘ্ৰেই এই সন্দৰ্ভত উচিত তদন্তৰ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে । উল্লেখ্য যে, 30 মাৰ্চত বিজ্ঞান বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ বিপৰীতে 1 এপ্ৰিলত অনুষ্ঠিত হ'ব অসমীয়া বিষয়ৰ পৰীক্ষা ৷
লগতে পঢ়ক : HSLC students protest : পৰীক্ষা দীঘলীয়া হ’লে পৰীক্ষাত নবহাৰ হুংকাৰ পৰীক্ষাৰ্থীৰ