অসম

assam

বিখ্যাত আলোচনী LOfficiel আৰু Harper’s Bazar Vietnam লৈ নিৰ্বাচিত সংযুক্তা দত্তৰ ডিজাইন

By

Published : Nov 21, 2022, 2:16 PM IST

Sanjukta Dutta's design

সংযুক্তা দত্তৰ পোছাকত আন্তঃৰাষ্ট্ৰীয় মডেল ৷ পৃথিৱীৰ ভিতৰতে অন্যতম দুখন আলোচনীত স্থান পাইছে অসম কন্যা সংযুক্তা দত্তৰ ডিজাইনাৰ পোছাকে ৷ সবিশেষ আগলৈ-

গুৱাহাটী, ২১ নৱেম্বৰ :বিশ্বৰ ফেশ্বন জগতৰ অন্যতম শ্রেষ্ঠ আলোচনী হিচাপে চিহ্নিত LOfficiel ৰ শেহতীয়া সংস্কৰণত অসম কন্যা তথা প্রসিদ্ধ ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তৰ বস্ত্ৰ পৰিধান কৰা মডেলৰ ফটো প্ৰকাশিত হৈছে । আন এখন আলোচনী Harper’s Bazar Vietnam ৰ বাবেও তেঁওৰ ডিজাইনাৰ ড্ৰেছ নিৰ্বাচিত হৈছে বুলি জানিবলৈ দিছে সংযুক্তা দত্তই ৷

আধুনিক মহিলাৰ বাবে “দ্য লাক্সাৰী বাইবেল' হিচাপে সুপৰিচিত 'দ্য ল’অফিচিয়েল'ত মাত্র এখন ফটো প্ৰকাশৰ বাবে বিশ্বৰ সুন্দৰী মডেলে বছৰৰ পাছত বছৰ ধৰি অধীৰ আগ্ৰহেৰে অপেক্ষা কৰে । এনে সময়তে অসম কন্যা, ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তৰ বস্ত্ৰ পৰিধান কৰি মডেল নয়না বিছভাই আমেৰিকাৰ নিউয়র্ক চিটিত মেগাজিনৰ বাবে ফটো শ্বুট কৰাটো নিশ্চয়কৈ আমাৰ সকলোৰে বাবে গৌৰৱৰ কথা ৷ সমান্তৰালভাৱে মডেল নয়নাৰ এই আকর্ষণীয় ফটো ‘ল’অফিচিয়েল'ত প্ৰকাশ হোৱাৰ লগে লগে বিশ্বৰ ফেশ্বন জগতখনত স্বাভাৱিকতে সৃষ্টি হৈছে তীব্ৰ কৌতূহল আৰু চৰ্চাৰ । উল্লেখ্য যে অসমৰ থলুৱা ৰেচমী সূতাৰে ডিজাইন কৰা সংযুক্তা দত্তৰ অত্যাধুনিক ফেশ্বন ডিজাইনিঙৰ বস্ত্ৰই ইতিমধ্যে বিশ্বজুৰি খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে ।

সংযুক্তা দত্তৰ পোছাকত আন্তঃৰাষ্ট্ৰীয় মডেল

অভিযান্ত্ৰিকৰ স্নাতক ডিগ্ৰীধাৰী সংযুক্তা দত্তই চৰকাৰী চাকৰি বাদ দি অসমৰ থলুৱা পাট-মুগাক অনন্য ৰূপত বিশ্বত জনপ্রিয় কৰাৰ এক সপোনমুখী যাত্ৰা আৰম্ভ কৰিছিল । স্পষ্টতঃ অসমৰ চহকী ৰেচমী সূতাক থলুৱা আৰু আধুনিকতাৰে সংমিশ্ৰণ কৰি নিজ শৈলীৰে মেখেলা-চাদৰ তথা আন আন ডিজাইন লৈ প্ৰস্তুত কৰা বস্ত্ৰ পৰিধান কৰি ইতিমধ্যে বিশ্বৰ আগশাৰীৰ মডেল তথা অভিনেত্ৰীয়ে ৰেম্পত কেটৱাক কৰি বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ।

সংযুক্তা দত্তৰ পোছাকত আন্তঃৰাষ্ট্ৰীয় মডেল

এহাতে অসমৰ ঐতিহ্যময় বস্ত্ৰক ব্যৱসায়িক ভিত্তিত জনপ্ৰিয় কৰা আৰু আনফালে ৰাজ্যৰ থলুৱা শিপিনীৰ অর্থনৈতিক স্বাৱলম্বিতাৰ বাট মুকলি কৰা— এই দুই লক্ষ্যৰে যাত্ৰা আৰম্ভ কৰা অসম কন্যা সংযুক্তা দত্তই ইতিমধ্যে অভূতপূৰ্ব সঁহাৰি লাভ কৰিছে । ফেশ্বন জগতৰ অত্যন্ত প্ৰত্যাহ্বান নেওচি আৰম্ভ কৰা সংযুক্তা দত্তৰ ৰেচমী মেখেলা-চাদৰ পিন্ধি ইতিমধ্যে ইংলণ্ডৰ ৰাজবোৱাৰী কেট মিডলটনে বিশ্ববাসীৰ সন্মুখত উজলাই তুলিছে অসমীয়াৰ স্বাভিমান ।

সংযুক্তা দত্তৰ পোছাকত আন্তঃৰাষ্ট্ৰীয় মডেল

তদুপৰি বলীউডৰ প্ৰখ্যাত, জনপ্রিয় অভিনেত্রী হেমা মালিনী, বিপাশা বসু, প্রীতি জিন্টা, কৰিশ্মা কাপুৰ, ভাগ্যশ্ৰী প্ৰমুখ্যে একাধিকে সংযুক্তা দত্তৰ বিভিন্ন ডিজাইনৰ বস্ত্ৰ পৰিধান কৰি ইতিমধ্যে খোজ দিছে ফেশ্বন শ্ব’ত । বিশ্বৰ অন্যতম ঈর্ষণীয় নিউয়র্ক ফেশ্বন উইকৰ লগতে লেকমে ফেশ্বন উইক তথা অন্যান্য জনপ্রিয় ফেশ্বন উইকতো বিশ্বৰ আগশাৰীৰ মডেল তথা অভিনেত্ৰীয়ে অসম কন্যা সংযুক্তা দত্তৰ থলুৱা আৰু আধুনিকতাৰ সংমিশ্ৰণৰ বস্ত্ৰ পৰিধানৰে ৰেম্পত খোজ দি সৃষ্টি কৰিছে অসমৰ থলুৱা শিপিনীৰ বস্ত্ৰ সম্ভাৰৰ আন এক সোণালী অধ্যায় ।

সংযুক্তা দত্তৰ পোছাকত আন্তঃৰাষ্ট্ৰীয় মডেল

লগতে পঢ়ক :গুৰু ৰন্ধৱা-শ্বেহনাজ গীলৰ মাজত পোখা মেলিছে নেকি প্ৰেমে, শেহতীয়া ভিডিঅ’ই দিলে তাৰেই ইংগিত

ABOUT THE AUTHOR

...view details