গুৰু ৰন্ধৱা-শ্বেহনাজ গীলৰ মাজত পোখা মেলিছে নেকি প্ৰেমে, শেহতীয়া ভিডিঅ’ই দিলে তাৰেই ইংগিত

author img

By

Published : Nov 19, 2022, 4:41 PM IST

Guru Randhawa

বৰ্তমান ডুবাইত আছেগৈ শ্বেহনাজ গীল আৰু গুৰু ৰন্ধাৱা ৷ এটা অনুষ্ঠানৰ বাবে ডুবাইলৈ যোৱা গুৰু-শ্বেহনাজে তেওঁলোকৰ আকস্মিক নৃত্যৰ ভিডিঅ'ৰে ছ'চিয়েল মিডিয়াত তোলপাৰ লগাইছে । ক্লিপটোত গুৰুৱে শ্বেহনাজক তেওঁৰ গান Moon Rise ত নৃত্য কৰোৱা দেখা গৈছে আৰু এতিয়া দুয়োৰে মাজৰ কেমেষ্ট্ৰীয়ে অনুৰাগীসকলৰ টোপনি কাঢ়িছে ৷ চাওক ভিডিঅ’টো-

চিটাৰা ডেস্ক, 19 নৱেম্বৰ : এনেকুৱা লাগে যেন শ্বেহনাজ গীলৰ গায়ক গুৰু ৰন্ধাৱাৰ সৈতে এক সুন্দৰ সম্পৰ্ক আছে । দেৱালীৰ পৰা তেওঁলোকৰ ধেমেলীয়া ভিডিঅ' আৰু ফটো অনলাইনত প্ৰকাশ হোৱাৰ কেইদিনমান পিছতে গুৰুৱে পুনৰ শ্বেয়াৰ কৰিছে শ্বেহনাজৰ সৈতে এটা নতুন ভিডিঅ’ । ভিডিঅ’টোৱে নেটিজেনক দিছে দুয়োৰে মাজত থকা প্ৰেমৰ ইংগিত ৷

ক্লিপটোত গুৰুৱে শ্বেহনাজক তেওঁৰ গীত মুন ৰাইজত নৃত্য কৰোৱা দেখা গৈছে । গুৰুৱে পোষ্টটোৰ কেপছনত লিখিছে, "পা গয়িয়ান শ্বমান নে উইথ মাই ফেভ @shehnaazgill.. আমি একেলগে এটা ভিডিঅ' কৰা উচিত নেকি" ৷ ভিডিঅ’টোত আনকি গুৰুৰ সৈতে নৃত্য কৰি থাকোঁতে শ্বেহনাজক লাজতে ৰঙা পৰি যোৱাও দেখা গৈছে । সেউজীয়া ষ্ট্ৰেপলেছ গাউনত অভিনেত্ৰী গৰাকী অত্যন্ত ধুনীয়া দেখা গৈছিল । গুৰুৱেও সেউজীয়া জেকেট পিন্ধি টুইনিং কৰিছিল প্ৰিয় তাৰকাগৰাকীৰ সৈতে ।

শ্বেহনাজ আৰু গুৰুৰ এই ভিডিঅ’টোৱে তেওঁলোকৰ অনুৰাগীক উৎসুক কৰি তুলিছে । সকলো জানিবলৈ উৎসুক হৈ পৰিছে দুয়োৰে মাজত আচলতে চলিছে কি ! "ৱা আ আহ, ইমান ধুনীয়া" বুলি মন্তব্য কৰে এজন ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে । "হেল ইয়েছ, ইউ ব’থ আৰ লুকিং ফায়াৰ ভিডিঅ' টোহ বান্টা হেই", আন এজনে লিখি এইদৰে । দুয়োজন বৰ্তমান ডুবাইত এটা অনুষ্ঠানৰ বাবে আছেগৈ ।

অক্টোবৰ মাহত গুৰুৱে শ্বেহনাজৰ সৈতে এটা মৰমলগা ভিডিঅ’ ছ’চিয়েল মিডিয়াত আপোলড কৰিছিল । ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা পোষ্টটোত শ্বেহনাজক গুৰুৰ সৈতে নাচি থকা দেখা গৈছিল । শ্বেহনাজক 'ভাৰতৰ প্ৰিয়' বুলি সম্বোধন কৰি তেওঁ লিখিছিল, "ভাৰতৰ প্ৰিয় @shehnaazgillৰ সৈতে । দীপাৱলীৰ শুভেচ্ছা থাকিল" ৷

বিগ বছ 13 ৰে খ্যাতি অৰ্জন কৰিছিল শ্বেহনাজে । ছাজিদ খানৰ 100% ছবিতো দেখা যাব তেওঁক । জন আব্ৰাহাম, ৰিতেশ দেশমুখ আৰু নোৰা ফাতেহীও এই ছবিখনৰ অংশ ।

লগতে পঢ়ক : Samantha Ruth Prabhu Naga Chaitanya:পুনৰ এক হোৱাৰ দিশে সামান্থা-নাগা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.