Samantha Ruth Prabhu Naga Chaitanya:পুনৰ এক হোৱাৰ দিশে সামান্থা-নাগা !

author img

By

Published : Nov 18, 2022, 5:01 PM IST

Samantha

প্ৰাক্তন স্বামী নাগা চৈতন্যৰ সৈতে পুনৰ এক হ’ব বিচাৰিছে নেকি সামন্থা ৰুথ প্ৰভুৱে ?অভিনেত্ৰী গৰাকীয়ে লোৱা এই সিদ্ধান্তই তাৰেই ইংগিত দিছে ৷ সবিশেষ আগলৈ-

চিটাৰা ডেস্ক, 18 নৱেম্বৰ : আল্লু অৰ্জুন অভিনীত ছবি ‘পুষ্পা-দ্য ৰাইজ’ৰ আইটেম নম্বৰ ‘উ আন্তৱা’ৰে সমগ্ৰ বিশ্বতে খলকনি তোলা দক্ষিণৰ চুপাৰহিট অভিনেত্ৰী সামান্থা ৰুথ প্ৰভুৱে অভিনেতা নাগা চৈতন্যৰ সৈতে বিবাহ বিচ্ছেদৰ পিছত বাতৰিৰ শিৰোনাম দখল কৰি আছে । ব্যক্তিগত আৰু পেছাদাৰী দুয়োটা দিশৰ পৰাই সামান্থা লাইমলাইটত আছে । শেহতীয়াকৈ তেওঁৰ ছবি ‘যশোদা’ৰ ট্ৰেইলাৰে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছিল আৰু ইয়াৰ মাজতে অভিনেত্ৰী গৰাকী Myositis ৰ বলি হোৱাৰ খবৰ আহিছিল । এই সময়ত তেওঁৰ শুভাকাংক্ষীসকলৰ লগতে সামান্থাৰ শহুৰেক আৰু প্ৰাক্তন স্বামী নাগা চৈতন্যকে ধৰি সকলোৱে তেওঁৰ স্বাস্থ্যৰ বিষয়ে সোধা-পোছা কৰিছিল । এতিয়া এই গোটেই বিষয়টোৰ সন্দৰ্ভত শেহতীয়া আপডেট আহিছে যে প্ৰাক্তন স্বামী নাগা চৈতন্যৰ পৰা সকলো অভিযোগ আঁতৰাই পুনৰ থিতাপি লোৱাৰ পৰিকল্পনা কৰিছে সামান্থাই (Samantha Ruth Prabhu Naga Chaitanya) ।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি যোৱা 8 নৱেম্বৰত নাগা চৈতন্যই প্ৰাক্তন পত্নী সামান্থাক তেওঁৰ স্বাস্থ্যৰ বিষয়ে সুধিছিল, তাৰ পিছত পুনৰবাৰ সামান্থাই নাগাৰ ফালে মন মেলিছে । নাগাই এনেদৰে তেওঁৰ স্বাস্থ্যৰ খবৰ লোৱা কথাটোৱে তেওঁৰ মনত পুনৰ একেলগে থকাৰ হেঁপাহ জগাই তুলিছে । জানিব পৰা মতে সামান্থাই সিদ্ধান্ত লৈছে যে নাগা আৰু তেওঁৰ পৰিয়ালৰ মাজত হোৱা সকলো পুৰণা কথা পাহৰি তেওঁ জীৱনত আগবাঢ়ি যোৱাৰ সিদ্ধান্ত লৈছে ।

কেতিয়া বিয়া হৈছিল সামান্থা-নাগাৰ

দীৰ্ঘদিনীয়া সম্পৰ্কৰ অন্তত 2017 চনত নাগা আৰু সামান্থাৰ বিয়া অতি ধুমধামেৰে পতা হৈছিল । দম্পতীহালৰ বিয়াত দক্ষিণ চলচ্চিত্ৰ উদ্যোগৰ প্ৰবীণ তাৰকা সকল উপস্থিত আছিল । বিয়াৰ পিছত সামান্থা আৰু নাগাৰ মাজত সকলো ঠিকেই চলি আছিল । বিয়াৰ চাৰিবছৰৰ পাছত এই ধুনীয়া দম্পতীয়ে বিচ্ছেদ কৰাৰ সিদ্ধান্ত লৈছিল । ছ’চিয়েল মিডিয়াত দুয়োৱেই পোষ্ট কৰি বিচ্ছেদৰ কথা ঘোষণা কৰিছিল ।

সামান্থা-নাগাৰ ৱৰ্কফ্ৰন্ট

দক্ষিণৰ ছবিজগতৰ সুদৰ্শন অভিনেতা নাগা চৈতন্যক বলীউডৰ ছবি লাল সিং চড্ডাত আমীৰ খানৰ সৈতে গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা গৈছিল । আনহাতে সামান্থা যশোদাৰ বাবে চৰ্চাত আছে । 11 নৱেম্বৰত মুক্তি লাভ কৰিছে ছবিখনে ।

লগতে পঢ়ক : হুবহু সামান্থা ৰুথ প্ৰভুৰ দৰেই এইগৰাকী বিগবছ-3 ৰ প্ৰতিযোগী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.