অসম

assam

HSLC Question paper leak: প্ৰশ্নকাকত ফাদিল হোৱাক লৈ ষষ্ঠ দিনাও উত্তাল সদনৰ মজিয়া

By

Published : Mar 17, 2023, 1:37 PM IST

Updated : Mar 17, 2023, 6:31 PM IST

ইখনৰ পাছত সিখনকৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা আৰু পৰীক্ষা বাতিল হোৱাক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে এক প্ৰতিবাদমুখৰ পৰিস্থিতিৰ । সমান্তৰালভাৱে চলিত অসম বিধানসভাৰ বাজেট অধিবেশনটো এই বিষয়টোৱে তোলপাৰ লগাইছে । অধইবেশনৰ ষষ্ঠ দিনাও এই প্ৰসংগকলৈ উত্তাল হৈ পৰিল সদন (Ruckus over HSLC question paper leak in Assam assembly) ।

HSLC Question paper leak
প্ৰশ্নকাকত ফাদিল হোৱাক লৈ ষষ্ঠ দিনাও উত্তাল সদনৰ মজিয়া

গুৱাহাটী,১৭ মাৰ্চ:হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ অসমীয়াৰ প্ৰশ্নকাকত ফাদিল হোৱাকলৈ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ ষষ্ঠ দিনা শুক্ৰবাৰেও সদনৰ মজিয়া উত্তাল হৈ পৰে(Ruckus over HSLC question paper leak in Assam assembly) । হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত বাৰে বাৰে ফাদিল হোৱাকলৈ বিৰোধীয়ে চৰকাৰক বিভিন্ন প্ৰশ্ন কৰি সদনৰ মজিয়া উত্তাল কৰি তোলে(Assam HSLC paper leaked) । একাংশ বিধায়কে সদনত শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ পদত্যাগৰ দাবী উত্থাপন কৰে ।

সদনত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া প্ৰশ্নকাকত ফাদিল হোৱা বিষয়ক লৈ প্ৰশ্ন কৰে যে বিজ্ঞান আৰু অসমীয়াৰ দৰে বাকী প্ৰশ্ন কাকত ফাদিল হৈছে নেকি ? যদি হৈছে পৰীক্ষা নতুনকৈ অনুষ্ঠিত কৰাৰ চৰকাৰে বিচাৰ কৰিছে নেকি বুলি তেওঁ প্ৰশ্ন কৰে(HSLC Exam Assamese Question Paper Leaked) । এই সন্দৰ্ভত সংসদীয় পৰিক্ৰমা বিভাগৰ‌ মন্ত্ৰী পীযুষ হাজৰীকাই কয়, "মই অতি গৰ্বৰে কও যে প্ৰশ্ন কাকত ফাদিল হোৱাৰ ঘটনাৰ মূল অভিযুক্তক আৰক্ষীয়ে তিনি দিনৰ ভিতৰত কৰায়ত্ত কৰিছে । অভিযুক্তগৰাকীয়ে বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ কথা আৰক্ষীৰ আগত স্বীকাৰো কৰিছে । লগতে অসমীয়া প্ৰশ্ন কাকতখনো ফাদিল কৰা বুলি স্বীকাৰ কৰিছে । বাকী কথাখিনি বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীয়ে‌ সদনত অৱগত কৰিছে । গতিকে এই ক্ষেত্ৰত মোৰ ক'ব লগা নাই (CM HBS on HSLC paper leak) ।"

ইয়াৰ পিছতে কংগ্ৰেছৰ বিধায়ক ৰকিবুল হুছেইনে প্ৰশ্নকাকত ফাদিল হোৱাৰ ঘটনা সম্পৰ্কত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সকলো পৰীক্ষা পুনৰ অনুষ্ঠিত কৰাৰ সন্দৰ্ভত শিক্ষা বিভাগে কিবা সিদ্ধান্ত লৈছে নেকি সেই সকলোবোৰ স্পষ্ট কৰাৰ বাবে শিক্ষামন্ত্ৰীক সংবাদমেল সম্বোধন কৰাৰ আহ্বান জনায় । শিক্ষামন্ত্ৰীয়ে এই প্ৰশ্নৰ উত্তৰ দিয়া আৰম্ভ কৰাৰ আগমূহুৰ্ততে কংগ্ৰেছৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থই সদনত প্ৰশ্ন কাকত ফাদিল হোৱাৰ ঘটনা সম্পৰ্কে মুখ্যমন্ত্ৰীয়ে ক্ষমা খোজাৰ কথা উল্লেখ কৰাৰ লগে লগে সংসদীয় পৰিক্ৰমা বিভাগৰ‌ মন্ত্ৰী পিয়ুষ হাজৰিকাই কংগ্ৰেছৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থক উভতি ধৰে ।

যাৰ‌ বাবে সদনত পুনৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ ঘটনালৈ এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় । পিছত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰি শিক্ষামন্ত্ৰীক উত্তৰ দিবলৈ আহ্বান জনায় । শিক্ষামন্ত্ৰী ৰণোজ পেগুয়ে জনায় যে বিজ্ঞানৰ আৰু অসমীয়াৰ প্ৰশ্ন কাকত ফাদিল হোৱা হেতু বিজ্ঞানৰ আৰু অসমীয়াৰ পৰীক্ষা পুনৰ নতুনকৈ অনুষ্ঠিত হ'ব । বাকী পৰীক্ষাৰ কোনো প্ৰশ্ন কাকত ফাদিল হোৱা নাই । আৰক্ষীয়ে এই সন্দৰ্ভত কোনো তথ্য দাখিল কৰা নাই । গতিকে হৈ যোৱা বাকী পৰীক্ষাবোৰ বাতিল কৰাৰ কোনো প্ৰশ্ন নুঠে বুলি সদনত শিক্ষামন্ত্ৰী ৰণোজ পেগুয়ে স্পষ্ট কৰি দিয়ে ।

লগতে পঢ়ক:HSLC Question paper leak: চৰকাৰ নে চাৰ্কাছ ? এই প্ৰশ্নৰে প্ৰশ্ন কাকত বাতিলক লৈ উত্তাল ডিব্ৰুগড়

Last Updated : Mar 17, 2023, 6:31 PM IST

ABOUT THE AUTHOR

...view details