ETV Bharat / state

সৌৰশক্তিৰ ব্যৱহাৰৰ সম্পৰ্কে প্ৰশিক্ষণ দিয়াৰ উদ্দেশ্যে মঙলদৈত ৰাজ্যিক ভিত্তিত কৰ্মশালা - Agricultural workshop in Mangaldoi

author img

By ETV Bharat Assamese Team

Published : Jun 11, 2024, 2:31 PM IST

Solar Irrigation Cultivation : মঙলদৈত কৃষিভিত্তিক কৰ্মশালা অনুষ্ঠিত । আই চি এ আৰ আটাৰি আৰু কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত যুটীয়াভাৱে অনুষ্ঠিত হয় কৰ্মশালাখনি ৷ স্থানীয় বিধায়ক, নাবাৰ্ডৰ বিষয়ববীয়াৰ লগতে শতাধিক কৃষকৰ অংশগ্ৰহণ ৷

Agricultural workshop jointly organized by krishi vigyan kendra and ICAR-ATARI in Mangaldoi
মঙলদৈত ৰাজ্যিক ভিত্তিক কৃষি কৰ্মশালা (ETV Bharat Assam)

দৰং, 11 জুন: মঙলদৈৰ হোটেল সিদ্ধাৰ্থ পেলেচত কৃষি বিজ্ঞান কেন্দ্ৰ আৰু আ ই চি এ আৰ আটাৰীৰ যৌথ উদ্যোগত সোমবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় এখন কৃষিভিত্তিক কৰ্মশালা । বিজ্ঞানভিত্তিক কৃষিপদ্ধতি সম্পৰ্কে আলোকপাত কৰা অনুষ্ঠানটিত সৌৰশক্তি ব্যৱহাৰ কৰি কেনেকৈ অধিক উৎপাদন কৰিব পাৰি আৰু ইয়াৰ দ্বাৰা কৃষকসকল কেনেকৈ উপকৃত হ’ব সেই সন্দৰ্ভত বিশদভাৱে কৰ্মশালাখনিত আলোচনা কৰা হয় ।

কৰ্মশালাখনিত এডোখৰ কৃষিভূমিত বিজ্ঞানভিত্তিক পদ্ধতিৰে কেনেকৈ একাধিকবাৰ কৃষি কাৰ্য কৰিব পাৰি, কেনেকৈ অধিক উৎপাদন কৰিব পাৰি, কেনেকৈ পানী সংৰক্ষণ কৰিব পাৰি, কেনেকৈ সৌৰশক্তি ব্যৱহাৰ কৰিব পাৰি আদি ভিন্ন দিশ সামৰি আলোচনা কৰা হয় ।

উল্লেখিত বিষয়বোৰৰ উপৰিও প্ৰাকৃতিক শক্তি কেনেকৈ ব্যৱহাৰৰ উপযোগী কৰিব পাৰি, সেই সন্দৰ্ভতো তাত উপস্থিত থকা সমল ব্যক্তিসকলে আলোচনা কৰে ।

অনুষ্ঠানটিত আই চি এ আৰ আটাৰিৰ সঞ্চালক ড৹ জি কাদিৰৱেল, মুখ্য বিজ্ঞানী ৰাজেশ কুমাৰ, জ্যেষ্ঠ আলোচক পাৰবীন চাজ্জাদ, দৰঙৰ জিলা উন্নয়ন আয়ুক্ত পংকজ ডেকা, মঙলদৈৰ প্ৰাক্তন বিধায়ক তথা মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস, নাবাৰ্ডৰ জেনেৰেল মেনেজাৰ নবীন কুমাৰ ৰয়, সহকাৰী জেনেৰেল মেনেজাৰ শংকৰ দাস, কৃষি বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী ড৹ আব্দুল হাফিজৰ লগতে কেইবাগৰাকীও বিশিষ্ট অতিথি উপস্থিত থাকে ।

কৃষিভিত্তিক কৰ্মশালাখনিত দৰং জিলাৰ শতাধিক কৃষকে অংশগ্ৰহণ কৰে বুলি উদ্যোক্তাসকলে জনায় । এই কৰ্মশালাখনিৰ দ্বাৰা অংশগ্ৰহণকাৰী প্ৰতিগৰাকী কৃষক উপকৃত হয় বুলি মত প্ৰকাশ কৰে আয়োজকসকলে । এই কৰ্মশালাৰ জৰিয়তে পানীৰ অভাৱত কৃষিকাৰ্য কৰাত সমস্যাৰ সন্মুখীন হোৱা ৰাজ্যৰ খেতিয়কসকলো উপকৃত হোৱাৰ আশা প্ৰকাশ কৰিছে আয়োজক মণ্ডলীয়ে ৷

লগতে পঢ়ক: বানত বিনষ্ট শ শ হেক্টৰ ভূমিৰ বৰোধান : চকুলো টুকিছে কৃষকে - ASSAM FLOOD 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.