ETV Bharat / state

ৰাজ্যৰ দুই পৃথক স্থানত পথ দুৰ্ঘটনা : ৰঙিয়াত মহিলা নিহত - Road accident in Assam

author img

By ETV Bharat Assamese Team

Published : Jun 11, 2024, 2:19 PM IST

National Highway blocked: ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সূতাৰকুছিত পথ দুৰ্ঘটনা । ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ ক্ষুব্ধ ৰাইজৰ ।

National Highway blocked
ৰঙিয়াত শোকাৱহ পথ দুৰ্ঘটনা (ETV BHARAT ASSAM)

ৰঙিয়া/জোনাই, ১১ জুন: ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সূতাৰকুছিত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা । এখন দ্ৰুতবেগী বাইকে খুন্দিওৱাত থিতাতে নিহত হয় ৰাণী বেগম (৪৫) নামৰ এগৰাকী মহিলা । ইয়াৰ পিচতেই ৰাইজে অৱৰোধ কৰে ঘাইপথটো ।

ঘটনাৰ বিৱৰণী অনুসৰি, ৰঙিয়াৰ কেন্দুকোনা বামুণগাঁও নিবাসী ৰাণী বেগমে ঘাইপথ অতিক্ৰম কৰিবলৈ লওতেই গুৱাহাটী অভিমুখী AS 01 FA 4058 নম্বৰৰ বাইকখনে প্ৰচণ্ড জোৰে খুন্দিওৱাত বহু দূৰৈত চিটিকি পৰে মহিলাগৰাকী । থিতাতে নিহত হয় ৰাণী বেগম ৷

আনহাতে, দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় বাইক আৰোহীজন । স্থানীয় ৰাইজে ততাতৈয়াকৈ গুৰুতৰভাৱে আহত বাইক আৰোহীজনক ৰঙিয়াৰ এখন চিকিৎসালয়ত ভৰ্তি কৰায় । পিছত তাৰপৰা সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে ।

ইফালে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ আধাঘণ্টাৰ পিছতো ঘটনাস্থলীত আৰক্ষী উপস্থিত নোহোৱাত ক্ষুব্ধ হৈ পৰে স্থানীয় লোক । শতাধিক লোকে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

আনহাতে, জোনাইতো সংঘটিত হৈছে এক দুৰ্ঘটনা ৷ জোনাইৰ লাইমেকুৰীৰ ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষতে থকা এটা বিদ্যুতৰ খুঁটাত খুন্দিয়াই সম্পূৰ্ণৰূপে বিধ্বস্ত হয় এখন বাহন ৷ এই দুৰ্ঘটনাত অৱশ্যে কথমপি প্ৰাণৰক্ষা পৰে চালকজনৰ ৷

জানিব পৰা মতে, জোনাইৰ ব্যৱসায়ী বিনয়সেন গুপ্তাই সোমবাৰে দুপৰীয়া AR 09 B 8000 নম্বৰৰ বাহনখনেৰে চিলাপথাৰৰ পৰা জোনাই অভিমুখে আহি থকা অৱস্থাত হঠাতে নিয়ন্ত্ৰণ হেৰুৱাই বিদ্যুতৰ খুঁটাত খুন্দিওৱাত বিদ্যুতৰ খুঁটাতো বাহনখনৰ ওপৰত পৰি দুৰ্ঘটনাটো সংঘটিত হয় ।

লগতে পঢ়ক:ডাম্পাৰ-বাইকৰ সংঘৰ্ষত প্ৰাণ হেৰুৱালে এজনে

37 নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনাত এজনৰ মৃত্যু ; ভাগি চূৰমাৰ বাহন - Accident in Dergaon

তীব্ৰবেগী ট্ৰাকে মহতিয়ালে আৰক্ষীক দলক, এজনৰ অৱস্থা সংকটজনক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.