অসম

assam

মহানগৰীত দশেৰাত ১১১ ফুট উচ্চতাৰ ৰাৱণ দাহন

By

Published : Sep 20, 2022, 9:44 PM IST

Updated : Sep 20, 2022, 10:34 PM IST

বিজয়া দশমীৰ দিনা মহানগৰীৰ নেহৰু ষ্টেডিয়ামত দাহন কৰা হ'ব ১১১ ফুট উচ্চতাৰ ৰাৱণ(Ravana of 111 feet height in Guwahati)। দৰঙৰ চিত্ৰ শিল্পী ছফিকুল ইছলাম চাফিৰ নেতৃত্বত ৰাৱণ দাহনৰ বাবে ৰাৱণৰ মূৰ্তি ক্ষীপ্ৰ গতিত নিৰ্মাণ কৰি থকা হৈছে ।

Ramlila at Nehru Stadium
মহানগৰীত দশেৰাত ১১১ ফুট উচ্চতাৰ ৰাৱন দাহন

গুৱাহাটী, ২০ ছেপ্টেম্বৰ:শাৰদীয় দুৰ্গা পূজালৈ মাজত মাথো(Durga Puja 2022 in Assam) কেইদিনমান বাকী। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো ব্যাপক আয়োজন চলিছে দুৰ্গা পূজাৰ । দুৰ্গা পূজাৰ দশমীৰ লগত সংগতি ৰাখি ৰাজ্যজুৰি পালন কৰা হয় দশেৰা উৎসৱ । এইবাৰ দশেৰাত মহানগৰীত ১১১ ফুট উচ্চতাৰ ৰাৱণ দাহন কৰা হ'ব(Ravana will be burnt at Guwahati) । উল্লেখ্য় যে অসম বিজয়া দশমী মহোৎসৱ সমিতিয়ে ৫ আক্টোবৰত নেহৰু ষ্টেডিয়ামত ৰামলীলাৰ(Ramlila at Nehru Stadium) লগতে ৰাৱণ দাহনৰ আয়োজন কৰিছে ।

আহা ৫ ছেপ্টেম্বৰ অৰ্থাৎ বিজয়া দশমীৰ দিনা মহানগৰীৰ নেহৰু ষ্টেডিয়ামত ৰাৱণ দাহন কৰা হ'ব । দৰঙৰ চিত্ৰ শিল্পী ছফিকুল ইছলাম চাফিৰ নেতৃত্বত ৰাৱণ দাহনৰ বাবে ৰাৱণৰ মূৰ্তি ক্ষীপ্ৰ গতিত নিৰ্মাণ কৰা হৈছে । ইতিমধ্যে ৭০ শতাংশ কাম সম্পূৰ্ণ হৈছে । কাগজ ,কাপোৰ আৰু বাঁহেৰে নিৰ্মাণ কৰা হৈছে ১১১ ফুট উচ্চতাৰ ৰাৱণ । লগতে ৯ খন ৰাৱণৰ মুখ নিৰ্মাণ কৰা হৈছে । তদুপৰি ৬০ ফুট উচ্চতাৰ কুম্ভকৰ্ণ আৰু মেঘনাথৰ মূৰ্তিও নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছে ।

মহানগৰীত দশেৰাত ১১১ ফুট উচ্চতাৰ ৰাৱন দাহন

এই বিষয় সন্দৰ্ভত চিত্ৰ শিল্পী ছফিকুল ইছলাম চাফিৰ নেতৃত্বত থকা ৫ জনীয়া দলটোৰ সদস্য বকুল বৰাই কয় যে যোৱা আঢ়ৈ মাহৰ পৰা প্ৰস্তুতি কৰা হৈছে । বিগত ১৫ দিনৰ পৰা নেহৰু ষ্টেডিয়ামত কাম কৰি থকা হৈছে । দুই অক্টোবৰৰ ভিতৰত সম্পূৰ্ণ কৰাৰ পৰিকল্পনা কৰিছে । ২০১৭ চনত ফাঁচী বজাৰ পুৰণি জেইলৰ চৌহদটো ৭৫ ফুট উচ্চতাৰ ৰাৱণৰ মূৰ্তি নিৰ্মাণ কৰা হৈছিল । কিন্তু এইবাৰ ১১১ ফুট উচ্চতাৰ ৰাৱণৰ মূৰ্তি নিৰ্মাণ কৰা হ'ব ।

লগতে পঢ়ক:অহা ২৩ ছেপ্টেম্বৰত শিক্ষা বিভাগত নতুন নিযুক্তি

Last Updated :Sep 20, 2022, 10:34 PM IST

ABOUT THE AUTHOR

...view details