অসম

assam

Protest in Guwahati: আজিৰ সময়ত বিশ্বৰ ভিতৰত ভাৰতৰ নাৰী অসুৰক্ষিত; মীৰা বৰঠাকুৰ

By

Published : May 9, 2023, 10:34 PM IST

Protest by assam mohila congress

যোৱা ২৩ এপ্ৰিলৰ পৰা দিল্লীৰ যন্তৰ-মন্তৰত প্ৰতিবাদী মল্লযোদ্ধাৰ ধৰ্মঘট কাৰ্যসূচী (Wrestlers Protest at Jantar Mantar) অব্যাহত আছে। গুৱাহাটী ৰাজীৱ ভৱনৰ সন্মুখত প্ৰদেশ মহিলা কংগ্ৰেছৰ নেত্রীসকলে হাতে হাতে মমবাতি লৈ মল্লযুঁজাৰুসকলৰ ন্যায় হকে দাবী উত্থাপন কৰে (Assam Mohila Congress protest)৷

আজিৰ সময়ত বিশ্বৰ ভিতৰত ভাৰতৰ নাৰী অসুৰক্ষিত

গুৱাহাটী, ৯ মে' :দিল্লীৰ সাংসদ মাৰ্গৰ যন্তৰ-মন্তৰত ন্যায়ৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰি থকা দেশৰ মহিলা মল্লযুঁজাৰুসকলৰ সমৰ্থনত মঙলবাৰে প্ৰদেশ মহিলা কংগ্ৰেছে গুৱাহাটীত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে (Assam Mohila Congress protest)। গুৱাহাটী ৰাজীৱ ভৱনৰ সন্মুখত প্ৰদেশ মহিলা কংগ্ৰেছৰ নেত্রীসকলে হাতে হাতে মমবাতি লৈ মল্লযুঁজাৰুসকলৰ ন্যায় হকে দাবী উত্থাপন কৰে ৷ গুৱাহাটী মহানগৰ জিলা মহিলা কংগ্ৰেছৰ উদ্যোগত গুৱাহাটীৰ ৰাজীৱ ভৱনত এক 'হাতে হাতে মমবাতি লৈ সমদল' কাৰ্যসূচী ৰূপায়ন কৰা হয় (Candle March in Guwahati)।

প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্রী মীৰা বৰঠাকুৰে কয় যে, মোডী চৰকাৰে বেটী বচাও, বেটী পঢ়াও কয় (Mira Borthakur on Wrestlers Protest) ৷ কিন্তু ইমান দিন ধৰি ন্যায়ৰ হকে প্ৰতিবাদ কৰি থকা দেশৰ তাৰকা মল্লযোদ্ধাসকলৰ খবৰ ল'ব পৰা নাই । আৰক্ষীয়ে এতিয়াও অভিযুক্ত ৰেষ্টলাৰ্ছ ফেডাৰেচন অব ইণ্ডিয়াৰ মুৰব্বী ব্ৰীজ ভূষণ চৰণ সিঙক কৰায়ক্ত কৰিব পৰা নাই । আজিৰ সময়ত বিশ্বৰ ভিতৰত ভাৰতৰ নাৰী অসুৰক্ষিত ৷

ন্যায়ৰ হকে যন্তৰ-মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰি থকা দেশৰ খ্যাতিমান মহিলা মল্লযুঁজাৰু সকলক ন্যায় দিয়াৰ দাবীত আজি মহিলা কংগ্ৰেছে এই কাৰ্যসূচী ৰূপায়ণ কৰে বুলি তেওঁ কয় । তেওঁ লগতে কয় যে বিজেপি চৰকাৰে নাৰীৰ সুৰক্ষাৰ কথা কয় যদিও মোডী চৰকাৰে নাৰীক সুৰক্ষা দিয়াত সম্পূৰ্ণ ব্যৰ্থ হৈছে ৷ বিজেপিৰ সাংসদ হোৱাৰ বাবে ব্ৰীজভূষণক গ্ৰেপ্তাৰ কৰা হোৱা নাই নেকি বুলি প্ৰশ্ন উত্থাপন কৰে কংগ্ৰেছী নেত্ৰীগৰাকীয়ে ৷

উল্লেখ্য যে, যোৱা ২৩ এপ্ৰিলৰ পৰা দিল্লীৰ যন্তৰ-মন্তৰত প্ৰতিবাদী মল্লযোদ্ধাৰ ধৰ্মঘট কাৰ্যসূচী (Wrestlers Protest at Jantar Mantar) অব্যাহত আছে। ভাৰতীয় কুস্তি ফেডাৰেচনৰ সভাপতিৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ আনি তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত প্ৰতিবাদত বহিছে দেশৰ কেইবাগৰাকীও আগশাৰীৰ মল্লযুঁজাৰু (WFI chief Brij Bhushan Sharan Singh) ।

লগতে পঢ়ক:Wrestlers Protest at Jantar Mantar : মল্লযোদ্ধাৰ প্ৰতিবাদস্থলীৰ বেৰিকেড ভাঙিলে কৃষকে

ABOUT THE AUTHOR

...view details