Wrestlers Protest at Jantar Mantar : মল্লযোদ্ধাৰ প্ৰতিবাদস্থলীৰ বেৰিকেড ভাঙিলে কৃষকে

author img

By

Published : May 8, 2023, 9:28 PM IST

Wrestlers Protest at Jantar Mantar

নতুন দিল্লীৰ উপ-আৰক্ষী আয়ুক্ত প্ৰণৱ টাৱালে জনোৱা মতে, কিছুসংখ্যক কৃষক ধৰ্ণাস্থলীত উপস্থিত হ'বলৈ খৰখেদা কৰাৰ সময়তে ঘটনাটো সংঘটিত হয় (Farmers break through barricades at Jantar Mantar) ।

নিউজ ডেস্ক, ৮ মে' : দিল্লীৰ যন্তৰ-মন্তৰত চলি আছে প্ৰতিবাদী মল্লযোদ্ধাৰ ধৰ্মঘট কাৰ্যসূচী (Wrestlers Protest at Jantar Mantar) । ভাৰতীয় কুস্তি ফেডাৰেচনৰ সভাপতিৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ আনি তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত প্ৰতিবাদত বহিছে দেশৰ কেইবাগৰাকীও আগশাৰীৰ মল্লযুঁজাৰু (WFI chief Brij Bhushan Sharan Singh) । সোমবাৰে আৰক্ষীৰ বেৰিকেড ভাঙি ৰেষ্টলাৰ্ছ ফেডাৰেচন অব ইণ্ডিয়াৰ মুৰব্বী ব্ৰীজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে মল্লযোদ্ধাসকলৰ প্ৰতিবাদত যোগদান কৰে কেইবাজনো কৃষকে (protest against WFI chief) ।

অভিযোগ অনুসৰি, কৃষকসকলে বলপূৰ্বকভাৱে ধৰ্ণাস্থলীত প্ৰৱেশৰ চেষ্টা কৰাৰ সময়ত এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় । অৱশ্যে দিল্লী আৰক্ষীয়ে ঘটনাস্থলীত কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱাৰ কথা অস্বীকাৰ কৰে । কিন্তু প্ৰকাশিত ভিডিঅ'বোৰত কৃষকসকলক বেৰিকেডত উঠি থকা আৰু আনকি প্ৰতিবাদস্থলীত প্ৰৱেশ কৰাৰ বাবে তেওঁলোকৰ কিছুমানক টানি নিয়া আৰু ঠেলি দিয়াও দেখা গৈছে (Farmers break through barricades at Jantar Mantar) ।

ইফালে উপ-আৰক্ষী আয়ুক্ত (নতুন দিল্লী) প্ৰণৱ টাৱালে প্ৰকাশ কৰা মতে, কেইজনমান কৃষকে ধৰ্ণাস্থলীত উপস্থিত হ'বলৈ হেঁচা-ঠেলা কৰাৰ সময়তে এই ঘটনাটো সংঘটিত হয় । কৃষকসকলক ধৰ্ণাস্থলীলৈ লৈ যোৱাৰ বাবে বেৰিকেডবোৰ আঁতৰ কৰা হৈছিল আৰু তাত বৈঠকখন শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈছিল বুলিও তেওঁ লগতে কয় ।

"কৃষকৰ এটা দলক যন্তৰ-মন্তৰলৈ লৈ যোৱা হৈছিল । কিন্তু প্ৰৱেশ স্থানত থকা বেৰিকেডত তেওঁলোকে ধৰ্ণাস্থলীত উপস্থিত হ'বলৈ খৰধৰ কৰে আৰু তেওঁলোকৰ মাজৰ কিছু লোকে বেৰিকেডবোৰ বগৰাই আঁতৰ কৰি তাত বগাবলৈ আৰম্ভ কৰে । আৰক্ষীয়ে তেওঁলোকৰ প্ৰৱেশৰ সুবিধাৰ বাবে বেৰিকেডবোৰ নিলগাই কাষৰতে ৰাখিছিল ।" ডিচিপিয়ে এটা টুইটত কয় (WFI chief sexual harassment case) ।

তেওঁ লগতে কয়, "প্ৰতিবাদকাৰীসকল ধৰ্ণাস্থলীত উপস্থিত হৈছে আৰু বৈঠক শান্তিপূৰ্ণভাৱে চলি আছে ।" আনহাতে, আৰক্ষীয়ে এই কথা জোৰ দি কয় যে প্ৰতিবাদকাৰীসকলৰ সৈতে কোনো ধৰণৰ সংঘৰ্ষ হোৱা নাছিল । বৰং উক্ত স্থানত থকা আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক সহায়হে কৰি আছিল আৰু শান্তিপূৰ্ণ সমাবেশ নিশ্চিত হোৱাত সহায় কৰিছিল । "সকলোকে ভুৱা বাতৰিত বিশ্বাস নকৰিবলৈ অনুৰোধ কৰা হৈছে । যন্তৰ-মন্তৰত প্ৰতিবাদকাৰীসকলক সুবিধা প্ৰদান কৰা হৈছে । সুৰক্ষা নিশ্চিত কৰিবলৈ ডিএফএমডিৰ জৰিয়তে প্ৰৱেশ নিয়ন্ত্ৰণ কৰা হৈছে । অনুগ্ৰহ কৰি শান্তিপূৰ্ণ হৈ থাকক আৰু আইন মানি চলিব ।" দিল্লী আৰক্ষীৰ অফিচিয়েল টুইটাৰ হেণ্ডেলৰ এটা টুইটত এই কথা কোৱা হৈছে ।

উল্লেখ্য যে, মল্লযোদ্ধাসকলে ২৩ এপ্ৰিলৰ পৰা যন্তৰ-মন্তৰত WFI প্ৰধানৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ তুলি তেওঁৰ ওপৰত ব্যৱস্থা গ্ৰহণৰ দাবীত ধৰ্মঘটত বহি আছে । আনহাতে, প্ৰতিবাদকাৰী মল্লযোদ্ধাসকলক সমৰ্থন আগবঢ়াবলৈ বৃহৎ সংখ্যক কৃষক প্ৰতিবাদস্থলীত গৈ একত্ৰিত হয় ।

লগতে পঢ়ক :Bhupesh Baghel over liquor scam : কেন্দ্ৰীয় সংস্থাসমূহক বিজেপিৰ এজেণ্ট আখ্যা ভূপেশ বাঘেলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.