অসম

assam

Droupadi Murmu in Assam : IIT গুৱাহাটী দেশৰ বাবে গৌৰৱ: দ্ৰৌপদী মুর্মু

By

Published : Oct 13, 2022, 9:44 PM IST

দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ আহিল দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ৷ গুৱাহাটীত উপস্থিত হৈয়ে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে আই আই টি গুৱাহাটীত আয়োজিত এক বিশেষ অনুষ্ঠানত অংশগ্ৰহণ (President Droupadi Murmu at IIT Guwahati) ৷

President Droupadi Murmu at IIT Guwahati
অসমলৈ আহিল দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু

গুৱাহাটী, 13 অক্টোবৰ :অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ অৱদান দেশৰ বাবে অতি গুৰুত্বপূৰ্ণ । অসম তথা উত্তৰ পূৰ্বাঞ্চলে দেশৰ উন্নতিৰ ক্ষেত্ৰত বিভিন্ন ধৰণে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায় আহিছে । বৃহস্পতিবাৰে আই আই টি গুৱাহাটীৰ এক বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুর্মুৱে (President Droupadi Murmu at IIT Guwahati) ।

অসমলৈ আহিল দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু

অনুষ্ঠানতে ৰাষ্ট্ৰপতিগৰাকীয়ে আই আই টি গুৱাহাটীৰ চৌহদত ছুপাৰ কম্পিউটাৰ সুবিধা থকা ‘‘পৰম কামৰূপা’’ উদ্বোধন কৰে । লগতে তেওঁ এটা অত্যাধুনিক গৱেষণাগাৰো মুকলি কৰে । ইয়াৰ উপৰি তেওঁ ভার্চুৱেলী ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালখন উদ্বোধন কৰাৰ লগতে ডিব্ৰুগড় আৰু জবলপুৰত স্থাপন কৰিবলগীয়া ৰাষ্ট্ৰীয় ভাইৰোলজী প্ৰতিষ্ঠানৰো আধাৰশিলা স্থাপন কৰে ।

অনুষ্ঠানত ভাষণ দি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুর্মুয়ে কয় যে, অসম তথা উত্তৰ পূৰ্বাঞ্চলে গৱেষণা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত নতুন দিগন্তৰ সূচনা কৰিব লাগিব । যাৰ জৰিয়তে দেশে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰা ভৱিষ্যতে অধিক উদ্যম পাব । ৰাষ্ট্ৰপতি দ্ৰৌপদী মুর্মুৱে ভাষণ প্ৰসংগত অসমৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু ব্ৰহ্মপুত্ৰৰ বিশালতাৰ প্ৰংশসা কৰি কয় যে, অসম বিভিন্ন দিশত আগুৱাই গৈছে ।

তেওঁ কয় যে, আই আই টি গুৱাহাটী দেশৰ বাবে গৌৰৱ । আই আই টি গুৱাহাটীয়ে গৱেষণা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত যথেষ্ট অৱদান আগবঢ়ায় আহিছে । ছুপাৰ কম্পিউটাৰ সুবিধা থকা ‘‘পৰম কামৰূপাৰ জৰিয়তে artificial intelligent, big data anylisis, weather prediction, disaster management আদিৰ গৱেষণাৰ ক্ষেত্ৰত নতুন দিগন্তৰ সূচনা কৰিব । তেওঁ কয় যে, আই আই টি গুৱাহাটীক জ্ঞান সৃষ্টিৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিব লাগিব ।

লগতে পঢ়ক :Droupadi Murmu Assam visit : গুৱাহাটীত উপস্থিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুর্মু

অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আই আই টি গুৱাহাটীৰ অৱদানৰ কথা উল্লেখ কৰি কয় যে, ৰাজ্য চৰকাৰে আই আই টি গুৱাহাটীৰ জৰিয়তে স্বাস্থ্য সেৱা দিশত বিভিন্ন গৱেষণামূলক কাম কৰি আছে । তেওঁ কয় যে, 2014 চনৰ পৰা নৰেন্দ্ৰ মোডী দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ পিচৰ পৰা অসমৰ স্বাস্থ্য খণ্ডৰ যথেষ্ট উন্নয়ন সাধন হৈছে ।

২০১৪ চনত অসমত মাত্ৰ ৬ খন চিকিৎসা মহাবিদ্যালয় আছিল । এতিয়া ধুবুৰী চিকিৎসা মহাবিদ্যালয় ধৰি অসমত 9 খন চিকিৎসা মহাবিদ্যালয় হৈছে । এতিয়া অসমত 1200 এম বি এছ এছৰ আসন হৈছে । অহা পাচবছৰত অসমত নতুনকৈ 15 খন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কৰা হ’ব । তেতিয়া অসমত 2700 এম বি এছ এছৰ আসন হ’ব ।

তেওঁ কয় যে, 2017 চনত ধুবুৰীৰ চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰা হৈছিল । 108 বিঘা ভূমিত 509 কোটি টকাৰে নিৰ্মাণ কৰা ধুবুৰীৰ চিকিৎসা মহাবিদ্যালয়ত বৰ্তমান 24 টা চিকিৎসা বিভাগ আছে । 100 খন এম বি এছ এছৰ আসন আছে । অনুষ্ঠান ৰাজ্যপাল অধ্যাপক জগদীশ মুখী উপস্থিত আছিল ।

ভাষণত তেওঁ আই আই টি গুৱাহাটীৰ অৱদান আৰু অসম স্বাস্থ্য সেৱাৰ সম্পৰ্কত চমু ভাষণ দিয়ে । উল্লেখ্য যে, দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা ৰাষ্ট্ৰপতি দ্ৰৌপদী ইয়াৰ পাছত সন্ধিয়া তেওঁ খানাপাৰাত থকা অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হ’বলগীয়া সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰে ।

তাৰ পিছত তেওঁ কইনাধৰাত থকা ৰাজ্যিক অতিথিশালাত নিশা কটাব । শুক্ৰবাৰে তেওঁ পুৱা মা কামাখ্যা মন্দিৰ দৰ্শন কৰাৰ পাচত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’বলগীয়া ৰাজ্য চৰকাৰৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব ।

লগতে পঢ়ক :President in Tripura: ৰাষ্ট্ৰপতিয়ে মুকলি কৰিলে দুখনকৈ ৰেলসেৱা

ABOUT THE AUTHOR

...view details