ETV Bharat / bharat

President in Tripura: ৰাষ্ট্ৰপতিয়ে মুকলি কৰিলে দুটাকৈ নতুন ৰেলসেৱা

author img

By

Published : Oct 13, 2022, 8:04 PM IST

Updated : Oct 13, 2022, 10:26 PM IST

President in Tripura
ৰাষ্ট্ৰপতিয়ে মুকলি কৰিলে দুখনকৈ সম্প্ৰসাৰিত ৰেলসেৱা

ত্ৰিপুৰাত দুটাকৈ ৰেলসেৱা শুভাৰম্ভ ৰাষ্ট্ৰপতি দ্ৰৌপদ্ৰী মুৰ্মুৰ(President flags off two trains in Tripura) ৷ আগৰতলা ৰেল ষ্টেচনৰ পৰা পুৱা ৯.২৫ বজাত ৰাষ্ট্ৰপতিয়ে শুভাৰম্ভ কৰে এই ৰেলসেৱা । আগৰতলাৰ পৰা জিৰিবাম হৈ মণিপুৰৰ খোংচাংলৈকে চলিব জন শতাব্দী এক্সপ্ৰেছ ৷ আনহাতে আগৰতলালৈ সম্প্ৰসাৰিত গুৱাহাটী-কলকাতা-গুৱাহাটী ৰেলসেৱা ৷

আগৰতলা, ১৩ অক্টোবৰ: ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে উত্তৰ পূব ভ্ৰমণৰ দ্বিতীয় দিনা ত্ৰিপুৰা ৰাজধানী আগৰতলা ৰেল ষ্টেচনত শেহতীয়াকৈ সম্প্ৰসাৰিত হোৱা দুখন ৰেলৰ শুভাৰম্ভ কৰে(President Droupadi Murmu in Tripura) । ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ড৹ মানিক সাহা, উপ মুখ্যমন্ত্ৰী জিষ্ণু দেৱবৰ্মা, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিক, সাংসদ ৰেৱতি ত্ৰিপুৰাৰ লগতে অন্যান্য বিধায়কসকল উপস্থিতি ৰেল দুখনৰ ফ্লেগ অফ কৰে ৰাষ্ট্ৰপতি মুৰ্মুয়ে ৷

ৰাষ্ট্ৰপতিয়ে মুকলি কৰিলে দুখনকৈ ৰেলসেৱা

ৰাষ্ট্ৰপতিগৰাকীয়ে আগৰতলাৰ পৰা জিৰিবাম হৈ মণিপুৰৰ খোংচাংলৈকে চলিবলগীয়া জন শতাব্দী এক্সপ্ৰেছ(Agartala-Khongsang Janshatabdi Express) আৰু আগৰতলালৈ সম্প্ৰসাৰিত গুৱাহাটী-কলকাতা-গুৱাহাটী ৰেলখনৰ সেৱা শুভাৰম্ভ কৰে ৷ ৰে'লখনে ১৪ অক্টোবৰৰ পৰা সোমবাৰ, বুধবাৰে আৰু শুকুৰবাৰে নিয়মীয়া যাত্ৰা আৰম্ভ কৰিব ৷ এই ৰেললাইনৰ শাখাটো জিৰিবাম-ইম্ফলৰ নতুন লাইন প্ৰকল্পৰ অধীনত নতুনকৈ নিৰ্মাণ কৰা হৈছে ।

President in Tripura
ৰাষ্ট্ৰপতিয়ে মুকলি কৰিলে দুখনকৈ সম্প্ৰসাৰিত ৰেলসেৱা

এই ৰেলসেৱা সম্প্ৰসাৰিত হোৱাৰ ফলত যাত্ৰাৰ সময় পূৰ্বৰ সময়তকৈ আধা কম হ’ব ৷ পূৰ্বে ১৫ ঘণ্টাৰ পৰিবৰ্তে যাত্ৰীসকলে এতিয়া সাত ঘণ্টাতে যাত্ৰা কৰিব পাৰিব ৷ জন শতাব্দীত যাত্ৰীসকলৰ বাবে শেহতীয়া সুবিধাৰ সৈতে নতুন লিংকে হফমান বুছ ডবা থাকিব । তদুপৰি এই ৰেলখনত এটা ভিষ্টাডোম ডবাও সংযোগ কৰা হৈছে ।

উল্লেখ্য যে, দেশৰ বাকী প্ৰান্তৰ সৈতে আগৰতলাৰ ৰেল সংযোগ অধিক উন্নত কৰাৰ বাবে উত্তৰ-পূব সীমান্ত ৰেলৱেই আগৰতলা পর্যন্ত গুৱাহাটী-কলকাতা-গুৱাহাটী এক্সপ্ৰেছ ৰেলখনৰ সেৱা সম্প্ৰসাৰিত কৰাৰ সিদ্ধান্ত লয়(NFR to extend Guwahati Kolkata train service) । আজি উদ্বোধন কৰা আগৰতলা-কলকাতা বিশেষ ৰেলখন পুৱা ৯.২৫ বজাত আগৰতলা ষ্টেচনৰ পৰা ৰাওনা হৈছে ৷ ৰেলখন ১৪ অক্টোবৰৰ সন্ধিয়া ৬.৫০ বজাত কলকাতাত গৈ উপস্থিত হ’ব ।

ওভতনি যাত্ৰাৰ দিশত, ৰেলখন ১৪ অক্টোবৰত নিশা ১০.০০ বজাত কলকাতাৰ পৰা যাত্ৰা আৰম্ভ কৰি ১৬ অক্টোবৰত ৮.০০ বজাত আগৰতলাত আহি উপস্থিত হ’ব । এই উদ্বোধনী বিশেষ ৰেলখন নিউ কৰিমগঞ্জ, নিউ হাফলং, গুৱাহাটী, গোৱালপাৰা টাউন, কোকৰাঝাৰ, নিউ কোচবিহাৰ, কিষাণগঞ্জ, কাটৱা আৰু বান্দেলৰ পথেৰে চলাচল কৰিব । ৰেলখন ১৪ টা ডবাৰ সৈতে চলিব ।

এই ৰেলসেৱা মুকলি কৰাৰ পিছত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে বিমানযোগে গোমতী জিলাৰ উদয়পুৰৰ মাতা ত্ৰিপুৰা সুন্দৰী মন্দিৰত উপস্থিত হয় ৷ মাতা ত্ৰিপুৰা সুন্দৰী মন্দিৰত পূজা আগবঢ়োৱাৰ পাছত অসমলৈ ৰাওনা হয় ৰাষ্ট্ৰপতি মুৰ্মু ।

লগতে পঢ়ক : আগৰতলা পর্যন্ত সম্প্ৰসাৰণ গুৱাহাটী-কলকাতা-গুৱাহাটী এক্সপ্ৰেছ ৰেলসেৱা

Last Updated :Oct 13, 2022, 10:26 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.