অসম

assam

জেহাদী আমজাদৰ বাসগৃহত পুনৰ অভিযান আৰক্ষীৰ

By

Published : Sep 2, 2022, 5:20 PM IST

জেহাদীৰ ঘাটিত পৰিণত হৈছে অসম (Jihadi activity in Assam)।যোৱা 31 আগষ্টত গুৱাহাটী মহানগৰীৰ ধীৰেণপাৰাৰ পৰা গোৱালপাৰা আৰক্ষীয়ে ফটাশিল আৰক্ষীৰ সহযোগত অভিযান চলাই আটক কৰিছিল আজমল হুছেইন নামৰ জেহাদীটোক । ইয়াৰ পিছতেই বৃহস্পতিবাৰে নিশা পুনৰ আমজাদক লগত লৈ মহানগৰীৰ বাসগৃহত অভিযান চলায় আৰক্ষীয়ে (Police raid in residence of jihadi Amzad)৷

Police raid in residence of jihadi Amzad
জেহাদী আমজাদৰ বাসগৃহত পুনৰ অভিযান আৰক্ষীৰ

গুৱাহাটী, 2 ছেপ্টেম্বৰ:জেহাদীৰ ঘাটিত পৰিণত হৈছে অসম (Jihadi activity in Assam)। শেহতীয়াকৈ আৰক্ষীয়ে নিজে স্পষ্ট কৰি দিছে যে ৰাজ্যখনত জেহাদীৰ কাৰ্যকলাপ বৃদ্ধি পাইছে । ফলস্বৰূপে কেইবাখনো জিলাত আৰক্ষীৰ জালক পৰিছে জেহাদী (Jihadi arrested in Assam)। যোৱা 31 আগষ্টত গুৱাহাটী মহানগৰীৰ ধীৰেণপাৰাৰ পৰা গোৱালপাৰা আৰক্ষীয়ে গুৱাহাটীৰ ফটাশিল আৰক্ষীৰ সহযোগত অভিযান চলাই আটক কৰিছিল আজমল হুছেইন নামৰ জেহাদীটোক ।

জেহাদী আমজাদৰ বাসগৃহত পুনৰ অভিযান আৰক্ষীৰ

ইয়াৰ পিছতেই বৃহস্পতিবাৰে নিশা পুনৰ আমজাদক লগত লৈ মহানগৰীৰ বাসগৃহত অভিযান চলায় আৰক্ষীয়ে (Police raid in residence of jihadi Amzad) ৷ আৰক্ষীয়ে আমজাদৰ ঘৰৰ পৰা 'অল-কায়দা ইন ইণ্ডিয়ান ছাব কণ্টিনেণ্ট' (এ কিউ আই এছ)ৰ কিছুমান কিতাপ পত্ৰ, প'ষ্টাৰ আৰু কেতবোৰ ধৰ্মীয় নথি-পত্ৰ জব্দ কৰিবলৈ সক্ষম হৈছে ৷ আমজাদ এ কিউ আই এছৰ সমৰ্থিত আনছাৰুল্লা বাংলা টীমৰ (এ বি টি) গুৱাহাটী মডিউলৰ অন্যতম সদস্য ৷ ধৃত জেহাদীটোক গুৱাহাটীত সংগঠনটোৰ কাম-কাজৰ দায়িত্ব দিয়া হৈছিল ৷

ইয়াৰ পূৰ্বে পাচলিৰ ব্যৱসায় কৰা আমজাদ গোৱালপাৰাৰ এজন জেহাদীৰ জৰিয়তে আনছাৰুল্লা বাংলা টীমৰ অন্যতম মূল ব্যক্তি ছাইফুল ইছলাম ওৰফে মহম্মদ সুমনৰ সংস্পৰ্শলৈ আহিছিল । ছাইফুল ইছলাম ইমাম হিচাপে থকা বৰপেটাৰ ঢাকালপাৰা মাদ্ৰাছালৈ আমাজাদে সঘন আহ-যাহ কৰি থকাৰো তথ্য আৰক্ষীয়ে লাভ কৰিছে ৷

উল্লেখ্য যে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা বাংলাদেশী জেহাদী ছাইফুল ইমাম তথা আৰবী শিক্ষকৰ ছদ্মবেশ ধৰি বৰপেটাৰ মাদ্ৰাছাখনত আছিল ৷ যোৱা মাৰ্চ মাহত গ্ৰেপ্তাৰ কৰা ছাইফুলসহ আঠজনৰ বিৰুদ্ধে বুধবাৰে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই (নিয়া) অভিযোগনামা দাখিল কৰিছে ৷

তদন্তকালত আৰক্ষীয়ে লাভ কৰা তথ্য অনুসৰি ছাইফুলৰ সংস্পৰ্শলৈ অহাৰ পাছতে আমজাদ গোপনে বাংলাদেশলৈ গৈছিল আৰু তাত 'এ কিউ আই এছ' ৰ নেতাক সাক্ষাৎ কৰিছিল । তাৰ পৰা ঘূৰি অহাৰ পাছত তেওঁক এ বি টিৰ গুৱাহাটী মডিউলৰ দায়িত্ব দিয়া হৈছিল । আব্দুছ ছোহানৰ ভাষ্যৰ লগত আমজাদ ওৰফে আজমল হুছেইনৰ ভাষ্যৰ মিল আছে বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক:আজি গোৱালপাৰাৰ এখন মাদ্ৰাছাত চলিব উচ্ছেদ

ABOUT THE AUTHOR

...view details