অসম

assam

চলিত বৰ্ষত ৰাজ্যত ধানৰ উৎপাদন হ্ৰাস হোৱাৰ সম্ভাৱনা

By

Published : Aug 28, 2022, 4:23 PM IST

Paddy production

অসমত প্ৰতিবছৰে গড়ে উৎপাদন হয় ৫০ লাখ মেট্রিকটন ধান (Assam produce average 50 lakh metric tonnes paddy) । এইবাৰ বানে বৰোধানৰ ব্যাপক ক্ষতি সাধন কৰাৰ পাছত কৃষকৰ বাবে শালিধানৰ খেতিয়েই আছিল ভৰসা (flood effected agri activity in Assam) । পানীৰ অভাৱত সমস্যাত পৰিছে কৃষক (draught like situation in Assam) । দুটাকৈ বানত নষ্ট ৮৫,৫১৪ হেক্টৰ বৰোধানৰ খেতি । ক্ষতিগ্ৰস্ত ৮,৪৫,৪৩৪ টা কৃষক পৰিয়াল । উপযুক্তভাৱে জলসিঞ্চনৰ (lack of proper irrigation system) ব্যৱস্থা নথকাত উজনি, নামনিৰ পথাৰত মেলিছে চিৰাল ফাঁট । মূৰে-কপালে হাত দিছে কৃষকে (Assam farmers effected by draught) ।

গুৱাহাটী, ২৮ আগষ্ট : কৃষকৰ আয় দুগুণ কৰাৰ লক্ষ্যৰে চৰকাৰখনে কৃষি খণ্ডৰ বাবে বিভিন্ন আঁচনি ৰূপ‍ায়ণ কৰিছে যদিও বাস্তৱত উপকৃত হ'ব পৰ‍া নাই কৃষকসকল (scheme to double income of farmers) । বিভিন্ন কাৰণত কৃষকৰ উৎপাদন বৃদ্ধিৰ ক্ষেত্রত নানান প্ৰত্যাহ্বানে দেখা দিছে (challenges increases in production of farmers) । বিশেষকৈ প্রাকৃতিক পৰিৱেশৰ প্রতিকূলতাৰ বাবে চলিত বৰ্ষত ধানৰ উৎপাদন হ্রাস হৈ পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে (Paddy production likely to decline in Assam) ।

চলিত বৰ্ষত ৰাজ্যত ধানৰ উৎপাদন হ্ৰাস হোৱাৰ সম্ভাৱনা

শিলাবৃষ্টি, বান আৰু শেহতীয়াকৈ খৰাংসদৃশ পৰিস্থিতি উৎপাদনমুখী কৃষকৰ সন্মুখত হেঙাৰ হৈ পৰিছে (draught like situation in Assam)। উল্লেখ্য যে কৃষিপ্রধান ৰাজ্য অসমত প্ৰতিবছৰে গড়ে ৫০ লাখ মেট্রিকটন ধান উৎপাদন হয় (Assam produce average 50 lakh metric tonnes paddy) । বানে বৰোধানৰ ব্যাপক ক্ষতিসাধন কৰাৰ পাছত কৃষকৰ বাবে শালিধানৰ খেতিয়েই আছিল ভৰসা । কিন্তু শাওণ, ভাদ মাহৰ প্ৰখৰ ৰ'দত পানীৰ অভাৱত পথাৰত চিৰাল ফাঁট মেলাৰ পাছত কৃষকৰ সেই আশাতো চেঁচাপানী পৰিল ।

বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে, এই বছৰ স্বাভাৱিক পৰিমাণতকৈ বৰষুণৰ হাৰ কম (Meteorological Centre data about rain) । যাৰ ফলত এই বছৰ ধানৰ উৎপাদন হ্রাস হৈ পৰাটো একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে । উল্লেখ্য যে অসমত ২০১৭-১৮ বৰ্ষত ধানৰ উৎপাদন আছিল ৫২.৮৪ লাখ মেট্রিকটন । সেইদৰে ২০১৮-১৯ বৰ্ষত ৫২.২১ লাখ মেট্রিকটন, ২০১৯-২০ বৰ্ষত ৪৯.৮৫ লাখ মেট্রিকটন আৰু ২০২০-২১ বৰ্ষত ৫২.৫৫ লাখ মেট্রিকটন ধান ৰাজ্যখনত উৎপাদন হৈছিল । অর্থাৎ অসমৰ বছৰি ধানৰ গড় উৎপাদন প্রায় ৫০ লাখ মেট্রিকটন ।

ৰুষ্ট প্ৰকৃতি!

শিলাবৃষ্টিয়ে তৈল আৰু মাহজাতীয় শস্যৰ ব্যাপক ক্ষতিসাধন (damages of Oils and pulses seeds) কৰাৰ পাছত কৃষকে বৰোধানৰ খেতি উৎসাহেৰে কৰিছিল যদিও এই বছৰ হোৱা দুটাকৈ বানত ৮৫,৫১৪ হেক্টৰ বৰোধানৰ খেতি নষ্ট কৰে । যাৰ ফলত কৃষিপ্রধান ৰাজ্যখনৰ ৮,৪৫,৪৩৪টা কৃষক পৰিয়াল ক্ষতিগ্রস্ত হয় (farmers families affected in Assam) । কৃষি বিভাগৰ তথ্য মতে, ৩০,৩৫৭ হেক্টৰ এলেকাৰ পাচলি, ৩০০৬ হেক্টৰ এলেকাৰ ফল-মূল আৰু ১,৬৭৩ হেক্টৰ এলেকাৰ কুঁহিয়াৰ খেতি এইবাৰ নষ্ট হয় (Agriculture department of Assam)।

বানৰ পাছত শালিধানৰ খেতিৰ বাবে নিজাববীয়াকৈ কৃষকসকল সাজু হোৱাৰ সমান্তৰালকৈ ৰাজ্য চৰকাৰৰ কৃষি বিভাগেও ১৯,৫৮০ হেক্টৰ মাটিত শালিধান ৰুব পৰাকৈ ১,৯৫৮ হেক্টৰ মাটিত আৰ কে ভি ৱাই আঁচনিৰ (RKVY scheme of Assam Govt) অধীনত ধানৰ কঠিয়া সিঁচিছিল । শিলাবৃষ্টি আৰু বানে ক্ষতি কৰা শস্যৰ উৎপাদনৰ জোৰা মাৰিব পৰাকৈ কৃষকৰ লগতে চৰকাৰে প্ৰচেষ্টা চলালে যদিও বৰষুণৰ অভাৱত কৃষকে ধান ৰুব পৰা নাই । উপযুক্তভাৱে জলসিঞ্চনৰ ব্যৱস্থা নথকাত উজনি, নামনিৰ পথাৰত মেলিছে চিৰাল ফাঁট । ছেগ বুজি কোনো কৃষকে ধান ৰুলেও বৰষুণৰ অভাৱত শস্য শুকাই গৈছে ।

জলসিঞ্চন ব্যৱস্থাৰ অভাৱ

বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে, এইবাৰ আগষ্ট মাহৰ ২০ তাৰিখ পর্যন্ত স্বাভাৱিক হাৰতকৈ বৰষুণৰ পৰিমাণ বহু কম । চৰকাৰে কৃষি উৎপাদনৰ বাবে সময়ে সময়ে কৃষকক উৎসাহিত কৰাৰ বাবে বিভিন্ন আঁচনি বা ব্যৱস্থা গ্ৰহণ কৰিছে । কৃষকে ন্যূনতম সমৰ্থিত দামৰ আশাত (minimum support price of agri production) কৃষিকাৰ্যত মনোনিবেশ কৰিছে যদিও প্রকৃতি হেঙাৰ হৈ পৰিছে । শিলাবৃষ্টি, বান, খৰাংসদৃশ পৰিস্থিতিৰ দৰে এটাৰ পাছত আন এটা প্রাকৃতিক দুৰ্যোগৰ সন্মুখীন হৈ কৃষকসকল জুৰুলা হৈ পৰাৰ ফলত এই বছৰ ৰাজ্যৰ ধানৰ উৎপাদন হ্ৰাস হৈ পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ।

ইফালে চৰকাৰে উপযুক্তভাৱে জলসিঞ্চনৰ ব্যৱস্থা কৰিব নোৱাৰাৰ বাবে সংকটত পৰিছে কৃষকসকল (irrigation facility in Assam)। জলসিঞ্চন ব্যৱস্থা থকা হ'লে কৃষকসকলে এই প্ৰত্যাহ্বানৰ সৈতে যুঁজ দিব পাৰিলেহেঁতেন । কিন্তু জলসিঞ্চন ব্যৱস্থা নথকাৰ ফলত খৰাং সদৃশ পৰিস্থিতিৰ বাবে মূৰে-কপালে হাত দিবলগীয়া হৈছে কৃষকে । উল্লেখ্য যে দেশৰ সকলো কৃষিভূমিক জলসিঞ্চন আঁচনিৰে সামৰি ল'বৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা পি এম কে এছ ৱাই আঁচনিখনৰ (Central Govt PMKSY scheme) অসমত দ্বিতীয় পৰ্যায়ৰ প্ৰকল্প ৰূপায়ণৰ কাম আধৰুৱা হৈয়েই আছে ।

মূৰে-কপালে হাত দিবলগা হৈছে কৃষকে

এই পর্যন্ত দ্বিতীয় পৰ্যায়ৰ প্ৰকল্পসমূহৰ অৰ্ধেক নিৰ্মাণ হ'বলৈ বাকী আছে । প্ৰথম পৰ্যায়ৰ প্ৰকল্পসমূহৰো এশ শতাংশ ৰূপায়ণ এই পর্যন্ত হোৱা নাই । জানিব পৰা মতে, দ্বিতীয় পর্যায়ত ১০খন জিলা বাছনি কৰি সৰু সৰু জলসিঞ্চন প্ৰকল্প ৰূপায়ণৰ কাম জলসিঞ্চন বিভাগে হাতত লৈছিল । দ্বিতীয় পর্যায়ত বাক্সা, কাছাৰ, ধেমাজি, হাইলাকান্দি, কাৰ্বি আংলং, কৰিমগঞ্জ, লখিমপুৰ, মৰিগাঁও, নলবাৰী আৰু তিনিচুকীয়া জিলা বাছনি কৰি ৪,৯১৬ টা জলসিঞ্চন প্ৰকল্প নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰিছিল । এই ৪,৯১৬ টা প্ৰকল্পৰ ভিতৰত ১,২৫২ টা প্ৰকল্প সৌৰশক্তিৰ দ্বাৰা আৰু ৩,৬৬৪ টা প্ৰকল্প বিদ্যুতৰ দ্বাৰা পৰিচালিত কৰাৰ সিদ্ধান্ত লৈছিল ।

প্ৰকল্পসমূহৰ নিৰ্মাণৰ বাবে ধন আবণ্টন দিছিল কেন্দ্ৰীয় চৰকাৰে । কিন্তু কেন্দ্ৰীয় চৰকাৰৰ আঁচনি হোৱাৰ পাছতো অসমৰ জলসিঞ্চন বিভাগে এই আঁচনিৰ অধীনস্থ প্ৰকল্পসমূহৰ নিৰ্মাণ তড়িৎ গতিত আগবঢ়াই নিয়াত ব্যর্থ হৈছে । যিটো সময়ত দেশৰ কৃষিপ্ৰধান কেইবাখনো ৰাজ্যত তৃতীয় পৰ্যায়ৰ প্ৰকল্প নিৰ্মাণৰ কাম সম্পন্ন হৈছে, সেই সময়ত অসমত দ্বিতীয় পৰ্যায়ৰ অৰ্ধসংখ্যক প্ৰকল্পৰে নির্মাণ সম্পন্ন হোৱা নাই । জানিব পৰা মতে, ৰাজ্যখনত দ্বিতীয় পৰ্যায়ৰ ২,৬৩৫ টা প্ৰকল্পৰ নির্মাণহে সম্পন্ন হৈছে । অর্থাৎ ২,২৮১ প্ৰকল্প আধৰুৱা হৈয়েই আছে । জিলাকেইখনৰ তথ্যলৈ চালে দেখা যায় যে বাক্সা জিলাত আবণ্টিত ১৫০ টা প্ৰকল্পৰ মাত্ৰ ৩৫ টাৰ নির্মাণ সম্পন্ন হৈছে ।

জিলাখনৰ বাবে আবণ্টিত বিদ্যুতচালিত প্ৰকল্পসমূহৰ এটাৰো নিৰ্মাণ সম্পন্ন হোৱা নাই । জিলাখনৰ বাবে ১১১ টা বিদ্যুতচালিত প্ৰকল্প আবণ্টন দিয়া হৈছিল । বিপৰীতে সৌৰশক্তিৰ দ্বাৰা চালিত ৩৯ টা প্ৰকল্প জিলাখনৰ বাবে আবণ্টন হৈছিল । কিন্তু এইসমূহ প্ৰকল্পৰ ভিতৰত মাত্ৰ সৌৰশক্তিৰ দ্বাৰা চালিত ৩৫ টা প্ৰকল্পৰ নিৰ্মাণ সম্পন্ন কৰিবলৈ সক্ষম হৈছে জলসিঞ্চন বিভাগ । আনকেইখন জিলাৰ ভিতৰত কাছাৰত ১৮৬ টা প্ৰকল্পৰ ভিতৰত ২৮২ টা, ধেমাজিত ৩০০ টা প্ৰকল্পৰ ভিতৰত ১৭৩ টাৰ নিৰ্মাণ সম্পন্ন হয় । হাইলাকান্দি জিলাত আকৌ ১৮ টা প্ৰকল্পৰহে নির্মাণ সম্পন্ন হৈছে ।

জিলাখনৰ বাবে আবণ্টিত মুঠ প্ৰকল্পৰ সংখ্যা আছিল ২৭০ টা । কৰিমগঞ্জ জিলাতো আবণ্টিত ৫৭০ টা প্ৰকল্পৰ ভিতৰত নিৰ্মাণ সম্পন্ন হোৱা প্ৰকল্পৰ সংখ্যা হৈছে মাত্ৰ ১০১ টা । বৰাকৰ তিনিওখন জিলাতেই পি এম কে এছ ৱাই আঁচনিখনৰ প্ৰকল্প ৰূপায়ণৰ কাম বিভাগটোৱে আধৰুৱা কৰি ৰাখিছে । ইফালে কাৰ্বি আংলং জিলাত ৪৫০ টা প্ৰকল্পৰ ২৩২ টা, লখিমপুৰত ৫১০ টা প্ৰকল্পৰ ৪৪৬ টা, মৰিগাঁৱত ৩৯০ টা প্ৰকল্পৰ ৩১২ টা, নলবাৰীত ৬০০ টা প্ৰকল্পৰ ৫৩১ টা আৰু তিনিচুকীয়াত ৬৯০ টা প্ৰকল্পৰ ৪২৫ টাৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে । আধৰুৱা প্ৰকল্পসমূহৰ নির্মাণ কেতিয়ালৈ সম্পন্ন হ'ব সেয়া স্পষ্ট নহয় ।

গুৰুত্বপূৰ্ণ যে দ্বিতীয় পৰ্যায়ৰ প্ৰকল্পসমূহৰ নিৰ্মাণ সম্পূর্ণ হোৱাৰ পাছতহে কেন্দ্ৰই তৃতীয় পর্যায়ত নির্মাণ হ'বলগা প্ৰকল্পসমূহৰ বাবে ধন আবণ্টন দিব। ব্যাৱহাৰিক প্ৰমাণ-পত্ৰ দাখিল কৰিব নোৱৰা পর্যন্ত তৃতীয় পৰ্যায়ৰ ধন লাভ নকৰিব । সেয়ে দ্বিতীয় পৰ্যায়ৰ প্ৰকল্পসমূহৰ ৰূপায়ণ কম দিনৰ ভিতৰত সম্পন্ন কৰিব নোৱাৰিলে তৃতীয় পৰ্যায়ৰ ধন লাভ কৰাত বিলম্ব হোৱাটো নিশ্চিত । অৰ্থাৎ বিভাগীয় গাফিলতিৰ বাবেই কৃষকে জনসিঞ্চন ব্যৱস্থাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে ।

লগতে পঢ়ক :এমাহত ফলাফল ঘোষণা কৰি অনুত্তীৰ্ণ প্ৰাৰ্থীক মাচুল ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details