অসম

assam

Demand to repeal AFSPA: উত্তৰ-পূৰ্বাঞ্চলত ৬ বছৰত সেনা-উগ্ৰপন্থীৰ ১৬১৭ টা সংঘর্ষজনিত ঘটনা

By

Published : Dec 7, 2021, 5:43 PM IST

Military extremist clashes in Northeast
সেনা উগ্ৰপন্থীৰ ১৬১৭ টা সংঘর্ষজনিত ঘটনা ()

নাগালেণ্ডৰ ভয়ংকৰ ঘটনাৰ পাছতে পুনৰ সশস্ত্ৰ সেনা বাহিনী বিশেষ ক্ষমতা আইন বাতিলৰ দাবী উত্থাপন হৈছে (Demand to repeal AFSPA)। ইয়াৰ মাজতে প্ৰকাশ পাইছে এক গুৰুত্বপূৰ্ণ তথ্য । ৬ বছৰত অসমত সর্বাধিক ৯০ টা সংঘর্ষজনিত ঘটনা সংঘটিত হৈছে । এই ঘটনাত ৫৫ জন নিৰপৰাধী লোক সেনা-আৰক্ষীৰ গুলিত নিহত হৈছে । তদুপৰি এনে সংঘৰ্ষৰ ঘটনাত ৮ জন নিৰাপত্তা বাহিনীৰ জোৱানৰো মৃত্যু হৈছে । চলিত বৰ্ষত ১৩ টা সংঘর্ষজনিত ঘটনাত ১১ জন নিৰীহ নাগৰিকৰ মৃত্যু হৈছে ।

গুৱাহাটী,৭ ডিচেম্বৰ :সশস্ত্ৰ সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন (Armed Forces Special Powers Act)। মানৱ অধিকাৰ ব্যাপকভাৱে খৰ্ব হোৱাৰ অভিযোগ থকা এই আইনখন প্ৰথম অৱস্থাত অসম-মণিপুৰত বলৱৎ হোৱাৰ পাছত ১৯৫৮ চনৰ ১১ ছেপ্টেম্বৰত উত্তৰ-পূৰ্বাঞ্চলৰ আন আন ৰাজ্যসমূহতো প্ৰযোজ্য কৰা হয় (AFSPA promulgated in North East)। এই আইনৰ মূল উদ্দেশ্য আছিল উত্তৰ-পূৰ্বাঞ্চলৰ সাতখন ৰাজ্য অসম, অৰুণাচল, মিজোৰাম, নাগালেণ্ড, মণিপুৰ, মেঘালয় আৰু ত্ৰিপুৰাত বিচ্ছিন্নতাবাদী কাৰ্যকলাপ ৰোধ কৰা ।

সেনা উগ্ৰপন্থীৰ ১৬১৭ টা সংঘর্ষজনিত ঘটনা

মানৱ অধিকাৰ ভূ-লুণ্ঠিত কৰি গৃহীত কৰা এই আইনখন বাতিল কৰাৰ বাবে সময়ে সময়ে দাবী উত্থাপন হৈ আহিছে (Demand to repeal AFSPA) যদিও উত্তৰ-পূৰ্বাঞ্চল ইয়াৰ পৰা মুক্ত হোৱা নাই । যাৰ পৰিণাম সময়ে সময়ে অসমসহ উত্তৰ-পূৰ্বাঞ্চলে ভোগ কৰি আহিছে । শেহতীয়াকৈ নাগালেণ্ডত আছাম ৰাইফলছে উগ্রপন্থীৰ সন্দেহত সাধাৰণ নাগৰিকক গুলীয়াই হত্যা কৰা ঘটনাক লৈ সমগ্ৰ নগাপাহাৰ অগ্নিগর্ভ হৈ উঠিছে (Ambush in Nagaland) । আছাম ৰাইফলছৰ গুলীত ১৪ জন নিৰীহ লোকৰ মৃত্যু হোৱাৰ বিপৰীতে নাগৰিকৰ আক্ৰমণত এজন সেনা জোৱানৰ মৃত্যু হয় ।

সেনা উগ্ৰপন্থীৰ ১৬১৭ টা সংঘর্ষজনিত ঘটনা

উগ্রপন্থীৰ সন্দেহত সেনাবাহিনীয়ে নিৰপৰাধী লোকৰ ওপৰত চলোৱা উৎপীড়ন কোনো নতুন কথা নহয় । দশক-দশক ধৰি অসম তথা উত্তৰ-পূর্বাঞ্চলবাসী সেনা-আৰক্ষীৰ নিৰ্যাতনৰ বলি হৈ আহিছে । বিগত ৬ বছৰত উত্তৰ-পূর্বাঞ্চলত ১,৬১৭ টা সংঘর্ষজনিত ঘটনা সংঘটিত হৈছে ।

সেনা উগ্ৰপন্থীৰ ১৬১৭ টা সংঘর্ষজনিত ঘটনা

কেন্দ্রীয় গৃহ মন্ত্রণালয়ে প্রকাশ কৰা তথ্য অনুসৰি ২০১৬ চনৰ পহিলা জানুৱাৰীৰ পৰা চলিত বৰ্ষৰ ১৫ নৱেম্বৰ পর্যন্ত উগ্রপন্থীজনিত সংঘৰ্ষৰ ঘটনাৰ শীৰ্ষত আছে অসম (Incidents of extremist clashes Assam tops the field)। ৬ বছৰত অসমত সর্বাধিক ৯০ টা সংঘর্ষজনিত ঘটনা সংঘটিত হৈছে । এই ঘটনাত ৫৫ জন নিৰপৰাধী লোক সেনা-আৰক্ষীৰ গুলিত নিহত হৈছে । তদুপৰি এনে সংঘৰ্ষৰ ঘটনাত ৮ জন নিৰাপত্তা বাহিনীৰ জোৱানৰো মৃত্যু হৈছে ।

সেনা উগ্ৰপন্থীৰ ১৬১৭ টা সংঘর্ষজনিত ঘটনা

ক'ভিডৰ বাবে বিদ্রোহী সংগঠন আলফা স্বাধীনে একপক্ষীয় যুদ্ধবিৰতিত থকাৰ লগতে অসমৰ বাকী উগ্রপন্থী সংগঠনসমূহে ইতিমধ্যে মূলসুঁতিলৈ উভতি আহিছে । কিন্তু ইয়াৰ পাছতো অসমত ক'ভিডৰ মাজতে চলিত বৰ্ষত ১৩ টা সংঘর্ষজনিত ঘটনা সংঘটিত হোৱাৰ বিপৰীতে ১১ জন নিৰীহ নাগৰিকৰ মৃত্যু হৈছে । অৱশ্যে অসমৰ পাছতেই বিগত ৬ বছৰত দ্বিতীয় সর্বাধিক হিচাপে মণিপুৰত ৭৫ টা সংঘর্ষজনিত ঘটনা সংঘটিত হৈছে । এই সংঘর্ষত ৫৮ জন সাধাৰণ নাগৰিকৰ মৃত্যু হৈছে ।

তদুপৰি উগ্রপন্থী বিৰোধী সংঘর্ষত ৩৪ জন নিৰাপত্তা বাহিনীৰ বিষয়া-জোৱানৰ মৃত্যু হৈছে । চুবুৰীয়া নাগালেণ্ডত উত্তৰ-পূৰ্বৰ বিদ্রোহী সংগঠনসমূহৰ ঘাটি হিচাপে পৰিচিত হৈ অহাৰ পাছতো নাগালেণ্ডত তুলনামূলকভাৱে কম সংঘর্ষজনিত ঘটনা সংঘটিত হোৱাৰ তথ্য প্রকাশ পাইছে কেন্দ্রীয় গৃহ মন্ত্রণালয়ৰ প্রতিবেদনত । বিদ্রোহী সংগঠন এন এছ চি এন (কে) বর্তমান সক্রিয় হৈ থকা নাগালেণ্ডত বিগত ৬ টা বছৰত সংঘটিত হোৱা মুঠ ১৬ টা সংঘৰ্ষৰ ঘটনাত ৬ জন সেনা জোৱান আৰু আন ৭ জন সাধাৰণ নাগৰিকৰ মৃত্যু হৈছে ।

একেদৰে উত্তৰ-পূৰ্বৰ অৰুণাচলতো ৪৪ টা সংঘর্ষজনিত ঘটনাত ৯ জন সেনা জোৱান আৰু ১৬ জন নাগৰিকৰ মৃত্যু হৈছে । লক্ষণীয় বিষয়টো হৈছে বিগত ৬ বছৰত মিজোৰামত এটাও সংঘর্ষজনিত ঘটনা সংঘটিত হোৱা নাই । আনহাতে মেঘালয়তো বিগত দুবছৰত কোনো সংঘৰ্ষৰ ঘটনা সংঘটিত হোৱাৰ তথ্য গৃহ মন্ত্রণালয়ে প্রকাশ কৰা নাই । লক্ষণীয় বিষয় যে, উত্তৰ-পূৰ্বাঞ্চলত সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰযোজ্য হৈ থকাৰ পৰিপ্ৰেক্ষিতত প্ৰায়ে সেনা বাহিনীৰ অভিযানত নিৰীহ লোকে প্ৰাণ হেৰুওৱাৰ ঘটনা সংঘটিত হৈ আহিছে ।

লগতে পঢ়ক :সন্ত্ৰাসবাদীৰ আক্ৰমণত মৃত্যু হোৱা অসম আৰক্ষীৰ জোৱানে লাভ কৰিব ৫০ লাখ টকা

ABOUT THE AUTHOR

...view details