সন্ত্ৰাসবাদীৰ আক্ৰমণত মৃত্যু হোৱা অসম আৰক্ষীৰ জোৱানে লাভ কৰিব ৫০ লাখ টকা

author img

By

Published : Dec 6, 2021, 9:59 PM IST

Foundation day of All India Civil Defence and Home Guard

পানীখাইতিত নিখিল ভাৰত অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনীৰ ৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন (Foundation day of All India Civil Defence and Home Guard)। অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে, সন্ত্ৰাসবাদেৰে যুঁজি কোনো আৰক্ষীৰ লোক নিহত হ’লে অসম চৰকাৰে ৫০ লাখ টকাৰ আৰ্থিক অনুদান দিয়া হ’ব (Assam Police martyrs in terror attack)৷

গুৱাহাটী,৬ ডিচেম্বৰ : ‘‘সন্ত্ৰাসবাদেৰে যুঁজি কোনো আৰক্ষীৰ লোক নিহত হ’লে অসম চৰকাৰে ৫০ লাখ টকাৰ আৰ্থিক অনুদান আগবঢ়াব (Fund for Assam Police martyrs in terror attack)। অসমৰ আৰু ৭ খন জিলাত গৃহৰক্ষী বাহিনীৰ জোৱানক নিয়োগ কৰা হ’ব । জোৱান সকলক প্ৰতিমাহে দিয়া হ’ব ৯ হাজাৰকৈ দৰমহা ।’’ এই ঘোষণা মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । গুৱাহাটীৰ পানীখাইতিস্থিত কেন্দ্ৰীয় অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰৰ মুখ্যকাৰ্যলয়ত আয়োজিত নিখিল ভাৰত অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনীৰ ৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱসত মুখ্য অতিথি হিচাপে ভাগ লৈ এই ঘোষণা কৰে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (CM in Foundation day of All India Civil Defence and Home Guard)৷

তেওঁ লগতে কয় যে, অসমত ১০১৬ জন চিপাহীয়ে স্থায়ীভাৱে নিযুক্তি পাব আৰু ১৯ জন এচিষ্টেণ্ট কমাণ্ডেণ্ট নিযুক্তি দিব চৰকাৰে । কাৰ্বি আংলঙৰ গৃহৰক্ষী জোৱান বৰসিং বেক পুনৰ প্ৰশংসা কৰে মুখ্যমন্ত্ৰীয়ে (Assam CM praised home guard Borsingh Bey) ৷ উল্লেখ্য যে, ১৯৬২ চনত অসমত এই অসামৰিক বাহিনীৰ প্ৰতিষ্ঠা কৰা হৈছিল ।

প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত প্ৰথমে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা গৃহৰক্ষী বাহিনীৰ চাৰিটা ৰেজিমেণ্টৰ সদস্যসকলে মুখ্যমন্ত্ৰীৰ সন্মুখত পেৰেড প্ৰদৰ্শন কৰে । পেৰেডত অংশগ্ৰহণ কৰে নলবাৰী, কাৰ্বিআংলং, ডিব্ৰুগড় আৰু শোণিতপুৰ জিলাৰ লগতে পানীখাইতিস্থিত কেন্দ্ৰীয় প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সদস্য সকলেও ।

পেৰেডৰ অভিবাদন গ্ৰহণ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰশিক্ষণ কেন্দ্ৰটোত চন্দ্ৰপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত অসামৰিক জোৱান সকলে প্ৰদৰ্শন কৰা বিভিন্ন সমৰ কলাৰ কৌশল প্ৰত্যক্ষ কৰে ।
অসামৰিক জোৱানসকলে পানীত ডুব যোৱা মানুহ এজন কেনেকৈ উদ্ধাৰ কৰিব লাগে, অট্টালিকাৰ জুইৰ মাজত আবদ্ধ হোৱা লোক এজনক কেনেকৈ উদ্ধাৰ কৰিব লাগে আদিৰ আখৰা প্ৰদৰ্শন কৰে মুখ্যমন্ত্ৰীৰ সন্মুখত ।

অনুষ্ঠানত ভূৱন শইকীয়া, নৃপেন মহন্ত, সীমান্ত শৰ্মা, কমলেশ্বৰ শৰ্মা, অৰূপ কুমাৰ বৰা, দীপক মিলি, প্ৰফুল্ল চন্দ্ৰ ডেকা, ধীৰেন চন্দ্ৰ ডেকা, ৰঞ্জিত মজুমদাৰ, নৰেন্দ্ৰ নাথ ভূঞা, ভূপেন হাজৰিকা, মথুৰ মোহন কলিতাক প্ৰেচিডেণ্ট হোমগাৰ্ড এণ্ড চিভিল ডিফেন্স বঁটা প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে ।

লগতে পঢ়ক : দুমাহ জেলত কটাই অৱশেষত জামিন পালে বিধায়ক শ্বেৰমান আলীয়ে

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.