অসম

assam

নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনাঃ পৰিমিতাৰ কাহিলিপাৰাৰ বাসগৃগত মৰিশালিৰ নিস্তব্ধতা

By

Published : Sep 9, 2021, 4:31 PM IST

Updated : Sep 10, 2021, 2:22 PM IST

গুৰুজনাৰ তিৰােভাৱ তিথি উপলক্ষে মাতৃৰ সৈতে আঠখেলীয়া নামঘৰত শৰাই দি কর্মক্ষেত্রলৈ উভতাৰ পথতে কৰুণ মৃত্যুক সাৱতিলে পৰিমিতাই । কর্মসূত্রে তেওঁ মাজুলীৰ ৰঙাচাহী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা। এই ঘটনাই থানবান কৰিলে এগৰাকী মেধাবী ছাত্রী, সুযােগ্যা শিক্ষয়িত্রীৰ অযুত সপােন । বৃহস্পতিবাৰে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব ভট্টাচাৰ্যৰ নেতৃত্বত এটা সজাতি দল পৰিমিতাৰ কাহিলিপাৰাস্থিত বাসগৃহত উপস্থিত হয় । অপূৰ্ব ভট্টাচাৰ্যই নিমাতীঘাটৰ ভয়াৱহ ফেৰী দুৰ্ঘটনাৰ বাবে চৰকাৰক দোষাৰোপ কৰি ঘটনাৰ ন্যায়িক তদন্ত দাবী কৰে ।

Nimatighat Ferry Accident case
ফেৰী দুৰ্ঘটনাত মৃত্যু হোৱা পৰিমিতাৰ বাসগৃগত মৰিশালি সদৃশ পৰিৱেশ

গুৱাহাটী, ৯ ছেপ্টেম্বৰ: নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনাত প্রাণ হেৰুওৱা তথা নিখােজ হােৱা প্রতিগৰাকী ব্যক্তিৰ আঁৰত আছে একো একোটা পৰিয়ালৰ অশ্রুভৰা বিষাদ গাথা । বহুজনে বিভিন্ন কামত যোৰহাটৰ দিশৰ পৰা মাজুলীলৈ উভতাৰ বাবে নিমাতীঘাটত অভিশপ্ত ফেৰীখনত উঠিছিল । ইয়াৰে মাজত আছিল গুৱাহাটীৰ কাহিলিপাৰাৰ পৰিমিতা দাস । গুৰুজনাৰ তিৰােভাৱ তিথি উপলক্ষে মাতৃৰ সৈতে আঠখেলীয়া নামঘৰত শৰাই দি কর্মক্ষেত্রলৈ উভতাৰ পথতে চিৰনিদ্রাত পৰিল যুৱতীগৰাকী ।

কর্মসূত্রে তেওঁ মাজুলীৰ ৰঙাচাহী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা । পিতৃ আৰক্ষীৰ বিশেষ শাখাৰ অৱসৰপ্রাপ্ত উপ-পৰিদর্শক । পৰিমিতাই এগৰাকী ভগ্নী আৰু পিতৃ-মাতৃৰ সৈতে কাহিলিপাৰাত ভাড়াতীয়া হিচাপে আছিল । মেধাৱী পৰিমিতাই চলিত বর্ষৰ ২৭ ফেব্রুৱাৰীত ৰঙাচাহী মহাবিদ্যালয়ত সহযােগী অধ্যাপিকা হিচাপে নিযুক্তি লাভ কৰিছিল ।

নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনাঃ পৰিমিতাৰ কাহিলিপাৰাৰ বাসগৃগত মৰিশালিৰ নিস্তব্ধতা

তেওঁক মাজুলীত থ'বলৈ প্রায়েই গৈছিল পিতৃ-মাতৃ আৰু ভগ্নী । দীর্ঘদিনৰ পিছত মহাবিদ্যালয় খােলাত দহ দিন পূর্বে তেওঁক মাজুলীত থ'বলৈ গৈছিল মাতৃ সীমাৰাণী ভূঞা ।

বুধবাৰে মাতৃৰ উভতনি যাত্রা আছিল । মাজুলীৰ পৰা উভতাৰ পথত মাতৃ-কন্যাই পুৱা দর্শন কৰে আঠখেলীয়া নামঘৰ । উদ্দেশ্য আছিল গুৰুজনাৰ তিৰােভাৱ তিথিত আঠখেলীয়া নামঘৰত এখন শৰাই আগবঢ়ােৱাৰ । শৰাই আগবঢ়াই গুৰুজনাক প্রণাম জনাই দুয়ো নিমাতীঘাটলে আহিছিল ।

উদ্দেশ্য আছিল নিমাতীঘাটৰ পৰা পৰিমিতা ফেৰীৰে মাজুলীলৈ যাব আৰু মাতৃ নৈশ বাছেৰে গুৱাহাটীলৈ উভতিব । পিছে সময়ৰ কি কৰুণ পৰিহাস । অভিশপ্ত ফেৰীখনত উঠাৰ পিছমুহূর্ততে সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনাটো । নিমাতীঘাটত থিয় হৈ থকা মাতৃৰ সন্মুখতে পৰিমিতা উঠা ফেৰীখন মুহূর্ততে ব্রহ্মপুত্রৰ বুকুত সােমাই যায় ।

বহু যাত্রী নিখােজ হোৱাৰ মাজতে উদ্ধাৰ হয় পৰিমিতা । লগে লগে তেওঁক যােৰহাটৰ চিকিৎসালয়লৈ নিয়া হয় । কিন্তু চিকিৎসালয় পােৱাৰ সময়লৈকে তেওঁৰ দেহত প্রাণবায়ু নাছিল । কিছুসময় আগলৈকে মাতৃৰ সৈতে হাঁহি-মাতি থকা পৰিমিতা মাত্র কেইটামান মুহূর্তৰ পিছতে হৈ পৰিল এটি নিষ্প্রাণ শৰীৰ ।

যি ঘটনাই গুৱাহাটীৰ কাহিলীপাৰাতে নহয়, তেওঁৰ পিতৃৰ গৃহভূমি নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ দক্ষিণপাটতো শােকাকুল পৰিবেশৰ সৃষ্টি কৰে । মেধাসম্পন্ন যুৱতীগৰাকীয়ে ২০১৬ বর্ষত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিভাগত সুখ্যাতিৰে উত্তীর্ণ হয় । ইয়াৰ পিছত তেওঁ ৰঙাচাহী মহাবিদ্যালয়ত অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা হিচাপে চলিত বর্ষত নিযুক্তি লাভ কৰে । কিন্তু কৰ'ণাকেন্দ্রিক সংকটৰ বাবে দীর্ঘদিন ধৰি মহাবিদ্যালয় বন্ধ থকাত তেওঁ পিতৃ-মাতৃ আৰু ভগ্নী মধুমিতাৰ সৈতে কাহিলিপাৰাতে আছিল ।

চৰকাৰে মহাবিদ্যালয় খােলাৰ অনুমতি দিয়াৰ পিছতে দহদিন পূর্বে তেওঁ মাতৃৰ সৈতে মাজুলীলৈ গৈছিল । কিন্তু বুধবাৰৰ সন্ধিয়া মাতৃৰ গুৱাহাটী অভিমুখী উভতনি যাত্রাৰ বাবে পুৱাই পৰিমিতা আহিছিল নিমাতীঘাটলৈ । তাৰ পিছত তেওঁলােক আঠখেলীয়া নামঘৰলৈ গৈছিল । পিছে মাতৃক বিদায় দিয়েই যে তেওঁ চিৰদিনৰ বাবে বিদায় ল'ব সেয়া কোনেও সপােনতাে ভৱা নাছিল ।

অবিশ্বাস্য যেন লগা এই ঘটনাই থানবান কৰিলে এগৰাকী মেধাবী ছাত্রী, সুযােগ্যা শিক্ষয়িত্রীৰ অযুত সহস্র সপােনক । চিৰদিনলৈ শেষ হৈ গ'ল এটা পৰিয়ালৰ সকলো আশ-সম্ভাৱনা । নিমাতীঘাটৰ দুর্ঘটনাত পৰিমিতাৰ মৃত্যুৰ খবৰ পায়েই গুৱাহাটীৰ পৰা বুধবাৰে সন্ধিয়াই যােৰহাটলৈ যাত্রা কৰে পিতৃ আৰু ভগ্নী ।

বৰ্তমান কাহিলিপাৰাৰ এই ঘৰখনত মৰিশালিৰ নিস্তব্ধতা । বৃহস্পতিবাৰে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব ভট্টাচাৰ্যৰ নেতৃত্বত এটা সজাতি দল পৰিমিতাৰ কাহিলিপাৰাস্থিত বাসগৃহত উপস্থিত হয় । অপূৰ্ব ভট্টাচাৰ্যই নিমাতীঘাটৰ ভয়াৱহ ফেৰী দুৰ্ঘটনাৰ বাবে চৰকাৰক জগৰীয়া কৰি এই ঘটনাৰ ন্যায়িক তদন্ত দাবী কৰে ।

ইফালে, চুবুৰীয়া কল্পনা শইকীয়াই জনোৱা মতে, অতি ভদ্ৰ আৰু অমায়িক স্বভাৱৰ আছিল পৰিমিতা দাস । পৰিমিতাৰ মৃত্যুৰ খবৰে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে । পৰিমিতাই পিতৃ-মাতৃ আৰু ভগ্নীৰ সৈতে কাহিলিপাৰাত বাস কৰি আছিল । ভগ্নী মধুমিতাই এ পি এছ চিৰ বাবে প্ৰস্তুতি চলাই আছে ।

লগতে পঢ়ক:নিমাতীঘাটত উপস্থিত DGP ভাস্কৰজ্যোতি মহন্ত

Last Updated :Sep 10, 2021, 2:22 PM IST

ABOUT THE AUTHOR

...view details