অসম

assam

Automatic Coach Washing Plant: উত্তৰ পূৱ সীমান্ত ৰে'লৱেত সংলগ্ন হ'ল স্বয়ংক্ৰিয় ডবা পৰিষ্কাৰ কৰা ব্যৱস্থা

By

Published : Mar 3, 2022, 8:18 AM IST

কামাখ্যাস্থিত কোচ মেইন্টেনেন্স ডিপোত ৰে’লৱেৰ প্ৰথমটো স্মার্ট অট'মেটিক কোচ ৱাশ্বিং প্লান্ট মুকলি (NFR inaugurates automatic coach washing plant in Guwahati) । এই প্লান্টে প্ৰতিটো ডবা পৰিস্কাৰকৰণৰ বাবদ ১৪৪০ লিটাৰ পানী ৰাহি কৰিব । প্ৰতিদিনে পৰিষ্কাৰ কৰিব ৩০০ ৰ পৰা ৩৫০ টা ডবা । শিলিগুড়ি, নিউ জলপাইগুৰি, ডিব্ৰুগড়, কাটিহাৰ, শিলচৰ, নাহৰলগুণ, আলিপুৰদুৱাৰ আৰু আগৰতলা ষ্টেচনতো হ'ব এই ব্যৱস্থা ।

Automatic Coach Washing Plant
ৰে’লৱেৰ প্ৰথমটো স্মার্ট অট'মেটিক কোচ ৱাশ্বিং প্লান্ট মুকলি

গুৱাহাটী, 3 মার্চ :পানী সংৰক্ষণৰ উদ্দেশ্যে উত্তৰ পূৱ সীমান্ত ৰে’লৱেয়ে(Northeast Frontier Railway) কামাখ্যাস্থিত কোচ মেইন্টেনেন্স ডিপোত ৰে’লৱেৰ প্ৰথমটো স্মার্ট অট'মেটিক কোচ ৱাশ্বিং প্লান্ট (Coach Maintenance Depot Kamakhya) স্থাপন কৰে । বুধবাৰে উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ মহা প্ৰৱন্ধক অংশুল গুপ্তাই বহুস্তৰীয় পৰিষ্কৰণৰ সুবিধাযুক্ত এই প্লান্ট উদ্বোধন কৰে (First automatic coach washing plant in Guwahati)। এই পদ্ধতিটো হৈছে পৰিৱেশ-হিতৈষী আৰু পানীৰ পৰিমিত ব্যৱহাৰৰ দ্বাৰা ডবাৰ বহির্ভাগ পৰিষ্কৰণৰ এক ব্যয় ফলপ্ৰসূ পদ্ধতি ।

বর্তমান সময়ত ডবাসমূহ মেনুৱেল পদ্ধতিৰে পৰিষ্কাৰ কৰা হয় আৰু যাৰবাবে যথেষ্ট সময় আৰু পানীৰ প্ৰয়োজন হয় । অট'মেটিক কোচ ৱাশ্বিং প্লান্ট (Automatic Coach Washing Plant)ৰ বহুকেইটা বৈশিষ্ট্য আছে । এই প্ৰণালীয়ে কেৱল ৩০০ লিটাৰ পানীহে ব্যৱহাৰ কৰে । যাৰ ভিতৰত ৮০ শতাংশ হৈছে ৰিচাইকেল কৰা পানী আৰু কেৱল ৬০ লিটাৰ পানীহে স্বচ্ছ পানী ।

ৰে’লৱেৰ প্ৰথমটো স্মার্ট অট'মেটিক কোচ ৱাশ্বিং প্লান্ট মুকলি

আনহাতে, ইয়াৰ তুলনাত মেনুৱেল পৰিষ্কৰণৰ বাবে প্ৰতি ডবাৰ বাবে ১৫০০ লিটাৰ পানীৰ ব্যৱহাৰ হয় । এই প্লান্টে প্ৰতিদিনে ৩০০ ৰ পৰা ৩৫০ টা ডবা পৰিষ্কাৰ কৰিব পাৰে । এই পদ্ধতিটো নিয়ন্ত্ৰিত ৰসায়ন আৰু চাবোনৰ মিশ্ৰণেৰে সজ্জিত, যি প্ৰদূষণ নোহোৱাটো নিশ্চিত কৰে ।

লগতে পঢ়ক :Designated City Bus Station: মহানগৰীত ৬০টা স্থায়ী বাছ আস্থান নিৰ্ধাৰণ

আনহাতে, এই প্লান্টে প্ৰতিটো ডবা পৰিষ্কৰণৰ বাবদ ১৪৪০ লিটাৰ পানী ৰাহি কৰিব পাৰে । এনেদৰে ২৪ টা ডবাৰ প্ৰতিটো ৰেকৰ বাবে ৩৪ হাজাৰ লিটাৰ পানী ৰাহি কৰিবলৈ সক্ষম হয় । এই প্ৰক্ৰিয়াৰ জৰিয়তে ডবা পৰিষ্কৰণত মানৱ শক্তিৰ প্ৰয়োজন কম হোৱাৰ ফলত ব্যয় কম হৈ পৰে ।

উল্লেখ্য যে, উক্ত প্লান্টটো পি এল চি আধাৰিত ইন্টেলিজেন্ট কন্ট্ৰ’ল চিষ্টেমৰ দ্বাৰা সজ্জিত আৰু যেতিয়া এখন ৰে’লে এ চি ড ব্লিউ পিত প্ৰৱেশ কৰে, তেতিয়া ইয়াৰ এক স্বয়ংচালিত চিষ্টেমে ৰে’লখন নিয়ন্ত্ৰিত কৰে । এই পদ্ধতিটোৱে ডবাৰ সংখ্যা হিচাপ কৰিব পাৰে আৰু ৰে’লৰ গতিবেগ গণনা কৰাৰ লগতে এম আই এছ ৰিপ'ৰ্টো প্ৰস্তুত কৰি উলিয়াব পাৰে । এনেদৰে ৰে’লৰ ডবা পৰিষ্কৰণৰ অৰ্থে এই অত্যাধুনিক পদ্ধতিয়ে ডবা প্ৰক্ষালনৰ দিশত পৰম্পৰাগত মেনুৱেল পদ্ধতিৰ তুলনাত ডবা পৰিষ্কৰণৰ দিশত উন্নত মানদণ্ড বাৰ্তাই ৰাখিব পাৰে ।

উত্তৰ পূৱ সীমান্ত ৰে'লৱেত সংলগ্ন হ'ল স্বয়ংক্ৰিয় ডবা পৰিষ্কাৰ কৰা ব্যৱস্থা

ৰে’লৱেই শিলিগুড়ি, নিউ জলপাইগুৰি, ডিব্ৰুগড়, কাটিহাৰ, শিলচৰ, নাহৰলগুণ, আলিপুৰদুৱাৰ আৰু আগৰতলা ষ্টেচনতো এনেধৰণৰ ৮ টা এ চি ডব্লিউ পি স্থাপন কৰাৰ আঁচনি হাতত লৈছে । উল্লেখ্য যে, উত্তৰ পূৱ সীমান্ত ৰে’লৱেই কামাখ্যাত এই প্লান্টৰ কমিছনিঙৰ দ্বাৰা প্ৰযুক্তিগত সুবিধাৰ ব্যৱহাৰৰ দিশত পদক্ষেপ গ্ৰহণ কৰি পাৰিপাৰ্শ্বিক বহনযোগ্যতা অর্জনৰ ক্ষেত্ৰত আৰু এখোজ আগুৱাই গ'ল ।

লগতে পঢ়ক :ৰাষ্ট্ৰীয় খাদ‍্য সুৰক্ষা আইন: অবৈধ হিতাধিকাৰীয়ে ১৫ মাৰ্চৰ ভিতৰত ঘূৰাব লাগিব ৰেচন কাৰ্ড

ABOUT THE AUTHOR

...view details