গুৱাহাটীৰ সমীপত হ'ব আই আই এম : কেন্দ্ৰই অনুমোদন দিয়াৰ কথা জনালে মুখ্যমন্ত্রীয়ে - IIM Guwahati
IIM In Guwahati : গুৱাহাটীৰ সমীপত হ'বলগীয়া আই আই এমক পৰামৰ্শ প্ৰদান কৰিব আই আই এম আহমেদাবাদে। গুৱাহাটীৰ সমীপৰ কামৰূপ জিলাৰ মাৰাভিটাত আই আই এম নিৰ্মাণৰ প্ৰস্তাৱত কেন্দ্ৰৰ অনুমোদন। আই আই এমৰ বাবে ভূমি আবণ্টন আৰু লজিষ্টিক সমৰ্থন আগবঢ়াব অসম চৰকাৰে । সামাজিক মাধ্যম যোগে এই ভাল খবৰ শ্বেয়াৰ কৰিলে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই।

Published : June 2, 2024 at 9:22 PM IST
গুৱাহাটী, ২ জুন: অসমবাসীৰ বাবে সুখবৰ । গুৱাহাটীৰ সমীপত স্থাপন হ'ব ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট চমুকৈ আই আই এম। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই কেন্দ্ৰীয় চৰকাৰে গুৱাহাটীৰ সমীপৰ কামৰূপ জিলাৰ মাৰাভিটাত আই আই এম নিৰ্মাণৰ প্ৰস্তাৱত অনুমোদন জনায়। আজি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম যোগে এই ভাল খবৰ ৰাজ্যবাসীক অৱগত কৰে।
ইতিমধ্যে আই আই এম স্থাপনৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ নিৰ্দেশনা দিছে কেন্দ্ৰই। সামাজিক মাধ্যম যোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় - '২০২৩ চনত আমাৰ অনুৰোধৰ পাচত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৱাহাটীৰ সমীপত ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট (IIM) এখনক অনুমোদন জনাই অসমৰ জনসাধাৰণক উপহাৰ দিছে। আই আই টি, এইমছ, নেশ্বনেল ল' স্কুল আৰু এতিয়া আই আই এম থকা কেইখনমান চহৰৰ ভিতৰত গুৱাহাটীয়েও স্থান পাব।'
মুখ্যমন্ত্রীয়ে লগতে কয় - 'যোৱা ১৮ মাহত আমি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু শিক্ষা মন্ত্ৰণালয়ৰ ওচৰত এক সবল আৰ্জি উপস্থাপন কৰিছিলোঁ। অসমে এই প্ৰচেষ্টাৰ বাবে ভূমি আবণ্টন আৰু লজিষ্টিক সমৰ্থন আগবঢ়াইছিল। এতিয়া আই আই এম আহমেদাবাদে গুৱাহাটীত হ'বলগীয়া আই আই এমক পৰামৰ্শ প্ৰদান কৰিব।'
অসমবাসীক এই খবৰৰ বিষয়ে অৱগত কৰি মুখ্যমন্ত্রীয়ে কয় - 'ই অসমৰ বাবে এক যুগান্তকাৰী পদক্ষেপ হ'ব। ৰাজ্যখনক পূব ভাৰতত এক শিক্ষা কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লগতে অৰ্থনৈতিক চাহিদা পূৰণতো এই পদক্ষেপে যথেষ্ট সহায় কৰিব।' উল্লেখ্য যে গুৱাহাটীৰ সমীপত নিৰ্মাণ হ'বলগীয়া আই আই এমৰ ক্ষেত্রত মেণ্টৰ প্ৰতিষ্ঠান হিচাপে আই আই এম আহমেদাবাদক দায়িত্ব দিছে কেন্দ্ৰই।

