অসম

assam

Assam assembly winter session: কয়লা আৰু বাৰ্মিজ চুপাৰীৰ সৰবৰাহৰ ক্ষেত্রত আহিব নতুন SOP

By

Published : Dec 23, 2021, 6:04 PM IST

বিধানসভাত ৰাজ্যৰ কয়লাৰ খনন আৰু পৰিবহণ সন্দৰ্ভত বিতৰ্ক (Debate on mining and transportation of coal in assembly)। বিতৰ্কৰ মাজতে মুখ্যমন্ত্ৰীৰ ঘোষণা, কয়লা খনন-পৰিবহণ আৰু বাৰ্মিজ চুপাৰি সন্দৰ্ভত নতুন এছ অ' পি প্ৰকাশ কৰিব অসম চৰকাৰে ।

Assam assembly winter session
কয়লা আৰু বাৰ্মিজ চুপাৰীৰ সৰবৰাহৰ ক্ষেত্রত আহিব নতুন SOP

গুৱাহাটী,২৩ ডিচেম্বৰ :অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ বৃহস্পতিবাৰে চতুৰ্থ দিনা সদনত ৰাজ্যৰ কয়লাৰ খনন আৰু পৰিবহণ সন্দৰ্ভত বিতৰ্কৰ সৃষ্টি হয় (Debate on mining and transportation of coal in assembly) । এই বিতৰ্কত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অংশলৈ কয় যে অসমৰ মাজেৰে বহিঃৰাজ্যলৈ সৰবৰাহ কৰা কয়লাৰ বাহনৰ পৰীক্ষা কৰা নহ'ব । যদিহে গৰু নাইবা ড্ৰাগছৰ সৰবৰাহ নহয় । চুবুৰীয়া ৰাজ্যৰ লগত বেয়া হ'ব নোৱাৰি ।

মুখ্যমন্ত্ৰীগৰাকীৰ মতে ন্যায়ালয়ে অনুমতি দিছে যেতিয়া মেঘালয়ৰ কয়লা যাবই । তাত কিয় বাধা দিব অসম চৰকাৰে । মেঘালয়ৰ কয়লাক লৈ অসমত চুঙা পতাৰ পক্ষত নাই অসম চৰকাৰ বুলি মুখ্যমন্ত্রীয়ে সদৰি কৰে ।

তেওঁৰ মতে মেঘালয়ৰ কয়লাক লৈ থকা ধাৰণা সলনি কৰিব লাগিব । তেওঁলোকৰ বস্তু তেওঁলোকে নিবই । মুখ্যমন্ত্রীৰ বক্তব্যৰ মাজতে অখিল গগৈয়ে বিতৰ্কৰ সৃষ্টি কৰে যদিও মুখ্যমন্ত্রীয়ে স্পষ্টভাৱে কয় যে মাৰ্ঘেৰিটা আৰু ওমৰাংচুৰ কয়লাৰ খনন বন্ধ থাকিব । ডিমা হাচাওত বৰ্তমান ৩৫ হাজাৰ মেট্ৰিক টন কয়লা আছে আৰু এই কয়লা বিক্ৰীৰ বাবে কেবিনেটে অনুমতি দিছে ।

কয়লাৰ সৰবৰাহ সন্দৰ্ভত শীঘ্ৰে এছ অ' পি জাৰি কৰা হ'ব বুলি মুখ্যমন্ত্রীয়ে সদৰি কৰে (Assam govt will issue new SOP on coal supply)। ইফালে বাৰ্মিজ চুপাৰি সন্দৰ্ভতো বিধানসভাৰ মজিয়াত বিতৰ্কৰ সৃষ্টি হয় । শূন্যকালীন সময়ত উত্থাপন হোৱা চুপাৰি প্ৰসংগত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে বাৰ্মিজ চুপাৰি সন্দৰ্ভতো জাৰি কৰা হ'ব নতুন এছ অ' পি (New SOP for Burmese supari in Assam)। এই সন্দৰ্ভত ১০ জানুৱাৰীৰ ভিতৰত জাৰি কৰা হ'ব এই এছ অ' পি ।

মিজোৰামৰ পৰা অহা বাৰ্মিজ চুপাৰীৰ পৰা চৰকাৰে কোনো ধৰণৰ ৰয়েল্টী লাভ নকৰে । যাৰ বাবে এইক্ষেত্রত চৰকাৰে এছ অ' পি জাৰি কৰিব । সদনত মুখ্যমন্ত্রীয়ে নিজৰ তিনিটা বিপদৰ কথা উল্লেখ কৰে ।

মুখ্যমন্ত্রীয়ে কয় যে মেঘালয়ৰ কয়লা খনিত ধুবুৰী আৰু গোৱালপাৰাৰ বহু শ্ৰমিকে কাম কৰে । বিগত ছয় মাহ কঠোৰ হোৱা বাবে তেওঁলোকক লৈ এটা হেঁচা আছে । আনহাতে হেঁচা আছে কয়লাৰ ট্ৰাকত কাম কৰা অসমৰ মানুহখিনিক লৈ । সেইদৰে হেঁচা আছে উদ্যোগ বিভাগৰ ।

ঝাৰখণ্ডৰ পৰা কয়লা আনি ব্যৱসায় কৰাটো সম্ভৱ নহয় । ইফালে কয়লাৰ বাবে বৰাকৰ চিমেণ্ট ফেক্টৰী প্ৰভাৱিত হৈছে । চাহ বাগিছাৰ ফেক্টৰীটো প্ৰভাৱ পৰিছে । এইক্ষেত্রত সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰি সিদ্ধান্তত উপনীত হোৱাৰ কথা সদৰি কৰে মুখ্যমন্ত্রীগৰাকীয়ে ।

আনহাতে শ্বহীদ পৰিয়াল সন্দৰ্ভত মুখ্যমন্ত্রীয়ে সদনত কয় যে ভাৰত ত্যাগ আন্দোলনৰ শ্বহীদৰ পৰিয়াললৈ চৰকাৰে এককালীন সাহায্য আগবঢ়াব । ইতিমধ্যে ২০ জন শ্বহীদৰ পৰিয়াললৈ দিয়া হৈছে এই সাহায্য আৰু ৯ জন শ্বহীদৰ পৰিয়াললৈ দিব আছে এই এককালীন সাহায্য । ৩১ মাৰ্চৰ পূৰ্বে এই ৯ জন শ্বহীদৰ পৰিয়াললৈ ৫ লাখ টকাৰ সাহায্য প্ৰদান কৰা হ'ব ।

লগতে পঢ়ক :হতাশাত ৰাজ্যৰ খেতিয়ক: বিধানসভাত কৃষি মন্ত্ৰী অতুল বৰাৰ গা এৰা দিয়া মন্তব্য

ABOUT THE AUTHOR

...view details