ETV Bharat / state

হতাশাত ৰাজ্যৰ খেতিয়ক: বিধানসভাত কৃষি মন্ত্ৰী অতুল বৰাৰ গা এৰা দিয়া মন্তব্য

author img

By

Published : Dec 22, 2021, 8:33 PM IST

Updated : Dec 22, 2021, 10:18 PM IST

ৰাজ্যখনৰ ধান খেতিয়কৰ পৰা‌ চৰকাৰীভাৱে ধান ক্ৰয়ৰ অভিযান এইবাৰো ফুটুকাৰ ফেনত পৰিণত হোৱাৰ পিছত হতাশাত ভুগিছে প্ৰতিগৰাকী খেতিয়কে । যদিও চৰকাৰে প্ৰতিখন জিলাতেই ধান ক্ৰয়ৰ বাবে কেন্দ্ৰ স্থাপন কৰাৰ কথা ঘোষণা কৰিছিল এতিয়াও বহু জিলাত ধান ক্ৰয় কেন্দ্ৰ স্থাপন হোৱা নাই (lack of adequate paddy procurement centre in Assam)।

Winter session of Assam Assembly
তৃতীয় দিনা বিধানসভাত প্ৰশ্ন উঠিল কৃষকৰ ধানক লৈ

গুৱাহাটী, 22 ডিচেম্বৰ : ৰাজ্যৰ কৃষক সমাজক প্ৰতাৰণা কৰাৰ অভিযান অব্যাহত আছে ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma) নেতৃত্বাধীন চৰকাৰৰ কাৰ্য কালতো । ৰাজ্য খনৰ ধান খেতিয়কৰ পৰা‌ চৰকাৰীভাৱে ধান ক্ৰয়ৰ অভিযান এইবাৰো ফুটুকাৰ ফেনত পৰিণত হোৱাৰ পিছত হতাশাত ভুগিছে প্ৰতিগৰাকী খেতিয়কে ।‌‌ আজি‌ অসম বিধান সভাৰ মজিয়াত বিধায়ক মনোৰঞ্জন তালুকদাৰে সোধা এক প্ৰশ্ন ৰ উত্তৰ দিবলৈ গৈ কৃষি মন্ত্ৰী অতুল বৰাই কৰা কেতবোৰ মন্তব্যই পৰিস্থিতি উদঙাই দিছে ।

অসম বিধানসভাৰ চলিত শীতকালীন অধিৱেশন (Winter session of Assam Assembly 2021)ৰ আজি অৰ্থাৎ বুধবাৰে তৃতীয় দিনা ৰাজ্যৰ কৃষকৰ পৰা ধান ক্ৰয় সন্দৰ্ভত কৃষি মন্ত্ৰী অতুল বৰাই দিয়া উত্তৰে চৰকাৰখনৰ কৃষক বিৰোধী ছবিখনকে পুনৰবাৰ স্পষ্ট কৰিছে । আজি সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ এটা গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰত কৃষি মন্ত্ৰী অতুল বৰাই কয় যে, ৰাজ্যৰ প্ৰতিখন জিলাতে স্থাপন কৰা হৈছে ধান ক্ৰয় কেন্দ্ৰ ।

এফ চি আই, এন চি চি এফ, কৃষি বিপণন পৰিষদে (Assam State Agricultural Marketing Board ) ৰাজ্যত উৎপাদিত ধান ক্ৰয় কৰিব ৷ তেওঁৰ মতে, ধান ক্ৰয় কেন্দ্ৰ স্থাপনৰ বাবে প্ৰয়োজন ধান কল আৰু গুদামৰ । ধান-কল আৰু গুদামৰ অভাৱত বহু সমষ্টিত ধান ক্ৰয় কেন্দ্ৰ স্থাপন কৰিব পৰা নাই বুলিও তেওঁ সদনত উল্লেখ কৰে ।

Winter session of Assam Assembly
তৃতীয় দিনা বিধানসভাত প্ৰশ্ন উঠিল কৃষকৰ ধানক লৈ

এফ চি আইৰ ধান ক্ৰয়ৰ প্ৰসংগক লৈ চি পি আই এম বিধায়ক মনোৰঞ্জন তালুকদাৰৰ প্ৰশ্নৰ উত্তৰত কৃষি মন্ত্ৰী বৰাই (Agriculture minister Atul bora) একপ্ৰকাৰ গা এৰা দিয়া উত্তৰ দি কয়, অসমৰ ধানত বৰ্তমান সময়ত আদ্ৰতা বেচি থকা বাবেই কেন্দ্ৰীয় সংস্থাটোৱে অসমৰ কৃষকৰ ধান কিনিবলৈ অপৰাগতা প্ৰকাশ কৰিছে । তালুকদাৰে বিজেপি চৰকাৰৰ আগৰ প্ৰতিশ্ৰুতি সোঁৱৰাই দি কয় যে, বৰ্তমানৰ বিজেপি চৰকাৰে অসমৰ কৃষকৰ পৰা ধান ক্ৰয়ৰ ক্ষেত্ৰত নিজৰ প্ৰতিশ্ৰুতি ৰাখিব পৰা নাই ৷

লগতে কয় যে চৰকাৰৰ প্ৰক্ৰিয়াগত বিলম্বৰ বাবে কৃষকে উৎপাদিত ধানৰ উচিত মূল্যৰ পৰা বঞ্চিত হৈ আছে ৷ তেওঁ লগতে কয় যে, যদিও চৰকাৰে প্ৰতিখন জিলাতেই ধান ক্ৰয়ৰ বাবে কেন্দ্ৰ স্থাপন কৰাৰ কথা ঘোষণা কৰিছিল এতিয়াও বহু জিলাত ধান ক্ৰয় কেন্দ্ৰ স্থাপন হোৱা নাই । এতিয়া ডিচেম্ৱৰ মাহ আৰু ইতিমধ্যেই কৃষকৰ ধান মধ্যভোগীৰ হাতলৈ গৈছে আৰু এতিয়া যদিও চৰকাৰে ধান ক্ৰয় কেন্দ্ৰ স্থাপন কৰে তেন্তে কৃষকৰ সলনি মধ্য়ভোগীয়েহে সুবিধা ল’ব পাৰিব ।

মনকৰিবলগীয়া যে, অসমৰ ধানত আদ্ৰতা অধিক থকাৰ কথাক লৈয়ে ভাৰতীয় খাদ্য নিগমে ৰাজ্যখনৰ কৃষকৰ পৰা ধান কিনাৰ ক্ষেত্ৰত হোহকা পিছলা নীতি লৈ আহিছে ৷ তাৰ দ্বাৰা প্ৰত্যক্ষভাৱে ক্ষতিগ্ৰস্ত হৈছে অসমৰ খেতিয়ক । কিন্তু তাৰ পিছতো ধানৰ আৰ্দ্ৰতা হ্ৰাসৰ কোনো ব্যাৱস্থা নকৰি বিভাগীয় মন্ত্ৰী গৰাকীয়ে বহিৰাগত লবীৰ পৃষ্ঠপোষকতা কৰা বুলি সচেতন কৃষক ৰাইজে আঙুলিয়াই দিছে ।

উল্লেখযোগ্য যে, বিগত অক্টোবৰ মাহত ৰাজ্য চৰকাৰে কৰা ঘোষণা কৰিছিল যে, ভাৰতীয় খাদ্য নিগমে অসমৰ কৃষকৰ পৰা ৭ লাখ মেট্ৰিক টন ধান ক্ৰয় কৰিব । পিছত এই পৰিসংখ্যা ১০ লাখ মেট্ৰিক টন বুলি কোৱা হৈছিল । কিন্তু অতি লক্ষণীয়ভাৱে অসমৰ কৃষকে ইতিমধ্যে ধান কাটি খেতিৰ ঋণ পৰিশোধ কৰিবলৈ কম দামতে পূৰ্বৰ দৰে ধান বিক্ৰী কৰিব লগা‌ হৈছে ।

এই পৰিস্থিতিয়ে প্ৰমাণ কৰিছে কৃষি মন্ত্ৰী অতুল বৰাৰ ব্যৰ্থতা । ইফালে কৃষি মন্ত্ৰীগৰাকীৰ উত্তৰ বিৰোধীৰ বা কৃষক সমাজৰ বাবে গ্ৰহনযোগ্য নোহোৱাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে, মধ্যভোগীৰ দপদপনি বন্ধ কৰিবলৈ লোৱা হৈছে ধান ক্ৰয়ৰ বিশেষ পদক্ষেপ (Himanta Biswa Sarma on paddy procurement) । এম এছ পিৰ জৰিয়তে কৃষকে লাভ কৰিব প্ৰতি কুইণ্টল ধানত ১৯৪০ টকা ।

এই ব্যৱস্থাৰ ফলত কৃষকে প্ৰত্যক্ষভাৱে ধান বিক্ৰী কৰিব পাৰিব আৰু মধ্যভোগীৰ দপদপনি শেষ হ’ব । মুখ্যমন্ত্ৰী গৰাকীয়ে সদনত আৰু কয় যে, আগন্তুক বিত্তীয় বৰ্ষৰ পৰা প্ৰযোজ্য হ’ব লগা এই ব্যৱস্থাত মাটিৰ স্বত্ব লাগিব কৃষকসকলক ৷ বিধায়ক পুঁজিৰ ধনো এইক্ষেত্ৰত ব্যয় কৰিব পাৰিব বুলি তেওঁ সদনক অৱগত কৰে ।

আনহাতে, এই প্ৰসংগত বিধায়ক অখিল গগৈ (MLA Akhil Gogoi on paddy procurement) আৰু দুৰ্গাদাস বড়োৱেও উত্থাপন কৰে পৰিপূৰক প্ৰশ্ন । চৰকাৰৰ অনীহাৰ বাবেই অসমত ধানৰ উৎপাদন ক্ৰামাগত ভাৱে কমি যোৱা পৰিলক্ষিত হৈছে ৷ 2018-19 বৰ্ষত অসমত 90 লাখ মেট্ৰিক টন ধান উৎপাদন হোৱাৰ বিপৰীতে 2019-20 বৰ্ষত মাত্ৰ 82 লাখ মেট্ৰিক টন ধানহে উৎপাদন হৈছে ৷

লগতে পঢ়ক : Winter session of Assam Assembly : আজিৰে পৰা আৰম্ভ অসম বিধানসভাৰ শীতকালীন অধিৱেশন

Last Updated : Dec 22, 2021, 10:18 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.