অসম

assam

MLA Mrinal Saikia Tweet : নিজ সমষ্টিত সংঘটিত দুৰ্নীতি সন্দৰ্ভত বিজেপি বিধায়কৰ টুইট

By

Published : Nov 29, 2022, 10:18 PM IST

MLA Mrinal Saikia Tweet
নিজ সমষ্টিত সংঘটিত দুৰ্নীতিৰ সন্দৰ্ভত বিজেপি বিধায়কৰ টুইট

নিজ দলৰে চৰকাৰৰ বিৰুদ্ধে পুনৰ ক্ষোভ উজাৰিলে বিধায়ক মৃণাল শইকীয়াই (MLA Mrinal Saikia)৷ খুমটাই সমষ্টিত সংঘটিত দুৰ্নীতিৰ বিৰুদ্ধে টুইট যোগে অভিযোগ উত্থাপন কৰিলে বিধাকগৰাকীয়ে ৷

নিউজ ডেস্ক, 29 নৱেম্বৰ : ‘এতিয়া শিয়ালৰ দিন’ ৷ নিজ দলৰ শাসনতে হোৱা দুৰ্নীতিৰ বিৰুদ্ধে সৰৱ হৈ পৰিল বিজেপিৰ বিধায়ক (MLA Mrinal Saikia)৷ খুমটাই সমষ্টিৰ বাবে অনুমোদিত লোকনিৰ্মাণ বিভাগৰ 7 খন আঁচনিৰ কামৰ সবিশেষ উল্লেখ কৰি মঙলবাৰে এক টুইট কৰে সমষ্টিটোৰ বিধায়ক মৃণাল শইকীয়াই (Scam in scheme at Khumtai)

আঁচনিকেইখন ৰূপায়ণত সংঘটিত হোৱা বিয়াগোম দুৰ্নীতিৰ কথা উল্লেখ কৰি বিধায়কগৰাকীয়ে ক্ষোভ উজাৰিছে টুইটাৰ যোগে ৷ সমষ্টিটোৰ বাবে অনুমোদিত পথ নিৰ্মানৰ 7 খন আঁচনিত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগেৰে বিধায়কগৰাকীয়ে ‘এতিয়া শিয়ালৰ দিন’ বুলি উল্লেখ কৰিছে (Mrinal Saikia tweet)৷ লগতে তেওঁ কৈছে যে, লোকনিৰ্মাণ বিভাগত পথৰ কাম কৰি জীৱন গঢ়িব বিচৰাসকলে এতিয়া বিদায় ল’ব লাগিব ৷ পৰিৱৰ্তে দুৰ্নীতিগ্ৰস্ত ডাঙৰ ডাঙৰ ঠিকাদৰাসকলে ডাঙৰ ডাঙৰ প্ৰজেক্টত কাম কৰাৰ সুবিধা লাভ কৰিব ৷

উল্লেখ্য যে, শাসকীয় দলৰ এগৰাকী বিধায়কৰ এই টুইটে সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ লক্ষ্যণীয়ভাৱে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ দায়িত্ব আছে লোকনিৰ্মাণ বিভাগ (Assam PWD)৷ মুখ্যমন্ত্ৰীগৰাকীৰ বিভাগতে বিয়াগোম কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰিলে একে দলৰে বিধায়ক মৃণাল শইকীয়াই ৷ ফলত দুৰ্নীতিৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰা বিজেপি নেতৃত্বাধীন চৰকাৰৰ শূণ্য সহনশীলতাৰ প্ৰতি এক ডাঙৰ প্ৰশ্নৰ উদয় হৈছে ৷

উল্লেখ্যযে ইয়াৰ পূৰ্বেও খুমটাই সমষ্টিৰ বিধায়ক তথা বিজেপি নেতা মৃণাল শইকীয়াই নিজ দলৰ সিদ্ধান্তৰ বিৰুদ্ধে মন্তব্য প্ৰকাশ কৰি চৰ্চিত হৈ পৰিছিল ৷ দিছপুৰৰ বাহিৰত অসম মন্ত্ৰীসভাৰ কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ বিৰোধিতা কৰা মৃণাল শইকীয়াক দাদা ব্ৰিগেডৰ লোকে বুজাই-বঢ়াই শান্ত কৰিবলগীয়া হৈছিল ৷

ইয়াৰ পাছতে খোদ মুখ্যমন্ত্ৰীৰ হাতত থকা বিভাগত দুৰ্নীতি সংঘটিত হোৱা বুলি তথ্যসহ সামাজিক মাধ্যমত প্ৰকাশ কৰাৰ পাছৰ দৃশ্য লক্ষ্যণীয় হ’ব বুলি ধাৰণা কৰা হৈছে ৷

লগতে পঢ়ক :NRC issue: এন আৰ চি কেলেংকাৰীত দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ জড়িত থকাৰ অভিযোগ

ABOUT THE AUTHOR

...view details