অসম

assam

Bajrang Arms training: আৰক্ষীৰ অনুমতি নোলোৱাকৈ মঙলদৈত বজৰঙৰ মাৰণাস্ত্ৰ চালনাৰ প্ৰশিক্ষণ ! চৰকাৰক তুলাধুনা মীৰা বৰঠাকুৰৰ

By

Published : Jul 31, 2023, 3:32 PM IST

এতিয়া ৰাজ্যুজৰি চৰ্চাত মঙলদৈত বজৰং দলৰ মাৰণাস্ত্ৰ চালনাৰ প্ৰশিক্ষণৰ প্ৰসংগ ৷ এই মাৰণাস্ত্ৰ চালনাৰ প্ৰশিক্ষণক গাৰ নোম শিঁয়ৰি উঠা ভয়াৱহ ভৱিষ্যতৰ ইংগিত আখ্যাৰে কঠোৰ সমালোচনা কৰে অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভনেত্ৰী মীৰা বৰঠাকুৰে।

Mira Borthakur reaction on Bajrang Arms training at Mangaldoi
আৰক্ষীৰ অনুমতি নোলোৱাকৈ মঙলদৈত বজৰঙৰ মাৰণাস্ত্ৰ চালনাৰ প্ৰশিক্ষণ ! কংগ্ৰেছৰ মীৰা বৰঠাকুৰৰ কঠোৰ সমালোচনা

আৰক্ষীৰ অনুমতি নোলোৱাকৈ মঙলদৈত বজৰঙৰ মাৰণাস্ত্ৰ চালনাৰ প্ৰশিক্ষণ ! কংগ্ৰেছৰ মীৰা বৰঠাকুৰৰ কঠোৰ সমালোচনা ৷

গুৱাহাটী, ৩১ জুলাই:আৰক্ষী-প্ৰশাসনৰ অনুমতি অবিহনে ৰাজ্যত ধৰ্মীয় সংগঠনৰ মাৰণাস্ত্ৰ চালনাৰ প্ৰশিক্ষণ ৷ মঙলদৈত বজৰং দলৰ মাৰণাস্ত্ৰ চালনাৰ প্ৰশিক্ষণক লৈ এতিয়া ৰাজ্যত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া ৷ এখন বিদ্যালয় প্ৰাংগনত পিষ্টল চালনাৰ প্ৰশিক্ষণক লৈ আন দল-সংগঠনৰ সমান্তৰালভাৱে সৰৱ হৈছে বিৰোধী কংগ্ৰেছ দল ৷

মঙলদৈৰ এই মাৰণাস্ত্ৰ চালনাৰ প্ৰশিক্ষণক গাৰ নোম শিঁয়ৰি উঠা ভয়াৱহ ভৱিষ্যতৰ ইংগিত আখ্যাৰে কঠোৰ সমালোচনা কৰে অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভনেত্ৰী মীৰা বৰঠাকুৰে।

“দৰং জিলাৰ মঙলদৈত এখন বিদ্যালয়ত বজৰং দলে মাৰণাস্ত্ৰ প্ৰশিক্ষণ দিছে ৷ দৰং জিলাৰ এছপিক সোধোতে তেওঁ কৈছে তেওঁলোকৰ হাতত তেনে কোনো তথ্য নাই ৷ সমুখত ২০২৪ৰ নিৰ্বাচন আহি আছে ৷ তেনে সময়তে আৰক্ষীৰ অনুমতি নোলোৱাকৈ আৰ্মছ লৈ প্ৰশিক্ষণ দিছে, ৰাস্তাত বেনাৰ লৈ শোভাযাত্ৰা কেনেকৈ কৰিব পাৰে ? কেনেকুৱা এক সংকেত আহি আছে ?” প্ৰশ্ন অসম কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী মীৰা বৰঠাকুৰৰ ।

“মঙলদৈত এখন বিদ্যালয়ত আৰক্ষী-প্ৰশাসনৰ অনুমতি নোলোৱাকৈ SP-DGPৰ নাকৰ তলতে মাৰণাস্ত্ৰ চালনাৰ অভ্যাস ৷ আইন-শৃংখলাৰ ওপৰত নিয়ন্ত্ৰণ নাই আৰক্ষীৰ ৷ CAA আন্দোলনৰ সময়ত ৩ জন নিৰীহ লোকক মাৰিবলৈ ১ মিনিট সময় নালাগিল ৷ কিন্তু মঙলদৈত আৰক্ষীৰ অনুমতি বিহনে কেনেকেৈ বজৰং দলৰ অস্ত্ৰ চালনাৰ প্ৰশিক্ষণ চলিল?” — এই প্ৰশ্নৰে আৰক্ষী-প্ৰশাসনক কঠোৰ সমালোচনা কংগ্ৰেছ নেত্ৰী গৰাকীৰ ৷
উল্লেখযোগ্য যে মঙলদৈত হিন্দুত্ববাদী সংগঠন বজৰং দলৰ পিষ্টল চালনাৰ প্ৰশিক্ষণৰ ভিডিঅ’ সংবাদহমাধ্যম আৰু সামাজিক মাধ্যমত শেহতীয়াভাৱে প্ৰচাৰ হৈছিল ৷
ধৰ্মীয় সংগঠনটোৰ ৫৫৫ গৰাকী সদস্যক অস্ত্ৰ চালনাৰ প্ৰশিক্ষণ দিয়া হয় বুলি সংগঠনটোৱে জানিবলৈ দিছিল । ৰাজ্যৰ প্ৰতিখন জিলাৰ পৰা ১০-১৫গৰাকী প্ৰশিক্ষাৰ্থীয়ে এই প্ৰশিক্ষণ কাৰ্যসূচীত অংশ লোৱাৰ লগতে অন্য ৰাজ্যৰ পৰাও প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে ৷ ইয়াত প্ৰশিক্ষণ দিয়া হয় বন্দুক চালনাৰ লগতে তৰোৱাল চালনাৰো। চাৰি দিনীয়াকৈ অনুষ্ঠিত কৰা এই প্ৰশিক্ষণত কেৱল অসমৰে নহয়, ত্ৰিপুৰা, মেঘালয়ৰ পৰাও অহা প্ৰশিক্ষাৰ্থীয়েও অংশগ্ৰহণ কৰে ৷

আৰক্ষীৰ অনুমতি অবিহনে পতা বজৰং দলৰ এই অস্ত্ৰ চালনা প্ৰশিক্ষণক ২০২৪ৰ নিৰ্বাচনত বল-ভীতিৰে ক্ষমতা দখলৰ নেট প্ৰেক্টিছ আখ্যা কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ ৷ লগতে তেওঁ কয় যে—“ এয়া ভয়ংকৰ সংকটৰ কথা ৷ বাতৰিত বাজিছে কিন্তু মঙলদৈৰ আৰক্ষী অধীক্ষকে গম নাপায় ৷ আৰক্ষী সঞ্চালক প্ৰধানে গম নাপায় ৷ মুখ্যমন্ত্ৰী নীৰৱ ৷ প্ৰশাসন কাগজৰ বাঘ ৷”

কংগ্ৰেছ তথা আন বিৰোধীৰ কঠোৰ সমালোচনাৰ পিচত আৰক্ষী-প্ৰশাসনে আৰক্ষীৰ অনুমতি নোলোৱাকৈ অস্ত্ৰ চালনা শিকোৱা বজৰং দলৰ বিৰুদ্ধে কিবা ব্যৱস্থা ল’ব নে নলয় সেয়া হ’ব লক্ষ্যণীয় ৷

লগতে পঢ়ক:Training in pistol riding: মঙলদৈত বজৰং দলৰ কৰ্মীক বন্দুক চালনাৰ চাৰিদিনীয়া প্ৰশিক্ষণ

ABOUT THE AUTHOR

...view details