Training in pistol riding: মঙলদৈত বজৰং দলৰ কৰ্মীক বন্দুক চালনাৰ চাৰিদিনীয়া প্ৰশিক্ষণ

By

Published : Jul 30, 2023, 10:44 PM IST

thumbnail

মঙলদৈ, 30 জুলাই : দৰং জিলাৰ মঙলদৈত পিষ্টল চালনাৰ প্ৰশিক্ষণ দিয়া হয় ৷ অসম প্ৰদেশ ৰাষ্ট্ৰীয় বজৰং দলৰ উদ্যোগত চাৰিদিনীয়া কাৰ্যসূচীৰে এই প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয় ৷  প্ৰশিক্ষণ শিবিৰত মুঠ 555 গৰাকী সদস্যক প্ৰশিক্ষণ প্ৰদান কৰা হয়।ৰাজ্যৰ প্ৰতিখন জিলাৰ পৰা 10-15 গৰাকী প্ৰশিক্ষাৰ্থীয়ে এই প্ৰশিক্ষণ কাৰ্যসূচীত অংশ লোৱাৰ লগতে অন্য ৰাজ্যৰ পৰাও প্ৰশিক্ষাৰ্থী আহে বুলি জানিব পৰা গৈছে ৷ সংগঠনটোৱে জানিবলৈ দিয়া মতে, এই শিবিৰৰ উদ্দেশ্য হৈছে উঠি অহা প্ৰজন্মক আত্মৰক্ষাৰ কৌশল শিকোৱা । প্ৰশিক্ষণৰ জৰিয়তে আত্মৰক্ষাৰ বাবে তেওঁলোকক ভিন্ন কৌশল শিকোৱা হয়।

বন্দুক চালনাৰ লগতে তৰোৱাল চালনাৰো প্ৰশিক্ষণ দিয়া হয় । অসমৰ লগতে ত্ৰিপুৰা, মেঘালয়ৰ পৰাও অহা প্ৰশিক্ষাৰ্থীয়ে ইয়াত অংশগ্ৰহণ কৰে।

লগতে পঢ়ক: SI Pranab Nath case: দুৰ্নীতি নিবাৰক শাখাৰ জালত যোৰহাট নগৰ আৰক্ষী উপ পৰিদৰ্শক প্ৰণৱ নাথ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.