অসম

assam

Minister Bimal Bora: প্ৰধানমন্ত্ৰী নিয়োগ সৃষ্টি আঁচনিৰ দ্ৰূত ৰূপায়ণৰ বাবে বেংক কৰ্তৃপক্ষৰে আলোচনা মন্ত্ৰী বিমল বড়াৰ

By

Published : Jul 30, 2022, 9:49 PM IST

Minister Bimal Bora
নিয়োগ সৃষ্টি আঁচনিৰ দ্ৰূত ৰূপায়ণৰ বাবে বেংক কৰ্তৃপক্ষৰে আলোচনা মন্ত্ৰী বিমল বড়াৰ ()

গুৱাহাটীস্থিত ষ্টেট বেংক অৱ ইণ্ডিয়া স্থানীয় মুখ্য কাৰ্যালয়, চেণ্ট্ৰেল বেংক অৱ ইণ্ডিয়াৰ আঞ্চলিক কাৰ্যালয় আৰু অসম গ্ৰামীণ বিকাশ বেংকৰ মুখ্য কাৰ্যালয়ত মন্ত্ৰী বিমল বড়া (Minister Bimal Bora)। যুৱচামক অধিক হাৰত ঋণ প্ৰদানৰ ব্যৱস্থা কৰিবলৈ আহ্বান মন্ত্ৰীগৰাকীৰ ৷

গুৱাহাটী, ৩০ জুলাই: প্ৰধানমন্ত্ৰী নিয়োগ সৃষ্টি আঁচনিৰ(PMEmployment Generation Programme) দ্ৰূত ৰূপায়ণৰ জৰিয়তে ৰাজ্যৰ জনসাধাৰণক স্বাৱলম্বী তথা ৰাজ্যত নিয়োজনৰ সুবিধা গঢ়ি তোলাৰ বাবে বেংকৰ ঋণ প্ৰদান ব্যৱস্থা সৰলীকৰণ কৰাৰ লগতে এই ক্ষেত্ৰত বেংকৰ অংশীদাৰিত্ব বৃদ্ধিৰ বাবে ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু প্ৰতিষ্ঠান দপ্তৰৰ মন্ত্ৰী বিমল বড়াই(Minister Bimal Bora) কেবাটাও বেংক কতৃপক্ষৰে আজি আলোচনাত মিলিত হয় ।

প্ৰধানমন্ত্ৰী নিয়োগ সৃষ্টি আঁচনিৰ দ্ৰূত ৰূপায়ণৰ বাবে বেংক কৰ্তৃপক্ষৰে আলোচনা

আজি পুৱাৰ ভাগত ভাৰতীয় ষ্টেট বেংকৰ অসম চক্ৰৰ দিছপুৰস্থ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ বেংকটোৰ অসম চক্ৰৰ মুৰব্বী অৰবিন্দ কুমাৰ সিঙৰ সৈতে এক বৈঠকত মিলিত হয় । বৈঠকত মন্ত্ৰী বিমল বড়াই নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছত অসম তথা উত্তৰ পূৰ্বাঞ্চলক এক অন্য দৃষ্টিৰে চাবলৈ লৈছে বুলি মত প্ৰকাশ কৰি ৰাজ্যখনক বিকাশৰ পথত আগবঢ়াই নিয়াৰ বাবে বেংকটোৰ সহায় বিচাৰে । মুৰব্বী গৰাকীক যুৱচামক অধিক হাৰত ঋণ প্ৰদানৰ ব্যবস্থা কৰিবলৈ তেওঁ আহ্বান জনায় (Minister Bimal Bora discusses bank authorities)।

প্ৰধানমন্ত্ৰী নিয়োগ সৃষ্টি আঁচনিৰ দ্ৰূত ৰূপায়ণৰ বাবে বেংক কৰ্তৃপক্ষৰে আলোচনা

ইয়াৰ পাছত মন্ত্ৰীগৰাকীয়ে চেণ্ট্ৰেল বেংকৰ মাণ্ডলিক কাৰ্যালয় আৰু অসম গ্ৰামীণ বিকাশ বেংকৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ কেন্দ্ৰীয় চৰকাৰে পি এম ই জি পিৰ অধীনত এহেজাৰ কোটি টকা প্ৰদান কৰিব বুলি উল্লেখ কৰি এই আঁচনিৰ সফল ৰূপায়ণৰ বাবে বেংক দুটিৰ ঋণৰ অংশীদাৰীত্ব বৃদ্ধিৰ আহ্বান জনায় (PMRGS in Assam)। লগতে জনসাধাৰণে যাতে সময়মতে ঋণলোৱা ধন পৰিশোধ কৰে তাৰ বাবে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ ব্যবস্থা গ্ৰহণ কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে মন্ত্ৰীগৰাকীয়ে ।

প্ৰধানমন্ত্ৰী নিয়োগ সৃষ্টি আঁচনিৰ দ্ৰূত ৰূপায়ণৰ বাবে বেংক কৰ্তৃপক্ষৰে আলোচনা

এই বৈঠকত মন্ত্ৰী বিমল বড়াৰ সৈতে উদ্যোগ বিভাগৰ সচিব লক্ষ্মণন এছ, আয়ুক্ত ঐনাম শৰণ কুমাৰ সিং, খাদী আৰু গ্ৰামোদ্যোগ আয়োগৰ উত্তৰ পূবৰ উপ মুখ্য কাৰ্যবাহী বিষয়া ড৹ সুকমল দেৱ, অসম উদ্যোগিক আন্তঃগাঁথনি উন্নয়ন নিগমৰ সঞ্চালক কমল বৈশ্য উপস্থিত আছিল ।

লগতে পঢ়ক:Voter List Amendment : 1 আগষ্টৰ পৰা আৰম্ভ হ’ব ভোটাৰ কাৰ্ডৰ লগতে আধাৰ সংযুক্ত কৰাৰ কাম

ABOUT THE AUTHOR

...view details