Voter List Amendment : 1 আগষ্টৰ পৰা আৰম্ভ হ’ব ভোটাৰ কাৰ্ডৰ লগতে আধাৰ সংযুক্ত কৰাৰ কাম

author img

By

Published : Jul 30, 2022, 8:35 PM IST

Voter List Amendment

ডিমা হাছাও জিলাত 1 আগষ্টৰ পৰা আৰম্ভ হ’ব ভোটাৰ কাৰ্ডৰ লগতে আধাৰ সংযুক্ত কৰাৰ কাম ৷ এই সময়চোৱাতে নতুন ভোটাৰসকলেও ভোটাৰ তালিকাত নিজৰ নাম অন্তৰ্ভূক্ত কৰাৰ লগতে পুৰণি ভোটাৰসকলেও ভোটাৰ তালিকাত সংশোধন কৰিব পাৰিব বিভিন্ন সংশোধনী কামকাজ ৷

ডিমা হাছাও, 30 জুলাই : ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশত সমগ্ৰ দেশৰ লগতে ডিমা হাছাও জিলাতো 1 আগষ্টৰ পৰা ভোটাৰ কাৰ্ডৰ লগতে আধাৰ সংযুক্তকৰণৰ কাম আৰম্ভ হ’ব । শনিবাৰে হাফলং জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভা কক্ষত এক সংবাদমেল সম্ভোধন কৰি এই কথা সদৰি কৰে জিলা উপায়ুক্ত নাজৰিন আহমেদে (Meeting about Voter List Amendment in Haflong) ।

1 আগষ্টৰ পৰা আৰম্ভ হ’ব ভোটাৰ কাৰ্ডৰ লগতে আধাৰ সংযুক্ত কৰাৰ কাম

তেওঁ কয়, দেশৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশত অহা 1 আগষ্টৰ পৰা ভোটাৰ কাৰ্ডৰ লগতে আধাৰ কাৰ্ড সংযুক্ত কৰণৰ কাম আৰম্ভ হ’ব ৷ এই প্ৰক্ৰিয়া চলিব 2023 চনৰ 31 আগষ্টলৈকে । যদিহে ভোটাৰ কাৰ্ডৰ লগতে কোনো লোকে আধাৰ কাৰ্ড সংযুক্ত কৰিব নিবিচাৰে, তেনেহ’লে এমজিএনৰেগাৰ জব কাৰ্ড বেংক বা পোষ্ট অফিচৰ পাচবুক স্বাস্থ্য বীমা স্মাৰ্ট কাৰ্ড, ড্ৰাইভিং লাইচেন্স, পেন কাৰ্ড, পাছপোৰ্ট, পেনচন ডকুমেণ্ট, চাৰ্ভিছ পৰিচয় পত্ৰ আদি প্ৰমাণ পত্ৰৰ সৈতেও ভোটাৰ কাৰ্ডৰ লগতে সংযুক্ত কৰিব পাৰিব ৷

ইয়াৰ উপৰি দেশৰ নিৰ্বাচন আয়োগে জাৰি কৰা তথ্য অনুসৰি, পূৰ্বতে 18 বয়সৰ যুৱক-যুৱতীসকলে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰাৰ সময় আছিল 1 জানুৱাৰী । এতিয়া এই নিয়ম সলনি কৰি 1 জানুৱাৰী, 1 এপ্ৰিল, 1 জুলাই আৰু 1 অক্টোবৰ কৰা হৈছে । এই সময়চোৱাতে নতুন ভোটাৰসকলে নিজৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ বাবে আবেদন কৰিব পাৰিব ।

এই ক্ষেত্ৰত দেশৰ নিৰ্বাচন আয়োগৰ পৰ্টেল আৰু এপৰ জৰিয়তে অনলাইনযোগে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তি কৰা বা কৰ্তন কৰা নাইবা ভোট কেন্দ্ৰ সলনি ইত্যাদি কৰিব পাৰিব (Nationwide Voter List Amendment Work) ৷ সংবাদ মেলযোগে এই কথা সদৰি কৰে জিলা উপায়ুক্ত নাজৰিন আহমেদে ।

লগতে পঢ়ক : Voter List Amendment : মৰিগাঁৱত ভোটাৰ তালিকা সংশোধন সম্পৰ্কীয় সভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.