Voter List Amendment : মৰিগাঁৱত ভোটাৰ তালিকা সংশোধন সম্পৰ্কীয় সভা

author img

By

Published : Jul 30, 2022, 7:56 PM IST

Voter list
Voter list ()

শনিবাৰে বিয়লি ৩.৩০ বজাত মৰিগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত ভোটাৰ তালিকাৰ আগন্তুক বিশেষ সংক্ষিপ্ত সংশোধনী বিষয়ক লৈ এক বিশেষ সভা অনুষ্ঠিত হয় (Meeting about Voter List Amendment in Morigaon)। উক্ত সভা সন্দৰ্ভত এক সংবাদমেলো অনুষ্ঠিত হয় ৷

ধিং, ৩০ জুলাই : ২০২৪ চনত লোকসভা নিৰ্বাচন (Lok Sabha Election 2024) । তাৰ পূৰ্বে চলিছে দেশজুৰি ভোটাৰ তালিকা সংশোধনী কাম । নতুন ভোটাৰৰ নাম অন্তৰ্ভুক্ত, ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন, সংশোধনী আদি বিভিন্ন সংশোধনী কাম আৰম্ভ হৈছে (Nationwide Voter List Amendment Work) ।

তাৰেই অংশ হিচাবে শনিবাৰে বিয়লি ৩.৩০ বজাত মৰিগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত ভোটাৰ তালিকাৰ আগন্তুক বিশেষ সংক্ষিপ্ত সংশোধনী বিষয়ক লৈ এক বিশেষ সভা অনুষ্ঠিত হয় (Meeting about Voter List Amendment in Morigaon)। উক্ত সভা সন্দৰ্ভত এক সংবাদমেলো অনুষ্ঠিত হয় । উক্ত সংবাদমেলত জিলা নিৰ্বাচনী বিষয়া তথা প্ৰশানৰ তৰফৰ পৰা জানিবলৈ দিয়ে যে এই বিশেষ সংক্ষিপ্ত পুনৰ সংশোধনীত কেইবাটাও বিষয় সামৰি লোৱা হ'ব (Voter List Amendment meeting Morigaon DC office) ।

ইয়াৰে ভিতৰত অহা ১ অক্টোবৰ, ২০২২ বা ১ জানুৱাৰী ২০২৩ ত ১৮ বছৰ সম্পূৰ্ণ হোৱা তৰুণ ভোটাৰসকলৰ নাম অন্তৰ্ভূক্ত কৰা, ভোট কেন্দ্ৰ পুনৰ নিৰ্ধাৰণ, বিগত বছৰত মৃত্যু হোৱা ব্যক্তি বা বসবাসৰ ঠিকনা সলনি সূত্ৰে তালিকাৰ পৰা নাম কৰ্তন, ভুল হৈ থকা নাম বা ফটো সলনি কৰা, ইচ্ছাকৃতভাৱে আধাৰ নম্বৰ সংলগ্ন কৰা আদি কাম কৰা হ'ব ।

এই সংক্ৰান্তীয় আবেদন প্ৰ-পত্ৰ অনলাইন আৰু অফলাইন দুয়োটা মাধ্যমতে উপলব্ধ হ'ব জনাইছে নিৰ্বাচনী বিষয়াই । আনহাতে, উক্ত সংশোধনীৰ পিছত অহা ৯ নৱেম্বৰত খচৰা তালিকা প্ৰকাশ কৰা হ'ব । তাৰ পিছত ৮ ডিচেম্বৰলৈ কাৰোবাৰ কিবা ওজৰ-আপত্তি থাকিলে সেয়া গ্ৰহণ কৰা হ'ব । ২৬ ডিচেম্বৰৰ ভিতৰত উক্ত ওজৰ-আপত্তি নিষ্পত্তি কৰা হ'ব আৰু ৫ জানুৱাৰী, ২০২৩ তাৰিখে চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব ।

জিলা উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াৰ (DC of Morigaon District) পৌৰাহিত্যত অনুষ্ঠিত আজিৰ সভাত অতিৰিক্ত উপায়ুক্ত গৰ্গমোহন দাস তথা নিৰ্বাচনী বিষয়া দ্বীপময় ঠাকুৰীয়াও উপস্থিত থাকে ।

লগতে পঢ়ক :Drugs Disposal at Guwahati: চন্দ্ৰপুৰত ১০০ কোটি মূল্যৰ ড্ৰাগছ বিনষ্ট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.