Drugs Disposal at Guwahati: চন্দ্ৰপুৰত ১০০ কোটি মূল্যৰ ড্ৰাগছ বিনষ্ট

author img

By

Published : Jul 30, 2022, 6:32 PM IST

Drugs

গুৱাহাটী মহানগৰীৰ সমীপৱৰ্তী চন্দ্ৰপুৰত নাৰ্কটিক্স কণ্ট্ৰোল ব্যুৰো (Narcotics Control Bureau) আৰু গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্তই (Guwahati City Police Commissioner) দুটাকৈ স্থানত পৃথকে পৃথকে দাহন তথা বিনষ্ট কৰে বৃহৎ সংখ্যক ড্ৰাগছ, কফ চিৰাপ, গাঞ্জা আদিকে ধৰি বহু নিচাযুক্ত দ্ৰৱ্য (Drugs disposal in Guwahati) ।

গুৱাহাটী,৩০ জুলাই : আজি সমগ্ৰ দেশতে আৰক্ষী তথা নাৰ্কটিক্সে বিভিন্ন সময়ত বিভিন্ন স্থানত জব্দ কৰা নিচাযুক্ত দ্ৰৱ্য দাহন তথা বিনষ্ট কৰাৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে (Seized Drugs burnt all over India) । গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশক্ৰমে প্ৰতিখন ৰাজ্যতে ৰূপায়ণ কৰা এই কাৰ্যসূচীৰ অংশ হিচাবে অসমত নিচাযুক্ত দ্ৰৱ্য ৰাজহুৱাভাৱে বিনষ্ট কৰা হৈছে ।

চন্দ্ৰপুৰত প্ৰায় ১০০ কোটি মূল্যৰ ড্ৰাগছ বিনষ্ট

গুৱাহাটী মহানগৰীৰ সমীপৱৰ্তী চন্দ্ৰপুৰত নাৰ্কটিক্স কণ্ট্ৰোল ব্যুৰো (Narcotics Control Bureau) আৰু গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্তই (Guwahati City Police Commissioner) দুটাকৈ স্থানত পৃথকে পৃথকে দাহন তথা বিনষ্ট কৰে বৃহৎ সংখ্যক ড্ৰাগছ, কফ চিৰাপ, গাঞ্জা আদিকে ধৰি বহু নিচাযুক্ত দ্ৰৱ্য (Drugs disposal in Guwahati) ।

মহানগৰ আৰক্ষীয়ে মহানগৰীৰ ভিন্ন প্ৰান্তত অভিযান চলাই জব্দ কৰা নিচাযুক্ত দ্ৰৱ্যসমূহ পানীখাইতী হাতীশিলাৰ ব্ৰহ্মপুত্ৰৰ পাৰত বিনষ্ট কৰাৰ বিপৰীতে NCBয়ে হাজংবাৰীস্থিত ফ্ৰেছ এয়াৰ নামৰ কাৰখানাটোত বিনষ্ট কৰে । NCBয়ে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা জব্দ কৰা প্ৰায় 59,091 হাজাৰ কফ চিৰাপৰ বটল, 765.380 কেজি গাঞ্জা আৰু বৃহৎ পৰিমাণৰ ড্ৰাগছ দাহন কৰে ।

ইপিনে মহানগৰ আৰক্ষীয়ে মহানগৰীৰ বিভিন্ন প্ৰান্তৰ পৰা অৰ্থাৎ গুৱাহাটী মহানগৰীৰ ১৮ খন থানা এলেকাৰ পৰা বিভিন্ন সময়ত জব্দ কৰা হেৰইন 6.730 কেজি, গাঞ্জ 1317.935 কেজি, কোকেইন 3.61 গ্ৰাম, টেবলেট 19,17,600 টা, কফ চিৰাপ 3,74,985 টা, ব্ৰাউন ছুগাৰ 52.2 গ্ৰাম, Methmphetamine 13.754 গ্ৰাম শনিবাৰে চন্দ্ৰপুৰৰ ব্ৰহ্মপুত্ৰ নৈৰ পাৰৰ হাতিশীলাত বিনষ্ট কৰে । চন্দ্ৰপুৰত দাহন কৰা ড্ৰাগছৰ মূল্য প্ৰায় ১০০ কোটি টকা (Worth of 100 crores drugs burnt in Guwahati) । মহানগৰ আৰক্ষী যুটীয়া আয়ুক্ত পাৰ্থ সাৰথি মহন্তই ৰোলাৰ চলাই নষ্ট কৰে নিচাযুক্ত দ্ৰৱ্যসমূহ ।

উল্লেখ্য, বৰপেটা আৰক্ষী ছাউনি চৌহদতো শনিবাৰে দাহন কৰা হয় বহু পৰিমাণৰ নিচাযুক্ত সামগ্ৰীকে ধৰি ড্ৰাগছ আৰু গাঞ্জা (Barpeta police burnt Drugs) ৷ বিগত ছয় মাহত বৰপেটাৰ বিভিন্ন স্থানত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰা নিচাযুক্ত সামগ্ৰী, ড্ৰাগছ আৰু গাঞ্জাসমূহ আনুষ্ঠানিকভাৱে দাহন কৰা হয় ৷ পশ্চিম মণ্ডলৰ আৰক্ষী মহাপৰিদৰ্শক দিলীপ দে'ৰ (West Zone IGP Dilip Kumar Dey) উপস্থিতিত দাহন কৰা হয় এই নিচাযুক্ত সামগ্ৰীসমূহ ৷

দাহন কাৰ্যসূচীত অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশ দেৱাশিস কাশ্যপ, আৰক্ষী অধীক্ষক অমিতাভ সিনহা, অতিৰিক্ত আৰক্ষী প্ৰদীপ শইকীয়া আৰু সহকাৰী আয়ুক্ত দীপাংকৰ কলিতা উপস্থিত থাকে ৷ আৰক্ষী মহাপৰিদৰ্শক (আই জি পি) দিলীপ দে'য়ে সদৰী কৰা অনুসৰি, শনিবাৰে বৰপেটাত মুঠ ১ কোটি ৭৫ লাখ টকাৰ ড্ৰাগছ আৰু গাঞ্জাসহ নিচাযুক্ত সামগ্ৰী দাহন কৰা হয় ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.