অসম

assam

Artificial flood in Guwahati: কৃত্ৰিম বান ৰোধৰ বাবে প্ৰয়োজন হ’লে চলোৱা হ’ব উচ্ছেদ- মন্ত্ৰী অশোক সিংহল

By

Published : Jun 20, 2023, 5:01 PM IST

"মই আজি নিজেই পৰিদৰ্শন কৰিবলৈ আহিছো, কি ব্যৱস্থা গ্ৰহণ কৰিলে সমস্যা সমাধান হ’ব সেই ব্যৱস্থা গ্ৰহণ কৰা হ’ব । প্ৰয়োজনত নলাসমূহ মুক্ত কৰিবলৈ উচ্ছেদ চলাব লগা হ’লে উচ্ছেদো চলোৱা হ’ব" -মন্ত্ৰী অশোক সিংহল

Minister Ashok Singhal visits Artificial flooded area in Guwahati
মন্ত্ৰী অশোক সিংহল কৃত্ৰিম বান ৰোধৰ বাবে প্ৰয়োজন হ’লে চলোৱা হ’ব উচ্ছেদ- মন্ত্ৰী অশোক সিংঘল

কৃত্ৰিম বান ৰোধৰ বাবে প্ৰয়োজন হ’লে চলোৱা হ’ব উচ্ছেদ- মন্ত্ৰী অশোক সিংহল

গুৱাহাটী ২০ জুন: চোৰ গলে বুদ্ধি বৰষুণ গ’লে যাপি। এই আপ্তবাক্যশাৰীয়ে যেন প্ৰতিফলিত হৈছে গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংহলৰ ক্ষেত্ৰত। কিয়নো খৰালিৰ সময়ত কেতিয়াও সক্ৰিয় ভাৱে দেখা নোপোৱা মন্ত্ৰীজনক কৃত্ৰিম বানপানী হলে দেখা পোৱা যায় এক্সন মুডত। মহানগৰীত অভাৱনীয়ভাৱে বৃদ্ধি হৈছে কৃত্ৰিম বানৰ সমস্যা। প্ৰতি বছৰে ন ন অঞ্চলত সৃষ্টি হৈছে কৃত্ৰিম বানপানীৰ।

এটা সময়ত মহানগৰীত কৃত্ৰিম বানপানী বুলিলে অনিল নগৰ, নবীন নগৰ জনাজাত আছিল ৷ কিন্তু বৰ্তমান সেই কৃত্ৰিম বানপানী ঠাই মহানগৰীৰ বিভিন্ন ঠাইলৈ প্ৰসাৰিত হৈছে। মহানগৰীৰ চানমাৰি, বামুণীমৈদাম, ৰাজগড়, হাতীগাঁও, সিজুবাৰী, ডাউন টাউন, পাঞ্জাবাৰী, বেলতলা, ৱায়াৰলেছকে ধৰি বিভিন্ন অঞ্চলত এতিয়া এজাক বৰষুণতে সৃষ্টি হয় কৃত্ৰিম বানৰ। এই ক্ষেত্ৰত চৰকাৰে বিভিন্ন বিভিন্ন সময়ত বিভিন্ন ব্যৱস্থা হাতত লৈছে যদিও পৰিকল্পনাৰ অভাৱত সফল হ’ব পৰা নাই।

যোৱা এসপ্তাহ ধৰি নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বানত দুৰ্ভোগ ভুগিছে মহানগৰীৰ বিভিন্ন ঠাইৰ সাধাৰণ জনতাই। সেয়েহে মঙলবাৰে গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংহলে বিভাগৰ বিষয়া কৰ্মচাৰীসকলৰ সৈতে মহানগৰীৰ বিভিন্ন ঠাইত পৰিদৰ্শন কৰে। পুৱাই মন্ত্ৰীগৰাকীয়ে 'মিছন ফ্লাড ফ্ৰী গুৱাহাটী'ৰ কাম-কাজ পৰিদৰ্শন কৰিবলৈ উপস্থিত হয় সৰুমটৰীয়াৰ ৯ নং উপ পথত। লগত উপস্থিত থাকে গুৱাহাটী পৌৰ নিগমৰ অধ্যক্ষ নাৰায়ণ ডেকা, গুৱাহাটী মহানগৰৰ অতিৰিক্ত আয়ুক্ত, পৌৰ আয়ুক্তসহ বিভিন্ন বিভাগৰ বিষয়াসকল।

বিগত এসপ্তাহে কৃত্ৰিম বানত বুৰি থকা অঞ্চলটো পৰিদৰ্শন কৰাৰ লগতে অইল ইণ্ডিয়াৰ পাইপ লাইনৰ নৰ্দমাৰ মেটেকা গুচোৱা কামো পৰিদৰ্শন কৰে মন্ত্ৰী সিংহলে ৷ তাৰ পৰা পোনে পোনে খানাপাৰা হৈ বশিষ্ঠ চাৰিআলিৰ নলা পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে । পিচলৈ বেলতলা, হাতীগাঁৱৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰে। বেলতলা হাতীগাঁও সংযোগী বশিষ্ঠপুৰ উপ পথ ১, উপপথ ২ আৰু উপপথ ৩ ৰ মাজেৰে বৈ যোৱা নলা পৰিদৰ্শন কৰি স্থানীয় ৰাইজৰ লগতো কথা পাতে মন্ত্ৰীগৰাকীয়ে।

ৰাইজৰ অভাৱ অভিযোগৰ প্ৰত্যুত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে, মই আজি নিজেই পৰিদৰ্শন কৰিবলৈ আহিছো, কি ব্যৱস্থা গ্ৰহণ কৰিলে সমস্যা সমাধান হ’ব সেই ব্যৱস্থা গ্ৰহণ কৰা হ’ব । প্ৰয়োজনত নলাসমূহ মুক্ত কৰিবলৈ উচ্ছেদ চলাব লগা হ’লে উচ্ছেদো চলোৱা হ’ব ৷

লগতে পঢ়ক:Reshuffle in Dispur : দিছপুৰত খোপনি পুঁতি থকাৰ দিন উকলিল বিষয়া-কৰ্মচাৰীৰ

ABOUT THE AUTHOR

...view details