ETV Bharat / state

Reshuffle in Dispur : দিছপুৰত খোপনি পুঁতি থকাৰ দিন উকলিল বিষয়া-কৰ্মচাৰীৰ

author img

By

Published : Jun 20, 2023, 2:22 PM IST

সচিবালয়ত একে বিভাগতে চাকৰি জীৱন কটোৱাৰ দিন উকলিল । সাধাৰণ প্ৰশাসন বিভাগে জাৰি কৰা নিৰ্দেশনা অনুসৰি বিষয়াৰ ক্ষেত্ৰত বদলিৰ সময় তিনি বছৰ নিৰ্ধাৰণ কৰা হৈছে । কৰ্মচাৰীসকলৰ ক্ষেত্ৰত এই সময় ৫ বছৰ কৰা হৈছে । পূৰ্বতে অসম সচিবালয়ৰ এটা বিভাগত কামত যোগদান কৰা বিষয়া বা আনকৰ্মচাৰীসকলে একেটা বিভাগৰ পৰাই অৱসৰ গ্ৰহণ কৰিছিল ।

Reshuffle in Dispur
বদলিৰ সময় তিনি বছৰ নিৰ্ধাৰণ

গুৱাহাটী, ২০ জুন : ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত বছৰৰ পাচত বছৰ ধৰি কিছুমান বিষয়া-কৰ্মচাৰীয়ে খোপনি পুতি বহি থকাটো নতুন কথা নহয় । বহু বিষয়া-কৰ্মচাৰীয়ৰ বিভিন্ন ধৰণে 'মেনেজ' কৰি পচন্দৰ স্থানত দীঘলীয়া সময় থকাৰ দিন এতিয়া উকলিল । বিশেষকৈ অসম সচিবালয়ত ভাল বিভাগত থকাটো এতিয়াৰে পৰা সম্ভৱ নহ’ব বিষয়া-কৰ্মচাৰীসকলৰ বাবে ।

কোনো বিষয়া-কৰ্মচাৰীয়ে আগৰ দৰে কামত যোগদান কৰা দিনৰে পৰা অৱসৰ গ্ৰহণৰ দিনলৈ একেটা বিভাগতে থাকি কাম কৰিব নোৱাৰিব । সাধাৰণ প্ৰশাসন বিভাগে জাৰি কৰা এক জৰুৰী নিৰ্দেশনা অনুসৰি ভাল বিভাগত মেনেজ কৰি খোপনি পুঁতি থকা বিষয়া-কৰ্মচাৰীসকলৰ এইবাৰ লৰিব চকী । নিৰ্দেশনা অনুসৰি এটা বিভাগৰ পৰা আন এটা বিভাগলৈ সচিবালয়ৰ কৰ্মচাৰী, বিষয়াসকল বাধ্যতামূলকভাৱে বদলি হ’ব লাগিব ।

Reshuffle in Dispur
বদলিৰ সময় তিনি বছৰ নিৰ্ধাৰণ

উল্লেখ্য যে, সচিবালয়ৰ বাহিৰে অন্যান্য স্থানত কাম কৰা বিষয়া-কৰ্মচাৰীসকল প্ৰতি তিনি বছৰৰ মূৰত বদলি হোৱাটো বাধ্যতামূলক আছিল । ইয়াৰ বিপৰীতে অসম সচিবালয়ৰ এটা বিভাগত কামত যোগদান কৰা বিষয়া বা আন কৰ্মচাৰীসকলে একেটা বিভাগৰপৰাই অৱসৰ গ্ৰহণ কৰে । কিন্তু এতিয়া সেই নিয়ম সলনি কৰা হৈছে ।

সাধাৰণ প্ৰশাসন বিভাগৰ প্ৰধান সচিবে এইক্ষেত্ৰত বদলিকৰণৰ নতুন নিৰ্দেশনা জাৰি কৰিছে । এই নিৰ্দেশনা অনুসৰি এতিয়াৰে পৰা সচিব, উপ-সচিব, যুটীয়া সচিব, অতিৰিক্ত সচিব পৰ্যায়ৰ বিষয়াসকল এটা বিভাগত একেৰাহে তিনিটা বছৰহে থাকিব পাৰিব । তিনি বছৰৰ পাচত এই পৰ্যায়ৰ বিষয়াসকলে আন বিভাগলৈ বদলি হ’ব লাগিব ।

তেনেদৰে সচিবালয়ত কোনো বিভাগত নিযুক্তি পোৱা আন কৰ্মচাৰীসকলৰো অৱসৰ পর্যন্ত বিভাগ সলনি হোৱা নাছিল । এটা বিভাগত তলৰ পৰা উচ্চ পর্যায়লৈ একেখিনি কৰ্মচাৰী আৰু বিষয়াই কাম কৰি আছিল । নতুন নিৰ্দেশনা অনুসৰি সকলোৱে এতিয়া নিৰ্দিষ্ট সময়ৰ মূৰত আন বিভাগলৈ বদলি হ’ব লাগিব । বিষয়াৰ ক্ষেত্ৰত বদলিৰ সময় তিনি বছৰ নিৰ্ধাৰণ কৰাহৈছে যদিও কৰ্মচাৰীসকলৰ ক্ষেত্ৰত এই সময় ৫ বছৰ কৰা হৈছে ।

লক্ষণীয় বিষয় যে, ১৩ জুনত সাধাৰণ প্ৰশাসন বিভাগে এই নিৰ্দেশনা জাৰি কৰাৰ পিচ দিনাই ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সকলো কৰ্মচাৰীকে আন বিভাগলৈ বদলি কৰা হয় । সাধাৰণ প্ৰশাসন বিভাগৰ নিৰ্দেশনা অনুসৰি প্ৰতি বছৰৰ মে’-জুন মাহত এই বদলি কাৰ্যকৰী কৰা হ'ব ।

উল্লেখ্য যে, এই বদলি প্ৰক্ৰিয়া অমান্য কৰা সকলে শাস্তিমূলক ব্যৱস্থাৰ সন্মুখীন হ'ব লাগিব । লক্ষণীয় বিষয় যে, অসম আৰক্ষীৰ ক্ষেত্ৰতো শেহতীয়াকৈ এনে ধৰণৰ নিৰ্দেশনা জাৰি কৰা হৈছে । অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে জাৰি কৰা নিৰ্দেশনা অনুসৰি ৰাজ্যৰ সকলো আৰক্ষী অধীক্ষকক নিৰ্দিষ্ট পুলিচ থানাত তিনি বছৰতকৈ অধিক সময় সেৱা আগবঢ়োৱা হোমগার্ডৰ পৰা পৰিদৰ্শকসকলক বদলি কৰাৰ লগতে প্ৰতিবেদন দাখিল কৰিবলৈ জনোৱা হৈছে ।

ইয়াৰ সমান্তৰালকৈ বিগত ৭ বছৰ একেখন জিলাতে কৰ্মৰত উপ-পৰিদৰ্শককে ধৰি উচ্চপদস্থ পুলিচ বিষয়াসকলৰ তালিকাও প্ৰদান কৰিবলৈ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে নিৰ্দেশনাটোত উল্লেখ কৰিছে ।

লগতে পঢ়ক : Reshuffle in Assam Police: ধুবুৰীৰ বিতৰ্কিত আৰক্ষী অধীক্ষকসহ তিনি উচ্চ পদস্থ বিষয়াৰ বদলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.