অসম

assam

Home Department Reshuffle : অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত বৃহৎ ৰদ-বদল

By

Published : Dec 13, 2022, 8:14 PM IST

আৰক্ষীৰ শীৰ্ষ বিভাগত বৃহৎ ৰদ-বদল ৷ বহু শীৰ্ষ বিষয়াৰ সলনি হ’ল পদ আৰু ঠিকনা (Reshuffle in Assam police)৷

Home department reshuffle
অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত বৃহৎ ৰদ-বদল

নিউজ ডেস্ক, 13 ডিচেম্বৰ : ৰাজ্য চৰকাৰৰ গৃহ বিভাগে মঙলবাৰে এক নিৰ্দেশনা অনুসৰি আৰক্ষীৰ শীৰ্ষ বিভাগত বৃহৎ ৰদ-বদল কৰে (Reshuffle in Assam police) ৷ বহু শীৰ্ষ বিষয়াৰ সলনি হ’ল পদ আৰু ঠিকনা ৷

সেই অনুসৰি গুৱাহাটী মহানগৰীৰ আৰক্ষী আয়ুক্ত হৰমিৎ সিঙক(Harmeet Singh) অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান(সীমান্ত শাখা) হিচাবে বদলি কৰা হৈছে ৷

অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত বৃহৎ ৰদ-বদল

আনহাতে গৃহ আৰু ৰাজনৈতিক বিভাগৰ আয়ুক্ত সচিব দিগন্ত বৰাক গুৱাহাটী মহানগৰ আৰক্ষীৰ আয়ুক্ত হিচাবে বদলি কৰা হৈছে ৷ ইফালে মহানগৰ আৰক্ষীৰ পূৱ মণ্ডলৰ উপ-আয়ুক্ত সুধাকৰ সিঙক নলবাৰীৰ আৰক্ষী অধীক্ষক হিচাবে বদলি কৰা হৈছে ৷ আনহাতে নলবাৰীৰ আৰক্ষী অধীক্ষক পবিত্ৰ কুমাৰ নাথক দ্বিতীয় AFPF বেটেলিয়নলৈ বদলি কৰা হৈছে ৷ ইপিনে লিগিৰিপুখুৰীস্থিত প্ৰথম APBNৰ কমাণ্ডেণ্ট সুৰজিৎ সিং পানেছৰক(Surjeet Singh Panesar) গুৱাহাটী মহানগৰৰ পূৱ মণ্ডলৰ DCP হিচাবে বদলি কৰা হৈছে ৷

লগতে পঢ়ক :Akhil Gogoi letter: লিডু-মাৰ্ঘেৰিটাৰ কয়লাৰ অবৈধ খনন প্ৰসংগত মুখ্যমন্ত্ৰীলৈ অখিল গগৈৰ মুকলি চিঠি

ABOUT THE AUTHOR

...view details