অসম

assam

Suicide case in Dergaon :দেৰগাঁৱৰ ঘটনাৰ দোষী আৰক্ষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী মানৱাধিকাৰ কৰ্মীৰ

By ETV Bharat Assamese Team

Published : Oct 27, 2023, 3:39 PM IST

অজয় দত্ত নামৰ এজন ২১বছৰীয়া যুৱকে আৰক্ষীৰ নিৰ্যাতন আৰু বিনা দোষত ৰাজহুৱা স্থানত কৰা অপমান সহ্য কৰিব নোৱাৰি বিজয়া দশমীৰ দিনা আত্মহত্যা কৰা ঘটনাক লৈ প্ৰতিক্ৰিয়া অব্য়াহত ।

Suicide news up date
দেৰগাঁৱৰ নেঘেৰিটিঙৰ চাঞ্চল্যকৰ ঘটনা

দেৰগাঁৱৰ নেঘেৰিটিঙৰ চাঞ্চল্যকৰ ঘটনা

গুৱাহাটী,২৭ অক্টোবৰঃ দেৰগাঁৱৰ ঘটনাই কঁপাই গৈছে ৰাজ্য । অজয় দত্ত নামৰ এজন ২১বছৰীয়া যুৱকে আৰক্ষীৰ নিৰ্যাতন আৰু বিনা দোষত ৰাজহুৱা স্থানত কৰা অপমান সহ্য কৰিব নোৱাৰি বিজয়া দশমীৰ দিনা আত্মহত্যা কৰা ঘটনাই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে বিশিষ্ট মানৱাধিকাৰ তথা সমাজকৰ্মী ড৹ দিব্যজ্যোতি শইকীয়াই ।

উল্লেখ্য যে বিজয়া দশমীৰ দিনা দেৰগাঁৱৰ নেঘেৰিটিঙত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ ঘটনা । অসম আৰক্ষী জোৱানৰ অত্যাচাৰ সহিব নোৱাৰি এজন প্ৰতিভাৱান যুৱকে গ্ৰহণ কৰিছিল চৰম পন্থা । আত্মহননৰ পূৰ্বে যুৱকজনে নিজৰ মোবাইলত সংৰক্ষিত কৰি থৈ গৈছিল বিজয়া দশমীৰ দিনা সংঘটিত হোৱা ঘটনাৰ সবিশেষ । ভিডিঅ'টোত গাড়ী চালকৰ ৰূপত থকা আৰক্ষীয়ে তেওঁক কিদৰে সাধাৰণ কথাতেই ককৰ্থনা আৰু দুৰ্ব্যৱহাৰ কৰিছিল সেই সকলো উল্লেখ কৰিছিল ।

উল্লেখ্য় যে যুৱকজনৰ মৃতদেহ গেলাবিল নদীৰ কাষত এজোপা গছত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছিল । মৃত যুৱকজন দেৰগাঁৱৰ নেঘেৰিটিং দ'লমুখৰ অজয় দত্ত বুলি চিনাক্ত কৰা হৈছিল । ৰাজ্যজুৰি জোকাৰণিৰ সৃষ্টি কৰা এই ঘটনা সন্দৰ্ভত মানৱাধিকাৰ কৰ্মী ড৹ দিব্যজ্যোতি শইকীয়াই কয় যে বৰ্তমান সময়ত আৰক্ষীৰ একাংশ লোকে অৰাজকতাৰ সৃষ্টি কৰি বাৰম্বাৰ মানৱ অধিকাৰ উলংঘা কৰি আহিছে । একাংশ আৰক্ষীয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশকো কেৰেপ নকৰে । তেওঁ কয় যে অসম আৰক্ষীৰ একাংশই সাধাৰণ লোকৰ ওপৰত বিভিন্ন সময়ত বিভিন্ন ধৰণে নিৰ্যাতন চলাই অহা পৰিলক্ষিত হৈছে।

এজন নিৰ্দোষী যুৱকক আৰক্ষীয়ে শাৰীৰিক ভাৱে প্ৰহাৰ কৰাৰ লগতে ৰাজহুৱা স্থানত অপদস্থ কৰিবলৈ অধিকাৰ ক'ত পালে বুলি তেওঁ প্ৰশ্ন উত্থাপন কৰে । তেওঁ কয় যে আনকি আৰক্ষীয়ে দোষী লোককো এনেধৰনে প্ৰহাৰ কৰিব নোৱাৰে । যদি কোনো লোকে কিবা অপৰাধ কৰে তেতিয়া আইনগত ব্যৱস্থা গ্ৰহণ কৰিব পাৰে । কিন্তু আৰক্ষীয়ে নিৰ্দোষী এজন সৎ যুৱকক শাৰীৰিকভাৱে প্ৰহাৰ কৰাৰ লগতে ৰাজহুৱা স্থানত অপদস্থ কৰা ঘটনাৰ লগতে মৃতদেহ বহু সময়লৈ গছত ওলোমাই ৰখা কাৰ্য অমানৱীয় বুলি তেওঁ উল্লেখ কৰে ।

তেওঁ এই মানৱ অধিকাৰ উলংঘনৰ ঘটনাক গৰিহণা দিয়াৰ লগতে দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ দাবী জনায় । উল্লেখ্য যে দেশৰ লগতে অসমত আৰক্ষীয়ে কৰা বিভিন্ন নিৰ্যাতন আৰু ভুৱা এনকাউণ্টাৰৰ বিৰুদ্ধে সৰৱ ভূমিকাৰে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগত গোচৰ তৰা মানৱাধিকাৰ কৰ্মীগৰাকীয়ে এই ঘটনাটোৰ উচিত আৰু নিৰপেক্ষ তদন্ত দাবী কৰিছে ।

লগতে পঢ়ক:Illegal Lottery in Barpeta : বৰপেটাৰোডত অবৈধ লটাৰী টিকটসহ বিক্ৰেতাক আটক

ABOUT THE AUTHOR

...view details