ETV Bharat / state

Illegal Lottery in Barpeta : বৰপেটাৰোডত অবৈধ লটাৰী টিকটসহ বিক্ৰেতাক আটক

author img

By ETV Bharat Assamese Team

Published : Oct 27, 2023, 8:15 AM IST

বৰপেটাৰোডত অবৈধ লটাৰী বিক্ৰেতাৰ দপদপনি ৷ বৃহস্পতিবাৰে বৰপেটাৰোড আৰক্ষীয়ে আটক কৰে এটা অবৈধ লটাৰী বিক্ৰেতা । অজয় বৰ্মনৰ পৰা বহু পৰিমাণৰ অবৈধ লটাৰী টিকটসহ কিছু নগদ ধনো জব্দ কৰে আৰক্ষীয়ে ৷

Illegal Lottery
বৰপেটাৰোডত অবৈধ লটাৰী টিকট সহ টিকট বিক্ৰেতাক আটক

বৰপেটাৰোডত অবৈধ লটাৰী টিকট সহ টিকট বিক্ৰেতাক আটক

বৰপেটাৰোড, 27 অক্টোবৰ : বৰপেটাৰোডত লটাৰীৰ অবৈধ বেহা ৷ অবৈধ লটাৰী বিক্ৰেতাৰ দপদপনি ৷ দোকান-পোহাৰ সকলোতে কেৱল লটাৰী আৰু লটাৰী । গ্ৰাহকৰ অপেক্ষাত শ শ লটাৰী বিক্ৰেতা ৷ নামনি অসমৰ অসমৰ বাণিজ্যিক চহৰৰূপে খ্যাত বৰপেটাৰোডত এতিয়া এনে অবৈধ লটাৰীয়ে একাংশ লোকৰ সংসাৰ পৰ্যন্ত শেষ কৰিছে ৷

চহৰখনত এতিয়া যেনিয়েই চাই তেনিয়েই পৰিলক্ষিত হয় লটাৰী বিক্ৰেতা ৷ ক’ৰবাত যদি দোকান পোহাৰত লটাৰী বিক্ৰী কৰিছে, আন কৰবাত পদপথতে মুকলিকৈ বিক্ৰী হৈছে অবৈধ লটাৰীৰ টিকটসমূহ ৷ মুঠতে আৰক্ষীৰ নাকৰ তলেৰে অবৈধ লটাৰী বিক্ৰেতাই চহৰখনৰ একাংশ লোকক বেয়াকৈ কবলত পেলাইছে ৷

ইয়াৰ মাজতে, বৃহস্পতিবাৰে বৰপেটাৰোড আৰক্ষীয়ে এটা অবৈধ লটাৰী বিক্ৰেতা আটক কৰিবলৈ সক্ষম হয় । আটকাধীন অবৈধ লটাৰী টিকট বিক্ৰেতাটোৰ নাম অজয় বৰ্মন বুলি জানিব পৰা গৈছে ৷ বৃহস্পতিবাৰে বৰপেটাৰোডৰ খুচুৰা শাক পাচলি বজাৰত অজয় বৰ্মন নামৰ লোকজনে নাগালেণ্ড ষ্টেট লটাৰীৰ অবৈধ লটাৰী টিকট বিক্ৰী কৰি থকাৰ খবৰ লাভ কৰি বৰপেটাৰোড আৰক্ষীয়ে গৈ অবৈধ টিকট বিক্ৰেতা অজয় বৰ্মনক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷

আৰক্ষীয়ে ধৃত অজয় বৰ্মনৰ পৰা বহু পৰিমাণৰ অবৈধ লটাৰী টিকটসহ কিছু নগদ ধন জব্দ কৰে ৷ অবৈধ লটাৰী টিকট বিক্ৰেতা অজয় বৰ্মনৰ ঘৰ বৰপেটাৰোডৰ ডিমাপুৰ কলনীত বুলি জানিব পৰা গৈছে ৷ বৰপেটাৰোডত অবৈধ লটাৰী টিকটৰ বেহাৰ লগত জড়িত লোকসকলৰ তথ্য উদঘাটনৰ বাবে ধৃত অজয় বৰ্মনক জেৰা অব্যাহত ৰাখিছে বৰপেটাৰোড আৰক্ষীয়ে ৷ আগন্তুক সময়ত এনে বহু অবৈধ লটাৰী বিক্ৰেতা আৰক্ষীৰ জালৰ পৰিব বুলি সন্দেহ কৰা হৈছে ৷

লগতে পঢ়ক: Dergaon Youth Suicide Case : আৰক্ষীৰ অত্যাচাৰৰ বলি হৈ আত্মহনন কৰা অজয়ৰ আত্মাৰ সদগতি কামনাৰে প্ৰাৰ্থনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.