অসম

assam

Ghy Child Abuse Case : চিকিৎসক দম্পতী সংগীতা দত্ত আৰু ৱালিউল ইছলামৰ বিৰুদ্ধে অভিযোগনামা দাখিল

By

Published : Jul 4, 2023, 11:09 AM IST

ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা শিশু নিৰ্যাতন গোচৰ সন্দৰ্ভত চিকিৎসক দম্পতী সংগীতা দত্ত আৰু ৱালিউল ইছলামৰ বিৰুদ্ধে পল্টনবজাৰ আৰক্ষীয়ে আংশিক অভিযোগনামা দাখিল কৰে । যোৱা ৫ মে'ত দুয়োগৰাকী চিকিৎসকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল । দুয়োগৰাকীৰ বিৰুদ্ধে পক্সো (POCSO) আইনৰ ধাৰাও আৰোপ কৰা হৈছে ।

Child Abuse Case
সংগীতা দত্ত আৰু ৱালিউল ইছলামৰ বিৰুদ্ধে অভিযোগনামা দাখিল

গুৱাহাটী,৪ জুলাই :গুৱাহাটীৰ পল্টনবজাৰ আৰক্ষীয়ে সোমবাৰে শিশু নিৰ্যাতনৰ গোচৰ সন্দৰ্ভত চিকিৎসক দম্পতী সংগীতা দত্ত আৰু ৱালিউল ইছলামৰ বিৰুদ্ধে আংশিক অভিযোগনামা দাখিল কৰে । আৰক্ষীয়ে মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত অভিযোগনামা দাখিল কৰে । অৱশ্যে এতিয়া বহু তথ্য পোহৰলৈ আহিবলৈ বাকী আছে । কেইবাটাও বিষয়ত ফৰেনছিকৰ প্ৰতিবেদন এতিয়াও আহিবলৈ বাকী আছে । ফৰেনছিকৰ সম্পূৰ্ণ প্ৰতিবদেন অহাৰ পাচত আৰক্ষীয়ে অভিযুক্ত চিকিৎসকদ্বয়ৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিব ।

উল্লেখ্য যে চিকিৎসক দম্পতীৰ বিৰুদ্ধে শিশু উৎপীড়নৰ গুৰুতৰ অভিযোগ আছে । যাৰ বাবে দুয়োগৰাকী চিকিৎসকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল । সম্প্ৰতি চেলিব্ৰেটী চিকিৎসক দম্পতী কাৰাগাৰত বন্দী হৈ আছে । চিকিৎসক দম্পতীয়ে তোলনীয়া সন্তানক কঠোৰ শাস্তি প্ৰদান কৰাৰ লগতে প্ৰচণ্ড গৰমত ঘৰৰ চাদৰ ওপৰত বান্ধি থোৱা দৃশ্যও সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল ।

উত্থাপিত অভিযোগৰ ভিত্তিত যোৱা ৫ মে'ত দুয়োগৰাকী চিকিৎসকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল । ইতিমধ্যে আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে পক্সো (POCSO) আইনৰ ধাৰাও আৰোপ কৰিছে । ইফালে চিকিৎসক দম্পতীয়ে সন্তানৰ ওপৰত কৰা অত্যাচাৰৰ তথ্য পোহৰলৈ অহাৰ পাচতে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ।

স্বাস্থ্য পৰীক্ষাত পোহৰলৈ আহিছিল যে তেওঁলোকে সন্তানৰ গোপন অংশ চিগাৰেটেৰে জ্বলাই দিয়া হৈছিল । গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছিল যে নাবালক কিশোৰীক চিকিৎসক দম্পতীৰ বাসগৃহ ৰোমা এনক্লেভৰ চতুৰ্থ মহলাত বন্দী কৰি ৰখা হৈছিল । স্বাস্থ্য পৰীক্ষাৰ অন্তত ৩ বছৰীয়া কণমানিজনীৰ গোপন অংগত আঘাত কৰাৰ দাগ স্পষ্টভাৱে দেখা গৈছিল ।

ইয়াৰ পূৰ্বে, অসমৰ মুখ্যমন্ত্ৰীয়ে অসম আৰক্ষীক শিশু নিৰ্যাতনৰ গোচৰটোৰ পুংখানুপুংখ তদন্ত কৰিবলৈ আৰু অহা ৬ মাহৰ ভিতৰত তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছিল । মুখ্যমন্ত্ৰীয়ে অসম আৰক্ষীক ৪৫ দিনৰ ভিতৰত অভিযোগনামা দাখিল কৰিবলৈও নিৰ্দেশ দিছিল ।

লগতে পঢ়ক :Dr Sangeeta Dutta : ডাঃ সংগীতা দত্তই ধনৰ বিনিময়ত ক্ৰয় কৰিছিল সন্তান দুটিক

ABOUT THE AUTHOR

...view details