ETV Bharat / state

Dr Sangeeta Dutta : ডাঃ সংগীতা দত্তই ধনৰ বিনিময়ত ক্ৰয় কৰিছিল সন্তান দুটিক

author img

By

Published : May 14, 2023, 7:15 PM IST

পোহৰলৈ অহাৰ দিশত গতি কৰিছে সংগীতাকাণ্ডই (Dr Sangeeta Dutta) ৷ আৰক্ষীৰ জেৰাত ইটোৰ পিচত সিটোকৈ তথ্য দি মুখ খুলিছে অভিযুক্ত চিকিৎসক দম্পত্তী সংগীতা দত্ত, ৱালিউল ইছলামৰ লগতে উৎপলা বসু আৰু ধৃত দুই আশাকৰ্মীয়ে ৷ শেহতীয়াকৈ ডাঃ সংগীতা দত্তই ধনৰ বিনিময়ত সন্তান দুটিক ক্ৰয় কৰিছিল বুলি জানিব পৰা গৈছে ৷

Dr Sangeeta Dutta
পোহৰলৈ অহাৰ দিশত গতি কৰিছে সংগীতাকাণ্ডই

গুৱাহাটী, ১৪ মে’ : ইন্দ্ৰাণী মুখাৰ্জী, বন্দনা কলিতাৰ পাচত এইবাৰ ডাঃ সংগীতা দত্তই কঁপাইছে ৰাজ্য ৷ আৰক্ষীৰ জেৰাত নিতৌ পোহৰলৈ আহিছে ন ন তথ্য (Doctor couple accused of assault minor child) ৷ শেহতীয়া খবৰ অনুসৰি, অভিযুক্ত চিকিৎসক সংগীতা দত্ত আৰু ৱালিউল ইছলামে ধনৰ বিনিময়ত ক্ৰয় কৰিছিল শিশু দুটিক ৷ ইয়াৰে ল’ৰা শিশুটিক ৫০ হাজাৰ টকাৰ বিনিময়ত ক্ৰয় কৰিছিল ডাঃ সংগীতা দত্তই ।

নিৰ্যাতিত শিশু দুটি যমজ সন্তান বুলি চিকিৎসক দম্পতীয়ে দাবী কৰিছিল যদিও আৰক্ষীৰ তদন্তত শিশু দুটি যমজ নহয় বুলি পোহৰলৈ আহিছে । কন্যা শিশুটি বৰপেটাৰ পৰা অনা হোৱা বুলি প্ৰকাশ কৰিছে যদিও প্ৰকৃত পৰিচয় বৰ্তমানো উদঘাটন হোৱা নাই । আনহাতে, ল’ৰা শিশুটিৰ মাতৃ বিবাহ বিচ্ছেদিত নেপালী সম্প্ৰদায়ৰ মহিলা বুলি জানিব পৰা গৈছে । শিশু দুটি নিৰ্যাতনৰ এই ঘটনাই এক বৃহৎ শিশু সৰবৰাহৰ তথ্য পোহৰলৈ আনিছে (Child abuse case)।

শিশু দুটিৰ ক্ৰয়-বিক্ৰয়ৰ ঘটনাৰ লগত জড়িত থকা আশাকৰ্মীক আটক কৰাৰ পিচতেই পোহৰলৈ আহিছে এই তথ্য । আৰক্ষীৰ জেৰাত আশাকৰ্মীৰ পৰা শিশু দুটি ক্ৰয় কৰি উৎপলা বসুৱে সংগীতা দত্তক মাত্ৰ ৫০ হাজাৰ টকাৰ বিনিময়ত ল’ৰা শিশুটিক বিক্ৰী কৰিছিল বুলি জানিব পৰা গৈছে । আনকি উৎপলা বসুৱে ল’ৰা সন্তানটিৰ জন্মদাত্ৰী মাতৃক ১০ হাজাৰ টকা দিয়াৰো তথ্য লাভ কৰা হৈছে ৷ তদুপৰি কন্যা শিশুটিৰ কোনো তথ্য বৰ্তমানলৈকে পোহৰলৈ অহা নাই ।

লগতে পঢ়ক : Waliul Islam case : অবৈধভাৱে তুলি লোৱা কন্যাক নিৰ্যাতন চলাই গ্ৰেপ্তাৰ হ’ল চিকিৎসক ডাঃ ৱালিউল ইছলাম

আৰক্ষীৰ এক ভিতৰুৱা সূত্ৰৰ পৰা জানিব পৰা মতে, শিশু নিৰ্যাতনৰ সমগ্ৰ ঘটনাটোৰ মূল অভিযুক্ত ডাঃ সংগীতা দত্ত বুলিহে আৰক্ষীৰ জেৰাত মন্তব্য কৰিছে ডাঃ ৱালিউল ইছলামে ৷ নিজকে নিৰ্দোষী প্ৰমাণ কৰাৰ স্বাৰ্থত একপ্ৰকাৰে সমস্ত দোষ পত্নীৰ ওপৰত জাপি দিয়াৰ চেষ্টা ডাঃ ৱালিউলে (Waliul Islam case) ৷ কিন্তু ইয়াৰ বিপৰীতে ডাঃ সংগীতা দত্তই স্বামী ডাঃ ৱালিউল ইছলামক ৰক্ষা কৰাৰ নাটক ৰচি আছে বুলি জানিব পৰা গৈছে ৷

ইফালে সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আনুষ্ঠানিকভাৱে সংবাদ মাধ্যমৰ আগত কোনো তথ্য প্ৰকাশ কৰা নাই । পৰৱৰ্তী সময়ত আৰক্ষীয়ে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিলেহে সমগ্ৰ ঘটনাটো জানিব পৰা যাব ।

লগতে পঢ়ক : Sangeeta Dutta case : সংগীতা দত্তৰ ব্যক্তিগত সহায়িকাৰ আত্মসমৰ্পণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.