অসম

assam

Guwahati Double Murder : বন্দনাৰ পৰা বিবাহৰ বাবে ২ লাখ টকা লৈছিল অৰূপ ডেকাই

By

Published : Feb 25, 2023, 8:29 PM IST

গুৱাহাটীৰ ডাবল মাৰ্ডাৰ ঘটনাৰ নতুন মোৰ (guwahati double murder case) । আৰক্ষীৰ জেৰাত মুখ খুলিছে ডাবল মাৰ্ডাৰৰ মাষ্টাৰ মাইণ্ড বন্দনা কলিতাৰ সংগী অৰূপ ডেকাই । বিবাহৰ বাবে ২ লাখ টকা বন্দনাৰ পৰা লৈছিল অৰূপ ডেকাই ।

double murder
double murder

গুৱাহাটী, ২৫ ফেব্ৰুৱাৰী : গুৱাহাটীৰ ডাবল মাৰ্ডাৰৰ খলনায়িকা বন্দনা কলিতাৰ নৃশংস-কাণ্ডৰ তদন্তত নিতৌ ন ন তথ্য পোহৰলৈ আহিছে (Bandana Kalita double murder case) । নৃশংসতাৰ সকলো সীমা চেৰাই নিজ স্বামী আৰু শাহুৱেক হত্যা কৰি মৃতদেহ টুকুৰা-টুকুৰ কৰি ডাউকী পাহাৰৰ দাঁতিত পেলাই দিছিল (guwahati double murder case) । এইবাৰ বন্দনাৰ সহযোগী অৰূপ ডেকাই আৰক্ষীৰ জেৰাত মুখ খুলিছে । আৰক্ষীৰ আগত প্ৰকাশ কৰা মতে, বন্দনা কলিতাৰ পৰা বিবাহৰ বাবে দুই লাখ টকা লৈছিল অৰূপ ডেকাই (guwahati double murder case accused Arup Deka) ।

আনহাতে, শংকৰী দে' আৰু অমৰজ্যোতি দে'ৰ মৃতদেহৰ অৱশিষ্ট বিচাৰি ডাউকীত অভিযান চলায় যদিও কোনো ধৰণৰ অৱশিষ্ট অংশ উদ্ধাৰ কৰিবলৈ সক্ষম নহ'ল আৰক্ষীৰ দলটো । উল্লেখ্য, আৰক্ষীয়ে শনিবাৰে পুৱাৰে পৰা তিনি অভিযুক্তক লগত লৈ ডাউকীত অভিযান চলাইছিল আৰক্ষীয়ে । উল্লেখযোগ্য যে একমাত্ৰ সম্পত্তি আৰু এক বিলাসবহুল জীৱনৰ বাবেই স্বামী আৰু শাহুৱেকক হত্যা কৰিছিল বন্দনা কলিতাই । শংকৰী দে'ৰ নামত থকা বিশাল সম্পত্তিৰ একমাত্ৰ মালিক হোৱাৰ অভিপ্ৰায়েৰে বন্দনাই স্বামী আৰু শাহুৱেকক দীৰ্ঘদিনীয়া পৰিকল্পনাৰ অন্তত হত্যা কৰিছিল (husband and mother in law murder case guwahati) ।

সম্পত্তিৰ লালসাত অমৰজ্যোতি দে'ক প্ৰেমৰ জালত পেলাই পিছলৈ বিবাহপাশত আবদ্ধ হৈছিল বন্দনা । আনহাতে, স্বামী আৰু শাহুৱেকক হত্যা কৰি শংকৰী দে'ৰ সম্পত্তিৰ উত্তৰাধিকাৰী হোৱাৰ পথ মুকলি কৰাৰ চেষ্টা কৰিছিল । শেহতীয়াকৈ পোহৰলৈ অহা তথ্য অনুসৰি, বন্দনা কলিতা প্ৰথমে নাৰেংগীৰ অমৰাৱতী এপাৰ্টমেণ্টত বাস কৰা শংকৰী দে'ৰ পৰিচালিকা আছিল । শংকৰী দে'ৰ সা-সম্পত্তিৰ সকলো তথ্য জানিছিল বন্দনাই । ইয়াৰ পিছত অমৰজ্যোতি দে'ক প্ৰেমৰ জালত পেলাই দুয়োখন ঘৰৰ সন্মতি নোহোৱাকৈ দুয়ো বিবাহপাশত আবদ্ধ হৈছিল ।

পৰৱৰ্তী সময়ত অমৰাৱতী এপাৰ্টমেণ্টৰ ফ্লেটত বন্দনা আৰু অমৰজ্যোতিৰ কাজিয়া বৃদ্ধি পোৱাত শংকৰী দে'য়ে চানমাৰিত থকা যোগমায়া এপাৰ্টমেণ্টৰ ফ্লেটত অকলে থাকিবলৈ লয় । ইয়াৰ পিছতে ধনটি ডেকা আৰু অৰূপ ডেকাৰ সৈতে মিলি স্বামী অমৰ জ্যোতি দে' আৰু শাহু শংকৰী দে'ক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল । পৰিকল্পনা মতে কাম কৰি মাতৃ-পুত্ৰক হত্যা কৰি পেলাই দিছিল মেঘালয়ত ।

কেতিয়া পোহৰলৈ আহিছিল এই ঘটনা

২৬ জুলাইত শাহুৱেক শংকৰী দে' আৰু ১৭ আগষ্টত স্বামী অমৰজ্যোতি দে'ক নৃশংসভাৱে হত্যা কৰিছিল বন্দনা আৰু দুই সহযোগীয়ে । যোৱা ২৯ আগষ্টত বন্দনা কলিতাই তেওঁৰ স্বামী অমৰজ্যোতি দে' আৰু শাহুৱেক শংকৰী দে' নিৰুদ্দেশ হোৱা বুলি নুনমাটি থানাত এজাহাৰ দাখিল কৰিছিল । আৰক্ষীয়ে সন্ধানহীন হোৱা লোক দুজনৰ সন্ধান উলিয়াব পৰা নাছিল । আনহাতে, ২১ নৱেম্বৰত শংকৰী দে'ৰ ভতিজাক নিৰ্মাল্য দে'য়ে নুনমাটি থানাত আন এখন এজাহাৰ দি শংকৰী দে'ৰ একাউণ্টৰ পৰা কোনো লোকে ধন উলিয়াই নিয়াৰ কথা উল্লেখ কৰিছিল ।

ইপিনে বিগত ৭ মাহে আৰক্ষীয়ে নিখোঁজ শংকৰী দে' আৰু অমৰজ্যোতি দে'ৰ কোনো সন্ধান উলিয়াব নোৱাৰাত বন্দনাৰ আত্মবিশ্বাস বৃদ্ধি পাইছিল । আৰক্ষীয়ে এই ঘটনাৰ সম্ভেদ উলিয়াব নোৱাৰিব বুলি ভাবি নিজকে নিৰপৰাধী সজাবলৈ ১৪ ফেব্ৰুৱাৰীত বন্দনা কলিতাই মহানগৰ আৰক্ষী আয়ুক্তক সাক্ষাৎ কৰি স্বামী আৰু শাহুৱেকৰ নিৰুদ্দেশৰ ঘটনা সন্দৰ্ভত নুনমাটি থানাই ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰে । এই পৰিকল্পনা বন্দনাৰ কামত নাহিল । আৰক্ষীয়ে ফাদিল কৰিলে সকলো তথ্য । সমগ্ৰ ঘটনা পোহৰলৈ আহাৰ পিছতে এই হত্যাকাণ্ডই ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰে ।

মৃতদেহৰ অৱশিষ্ট অংশ বিচাৰি মেঘালয়ত অভিযান

সমগ্ৰ ঘটনাটো পোহৰলৈ অহাৰ পিছতে আৰক্ষীয়ে অভিযান চলাই শংকৰী দে'ৰ মৃতদেহৰ এটা অংশ উদ্ধাৰ কৰাৰ লগতে বন্দনা কলিতা আৰু তেওঁৰ দুই সহযোগী ধনটি ডেকা আৰু অৰূপ ডেকাক লগত লৈ অমৰজ্যোতি দে'ৰ মৃতদেহৰ সন্ধানত মেঘালয়ত অভিযান চলাইছিল মহানগৰ আৰক্ষীয়ে । ডাউকীৰ পথৰ দাঁতিত তিনি অভিযুক্তই দেখুৱাই দিয়া স্থানসমূহত মৃতদেহৰ অংশ বিচাৰি অভিযান চলাইছিল মহানগৰ আৰক্ষীয়ে ।

অভিযানত অমৰজ্যোতি দে'ৰ মূৰ, হাত, ভৰিৰ অৱশিষ্ট উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল । আনহাতে, শনিবাৰে আৰক্ষীয়ে পুনৰ দিনজুৰি ডাউকীৰ কেইবাটাও স্থানত অভিযান চলোৱাৰ পিছত অৱশিষ্ট উদ্ধাৰ কৰিবলৈ সক্ষম নহ'ল ।

লগতে পঢ়ক :Guwahati Double Murder: মৃতদেহৰ অৱশিষ্ট বিচাৰি তিনি হত্যাকাৰীক লৈ ডাউকীত পুনৰ আৰক্ষীৰ অভিযান

ABOUT THE AUTHOR

...view details