ETV Bharat / state

Guwahati Double Murder: মৃতদেহৰ অৱশিষ্ট বিচাৰি তিনি হত্যাকাৰীক লৈ ডাউকীত পুনৰ আৰক্ষীৰ অভিযান

author img

By

Published : Feb 25, 2023, 2:26 PM IST

Updated : Feb 25, 2023, 3:07 PM IST

Guwahati Double Murder
মৃতদেহৰ অৱশিষ্ট বিচাৰি তিনি হত্যাকাৰীক লৈ ডাউকীত পুনৰ আৰক্ষীৰ অভিযান

গুৱাহাটীৰ চাঞ্চল্যকৰ ডাবল মাৰ্ডাৰ ঘটনা সন্দৰ্ভত অব্যাহত আছে আৰক্ষীৰ তদন্ত (Guwahati Double Murder) ৷ শনিবাৰে পুনৰ তিনি হত্যাকাৰী বন্দনা কলিতা, অৰূপ ডেকা আৰু ধনটি ডেকাক লগত লৈ মেঘালয়ত অভিযান চলাবলৈ ৰাওনা হয় আৰক্ষী ৷ মৃতদেহৰ অৱশিষ্ট অংশ বিচাৰি চলোৱা হৈছে এই অভিযান ৷

মৃতদেহৰ অৱশিষ্ট বিচাৰি তিনি হত্যাকাৰীক লৈ ডাউকীত পুনৰ আৰক্ষীৰ অভিযান

গুৱাহাটী, 25 ফেব্ৰুৱাৰী: ৰাজ্য কঁপাই যোৱা গুৱাহাটীৰ ডাবল মাৰ্ডাৰৰ ঘটনা সন্দৰ্ভত তিনি অভিযুক্তক লগত লৈ অধিক তথ্যৰ বাবে আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান ৷ শনিবাৰে পুনৰ মূল অভিযুক্ত বন্দনা কলিতাসহ হত্যাকাণ্ডৰ দুই সহযোগী অৰূপ ডেকা আৰু ধনটি ডেকাক লৈ আৰক্ষী ৰাওনা হ’ল মেঘালয়ৰ ডাউকীলৈ (Bandada Kalita Murder case) ৷

পানবজাৰ মহিলা থানাৰ পৰা ঘাতক বন্দনা কলিতা আৰু নুনমাটি থানাৰ পৰা ধনটি ডেকা আৰু অৰূপ ডেকাক লৈ পুৱাই ডাইকীলৈ অভিযান চলাবলৈ যায় আৰক্ষী ৷ বন্দনাই হত্যা কৰি কাটি টুকুৰা-টুকুৰকৈ পেলাই দিয়া স্বামী অমৰজ্যোতি দে’ আৰু শাহুৱেক শংকৰী দে’ৰ দেহৰ অৱশিষ্ট অংশ বিচাৰি আৰক্ষীয়ে চলাইছে এই অভিযান (Guwahati double murder case update) ৷

ডাউকীলৈ ৰাওনা হোৱা তদন্তকাৰী আৰক্ষীৰ দলটোত আছে পূব গুৱাহাটী আৰক্ষী জিলাৰ অতিৰিক্ত উপ-আয়ুক্ত তথা এই ঘটনাৰ তদন্তৰ নেতৃত্ব বহনকাৰী বিষয়া কল্যান পাঠক, নুনমাটি সংমণ্ডলৰ সহ আৰক্ষী আয়ুক্ত নিলোৎপল ডেকা আৰু গোচৰটোৰ অনুসন্ধানকাৰী বিষয়া আব্দুল মমিন ।

উল্লেখ্য যে, ইতিমধ্যে বন্দনাৰ স্বামী অমৰজ্যোতি দে’ আৰু শাহু শংকৰী দে’ৰ মৃতদেহৰ কিছু অৱশিষ্ট ডাউকী আৰু চেৰাপুঞ্জীত উদ্ধাৰ কৰিছিল আৰক্ষীয়ে । আনহাতে এই হত্যাকাণ্ডৰ ক্ষীপ্ৰ তদন্তৰ মাজতে এই হত্যাকাণ্ডৰ লগত জড়িত বহু গুৰুত্বপূৰ্ণ তথ্য ইতিমধ্যে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে তদন্তকাৰী আৰক্ষীয়ে (Woman killed husband and mom in law) ।

23 ফেব্ৰুৱাৰীত নাৰেঙ্গীৰ বোন্দা জানৰ পৰা হত্যাকাণ্ডত ব্যৱহৃত দাখন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল আৰক্ষী । আৰক্ষীয়ে উদ্ধাৰ কৰা দা খনৰে বন্দনা, ধনটি আৰু অৰূপে অমৰজ্যোতি দে'ক হত্যা কৰাৰ পিচত শৰীৰটো 5 টা টুকুৰা কৰিছিল । ইয়াৰ পাচত মৃতদেহৰ টুকুৰাসমূহ পেলাই দিছিল মেঘালয়ৰ ডাউকী পথৰ দাঁতিত (Amarjyoti Dey murder case) ৷ আনহাতে, শাহুৱেক শংকৰী দে’কো হত্য়া কৰি দাৰে 3 টুকুৰা কৰি একেদৰেই পেলাই দিছিল মেঘালয়ত ৷

শেহতীয়াকৈ পোহৰলৈ অহা তথ্য অনুসৰি, অমৰজ্যোতি দে’ ঘৰত কেয়াৰ টেকাৰ হিচাপে আছিল বন্দনা কলিতা । তাৰ পাচতে বন্দনাই গম পাইছিল শংকৰী দে‘ৰ সম্পত্তিৰ কথা । শংকৰী দে’ অগাধ সম্পত্তি দেখি অমৰক প্ৰেমৰ জাল পেলাইছিল বন্দনাই (Brutal murder in Guwahati) । শংকৰী দে’ৰ পৰা সম্পত্তি কেনেকৈ নিজৰ নামত আনিব পাৰি তাৰ বাবে ধনটি ডেকা আৰু অৰূপ ডেকাৰ সৈতে আলোচনা কৰিছিল বন্দনাই । যাৰ পৰিণতিত হত্যা কৰা হৈছিল শংকৰী দে’ আৰু অমৰজ্যোতি দে’ক ৷

লগতে পঢ়ক: Guwahati Double Murder: অমৰজ্যোতি দে’ৰ বাসগৃহত ফৰেনছিকৰ অভিযান; পোহৰলৈ বিস্ফোৰক তথ্য

Last Updated :Feb 25, 2023, 3:07 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.