Guwahati Double Murder: অমৰজ্যোতি দে’ৰ বাসগৃহত ফৰেনছিকৰ অভিযান; পোহৰলৈ বিস্ফোৰক তথ্য

author img

By

Published : Feb 23, 2023, 7:46 AM IST

Guwahati Double Murder

গুৱাহাটীৰ চাঞ্চল্যকৰ ডাবল মাৰ্ডাৰৰ লোমহৰ্ষক ঘটনাৰ সৈতে নাম সাঙুৰ খাইছে এজন ছাত্ৰৰ (Guwahati Double Murder) ৷ বন্দনা কলিতাৰ স্বামী অমৰজ্যোতি দে’ৰ বাসগৃহত ভাৰাতীয়া হিচাবে আছিল ছাত্ৰজন ৷ ইফালে বুধবাৰে অমৰজ্যেতি দে’ৰ নাৰেংগীস্থিত বাসগৃহত অভিযান চলাই ফৰেনছিকৰ এটা দলে ৷

ক্ষীপ্ৰতাৰে চলিছে গুৱাহাটী ডাবল মাৰ্ডাৰৰ তদন্ত

গুৱাহাটী, 23 ফেব্ৰুৱাৰী: প্ৰতিদিনেই পোহৰলৈ আহিছে ৰাজ্য কঁপাই যোৱা গুৱাহাটী ডাবল মাৰ্ডাৰৰ ন ন তথ্য ৷ স্বামী আৰু শাহুৱেকক দুই সহযোগৰ সৈতে শীতল মস্তিষ্কৰে অতি নৃশংসভাৱে হত্যা কৰা বন্দনা কলিতা আৰু এই হত্যাকাণ্ড সন্দৰ্ভত অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে (Sensational murder in Guwahati) ৷

বুধবাৰে এই জঘন্য হত্যাকাণ্ডৰ আৰু অধিক তথ্য বিচাৰি বন্দনাৰ স্বামী অৰ্থাৎ অমৰজ্যোতি দে’ৰ নাৰেংগীস্থিত অমৰাবটি নামৰ বাসগৃহটোত অভিযান চলাই আৰক্ষী আৰু ফৰেনছিকৰ এটা বৃহৎ দলে ৷ ফৰেনছিকৰ দলটোৱে বাসগৃহটোৰ ভিতৰত সোমাই কেইবাঘণ্টা ধৰিও চলাই অভিযান ৷ বাসগৃহটোৰ বাবে বিভিন্ন নমুনা সংগ্ৰহ কৰি সাংবাদিকৰ কোনো প্ৰশ্নৰ উত্তৰ নিদিয়াকৈয়ে তাৰ পৰা প্ৰস্থান কৰে ফৰেনছিকৰ দলটো (Guwahati double murder case update) ৷

উল্লেখ্য যে, এই জঘন্য আৰু কল্পনাতীত হত্যাকাণ্ডৰ মূল অভিযুক্ত বন্দনা কলিতাসহ আন দুই সহযোগীক ইতিমধ্যেই গ্ৰেপ্তাৰ কৰি 6 দিনৰ বাবে জিম্মাত লৈ জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ কিন্তু এই হত্যাকাণ্ডৰ সৈতে আন এজন ছাত্ৰ জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে (Bandana Kalita Murder case) ৷ কিছুদিনৰ পৰা অমৰজ্যোতি দে’ৰ বাসগৃহত ভাৰাতীয় হিচাপে থকা এজন ছাত্ৰ ৰহস্যজনকভাৱে সন্ধানহীন হৈ আছে ৷ সন্ধানহীন হৈ থকা এই ছাত্ৰজনো হত্যাকাণ্ডৰে জড়িত থকাৰ সন্দেহ কৰি তেওঁক বিচাৰি অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ অৱশ্যে এই পৰ্যন্ত ছাত্ৰজনৰ পৰিচয় উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী (Woman killed husband and mom in law) ৷

ইফালে, বুধবাৰে আছিল বন্দনা কলিতাৰ সহযোগী অৰূপ ডেকাৰ বিবাহৰ অভ্যৰ্থনা ৷ কিন্তু বিবাহ অভ্যৰ্থনাৰ দিনোটোত অৰূপ ডেকাক পত্নী আৰু ভগ্নীয়ে লকাপতেই সাক্ষাৎ কৰি চাহ, বিস্কুট আৰু পৰাঠা যোগান ধৰে ৷ সংবাদ মাধ্যমৰ আগত অৰূপ ডেকাৰ ভগ্নীৰ মন্তব্য, ‘‘সকলোৰে চকুত অপৰাধী হলেও নিজৰ ভাতৃক এনেদৰে এৰি দিব নোৱাৰি ৷ ’’

মুঠৰ ওপৰত এতিয়া এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ নতুন নতুন তথ্য পোহৰলৈ আহিয়েই আছে ৷ উল্লেখ্য যে, স্বামী অমৰজ্যোতি দে’ক হত্যা কৰি 5 টা টুকুৰা আৰু শাহুৱেক শংকৰী দে’ক হত্যা কৰি 3 টা টুকুৰা কৰি মৃতদহেৰ কটা অংশ পেলাই দিছিল মেঘালয়ৰ পাহাৰৰ তলত (Mother and son killed in Guwahati) ৷

ইফালে, আৰক্ষীয়ে বন্দনা কলিতা, অৰূপ ডেকা আৰু ধনটি ডেকাৰ স্বীকাৰোক্তিৰ ভিত্তিত মেঘালয়ত অভিযান চলাই উদ্ধাৰ কৰিছে দুয়োটা মৃতদেহৰ অৱশিষ্ট ৷ কিন্তু এতিয়াও পোহৰলৈ আহিবলৈ বাকী আছে আৰু অধিক ৰহস্য ৷

লগতে পঢ়ক: Guwahati Double Murder: ঘাতক বন্দনাক 4 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.