অসম

assam

Unbearable debt burden on people of Assam: ৰাজ্যবাসীৰ ওপৰত সহিব নোৱাৰা ঋণৰ বোজা জাপি দিছে চৰকাৰে

By

Published : Aug 9, 2022, 10:45 PM IST

Loan of Assam govt

ৰাজ্যখনত ঋণৰ পৰিমাণ ১,১৩,৩১৯ কোটি টকালৈ বৃদ্ধি(Debt in Assam increased day by day)। চলিত আগষ্ট মাহতে ৰিজাৰ্ভ বেংকৰ জৰিয়তে অসম চৰকাৰে লৈছে ১৬০০ কোটি টকাৰ ঋণ । পূৰ্বৰ তৰুণ গগৈ চৰকাৰে ঋণৰ বোজা থৈ গৈছিল প্ৰায় ৩৫,৬৯০ কোটি টকা । সোণোৱাল চৰকাৰৰ দিনত ২০১৯-২০ বিত্তীয় বৰ্ষত এই ঋণৰ পৰিমাণ বৃদ্ধি পাই হৈছিলগৈ ৭৩,৫২৭.৮ কোটি টকা । বৃহৎ পৰিমাণৰ ঋণৰ বাবদ প্ৰতি বছৰে ৰাজকোষৰ পৰা সুদৰ নামতো ওলাই গৈছে হাজাৰ হাজাৰ কোটি টকা (Unbearable debt burden on people of Assam)।

গুৱাহাটী, ৯আগষ্ট: ঋণ-ধাৰ কৰি হ'লেও ঘি-মৌ খাব লাগে । নিজে উল্লেখ কৰা এই কথাকে আখৰে আখৰে পালন কৰি আহিছে মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে । ৰাজ্যখনৰ সৰ্বাংগীন উন্নয়ণৰ বিপৰীতে এখনৰ পাছত আনখনকৈ হিতাধিকাৰী আঁচনি ৰূপায়ণ কৰিবলৈ গৈ এতিয়া প্রতি মাহেই ঋণ ল'বলৈ বাধ্য হৈছে । আনকি ঋণ লোৱাৰ ক্ষেত্ৰত একপ্ৰকাৰ অভিলেখ সৃষ্টি কৰিছে চৰকাৰখনে । ফলত ৰাজ্যবাসীৰ মূৰৰ ওপৰত থকা ঋণৰ বোজা ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে । চলিত আগষ্ট মাহতে ৰিজাৰ্ভ বেংকৰ(Reserve Bank of India) জৰিয়তে এতিয়ালৈকে অসম চৰকাৰে ১৬০০ কোটি টকাৰ ঋণ লৈছে ।ইয়াৰে ২ আগষ্টত ৮০০ কোটি টকাৰ আৰু সোমবাৰে ৮০০ কোটি টকাৰ ঋণ ৰাজ্য চৰকাৰে লৈছে ।

ৰাজ্যবাসীৰ ওপৰত সহিব নোৱাৰা ঋণৰ বোজা জাপি দিছে চৰকাৰে

কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি বিগত মাৰ্চলৈকে অসম চৰকাৰে লোৱা ঋণৰ পৰিমাণ আছিল ১,০৭,৭১৯.৫ কোটি টকা । আনহাতে,মাৰ্চৰ পাছত জুনত ২হেজাৰ কোটি আৰু জুলাইত ২হেজাৰ কোটি টকা ঋণ লোৱা চৰকাৰখনে চলিত মাহতো এতিয়ালৈকে ১৬০০ কোটি টকাৰ ঋণ লৈছে । সেই হিচাপত আজিৰ তাৰিখত অসমৰ ঋণৰ পৰিমাণ বৃদ্ধি পাই হৈছেগৈ ১ লাখ ১৩ হাজাৰ ৩১৯ কোটি টকা । আনহাতে,চলিত বিত্তীয় বৰ্ষত চৰকাৰখনে প্রায় ১৭,০০০ কোটি টকাৰ ঋণ লোৱাৰ সম্ভাৱনা আছে ।

ৰাজ্যবাসীৰ ওপৰত সহিব নোৱাৰা ঋণৰ বোজা জাপি দিছে চৰকাৰে

উল্লেখ্য় যে পূৰ্বৰ তৰুণ গগৈ চৰকাৰে ঋণৰ বোজা থৈ গৈছিল প্ৰায় ৩৫,৬৯০ কোটি টকা । সৰ্বানন্দ সোণোৱাল(Ex CM Sarbananda Sonowal)চৰকাৰৰ দিনত ২০১৯-২০ বিত্তীয় বৰ্ষত এই ঋণৰ পৰিমাণ বৃদ্ধি পাই হৈছিল ৭৩,৫২৭.৮ কোটি টকা । কিন্তু ২০২০-২১ বিত্তীয় বৰ্ষত ৰাজ্য চৰকাৰখনে ১৭,২৩৭.১কোটি টকা ঋণ লোৱাৰ এই পৰিমাণ হয়গৈ ৯০,৭৬৪.৯ কোটি টকা । আনহাতে,ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ লৈ ড৹হিমন্ত বিশ্ব শৰ্মায়ো (Assam CM Dr Himanta Biswa Sarma)ঋণ লোৱাৰ ধাৰা অব্যাহত ৰাখি বিগত বৰ্ষত ১৬,৯৫৪.৬ কোটি টকা ঋণ লোৱাত ২০২১-২২বিত্তীয় বৰ্ষৰ মাৰ্চলৈকে অসমে লোৱা ঋণৰ পৰিমাণ বৃদ্ধি পাই হয়গৈ ১,০৭,৭১৯.৫ কোটি টকা । এতিয়া সেই পৰিমাণ ১,১৩,৩১৯ কোটি টকালৈ বৃদ্ধি পাইছে । ইয়াৰ পৰাই স্পষ্ট হৈ পৰিছে যে বিজেপি চৰকাৰৰ দিনত ঋণৰ বোজা কিদৰে বৃদ্ধি পাইছে ।

ইফালে, এই বৃহৎ পৰিমাণৰ ঋণ লোৱাৰ বাবে প্ৰতি বছৰে ৰাজকোষৰ পৰা সূদৰ নামতো ওলাই গৈছে হাজাৰ হাজাৰ কোটি টকা । উল্লেখ যে ৰাজ্যৰ আৰ্থিক পৰিস্থিতিৰ কথা ওলালেই মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ আৰ্থিক অৱস্থা উন্নত বুলি কয় । অৱশ্যে ৰাজ্যৰ আৰ্থিক অৱস্থা যদি ভালেই তেনেহ'লে চৰকাৰখনে প্ৰতি মাহে কিয় কোটি কোটি টকাৰ ঋণ ল’ব লগীয়া হৈছে সেয়া এক প্ৰশ্নৰ বিষয় হৈ পৰিছে । আনহাতে, চৰকাৰখনে লোৱা এই ঋণৰ ফলত যে ৰাজ্যখনৰ সামগ্ৰিকভাৱে উন্নয়ন হৈছে তেনে নহয় । কিয়নো হিতাধিকাৰী সৃষ্টি কৰা আঁচনি ৰূপায়ণতহে চৰকাৰখনে সৰ্বাধিক গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হৈছে । ঋণ লৈ হ'লেও চৰকাৰখনে ৰূপায়ণ কৰি আছে হিতাধিকাৰী সৃষ্টিকাৰী আঁচনিসমূহ । লক্ষণীয় বিষয় যে চৰকাৰখনৰ এনে স্থিতিৰ বাবে ৰাজ্যখনে ক্ৰমবৰ্ধিত ঋণৰ বোজা বহন কৰিবলগীয়া হৈছে ।

লগতে পঢ়ক:Sivasagar Municipal Board: এফালে ধাৰৰ বোজা, আনফালে দিনে-ৰাতিয়ে সমানে লাইট জ্বলাইছে শিৱসাগৰ পৌৰ সভাই

ABOUT THE AUTHOR

...view details