ETV Bharat / state

যাত্ৰীবাহী ৰে’লৰ পৰা জব্দ 24 টনৰো অধিক বাৰ্মিজ চুপাৰী - Burmese supari seized

Burmese supari seized : যাত্ৰীবাহী ৰে’লৰ পৰা জব্দ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী ৷ লামডিং ৰে’লৱে ষ্টেচনত শনিবাৰৰ সন্ধিয়া আৰক্ষীয়ে জব্দ কৰে 24 টনৰো অধিক বাৰ্মিজ চুপাৰিখিনি ৷ বাৰ্মিজ চুপাৰিখিনিৰ আনুমানিক মূল্য প্ৰায় কোটি টকা হ’ব বুলি আৰক্ষীয়ে জানিব দিছে ।

police-seized-huge-no-of-burmese-supari-in Lumding Railway Station
যাত্ৰীবাহী ৰে’লৰ পৰা জব্দ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী
author img

By ETV Bharat Assamese Team

Published : April 28, 2024 at 8:10 AM IST

|

Updated : April 28, 2024 at 9:33 AM IST

2 Min Read
Choose ETV Bharat
যাত্ৰীবাহী ৰে’লৰ পৰা জব্দ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী

হোজাই, 28 এপ্ৰিল : আৰক্ষীৰ চকুত ধূলি দি ৰাজ্যত অব্যাহত বাৰ্মিজ চুপাৰিৰ অবৈধ বেহা । বাৰ্মিজ চুপাৰিৰ বিৰুদ্ধে অসম আৰক্ষীয়ে শনিবাৰৰ সন্ধিয়া চলায় অভিযান ৷ অভিযানত আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী ৷

আৰক্ষীয়ে লামডিং ৰে’লৱে ষ্টেচনত শনিবাৰৰ সন্ধিয়া অভিযান চলায় জব্দ কৰিবলৈ সক্ষম হয় 24 টনৰো অধিক বাৰ্মিজ চুপাৰি । শনিবাৰৰ সন্ধিয়া 15909 উজনিমুৱা অৱধ আছাম এক্সপ্ৰেছ ৰে’লখনৰ পাৰ্চেল ডবাৰ পৰা প্ৰায় 300 বস্তাৰো অধিক আনুমানিক 24 টনৰো অধিক বাৰ্মিজ চুপাৰি জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ।

215255/C পাৰ্চেল ডবাৰ পৰা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় উক্ত নিষিদ্ধ বাৰ্মিজ চুপাৰিখিনি । জব্দকৃত বাৰ্মিজ চুপাৰিখিনিৰ আনুমানিক মূল্য প্ৰায় কোটি টকা হ’ব বুলি আৰক্ষীয়ে জানিব দিছে । আৰক্ষীয়ে অবৈধভাবে কঢ়িওৱা বাৰ্মিজ চুপাৰিখিনি ৰে’লখনৰ পৰা উদ্ধাৰ কৰিবলৈ 1 ঘন্টাতকৈও অধিক সময়ৰ প্ৰয়োজন হৈছিল ৷

police-seized-huge-no-of-burmese-supari-in Lumding Railway Station
যাত্ৰীবাহী ৰে’লৰ পৰা জব্দ বৃহৎ পৰিমাণৰ বাৰ্মিছ চুপাৰী

লামডিং ষ্টেচনত ৰে’লখন আৰক্ষীয়ে এঘণ্টাৰো অধিক সময় ধৰি ৰাখি থোৱাৰ বাবে ৰে’লখনত থকা যাত্ৰীসকল সমস্যাৰ সন্মুখীন হৈছিল বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে, আৰক্ষীৰ কঠোৰ স্থিতিৰ পাচতো ৰাজ্যত বন্ধ হোৱা নাই বাৰ্মিজ চুপাৰিৰ এই অবৈধ বেহা । আৰক্ষীৰ চকুত ধূলি দি প্ৰতিদিনেই বাৰ্মিজ চুপাৰি সৰবৰাহৰ ক্ষেত্ৰত নিতৌ নতুন কৌশল অৱলম্বন কৰা পৰিলক্ষিত হৈছে চোৰাং সৰবৰাহকাৰীয়ে ৷

এইবাৰ তেনে এক কৌশল অৱলম্বন কৰি যাত্ৰীবাহী ৰে’লেৰে বাৰ্মিজ চুপাৰি সৰবৰাহ কৰাৰ সময়তে লামডিং ৰে’লৱে ষ্টেচনত আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় অবৈধভাৱে কঢ়িওৱা বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰিখিনি ।

লগতে পঢ়ক: কৃষ্ণাইত বৃহৎ পৰিমাণৰ চুৰি চুপাৰি উদ্ধাৰ

Last Updated : April 28, 2024 at 9:33 AM IST