অসম

assam

APCC joining program: প্ৰবীণ বড়ো-প্ৰণয় ৰাভাসহ কেইবাগৰাকীও প্ৰভাৱশালী নেতাৰ কংগ্ৰেছত যোগদান

By ETV Bharat Assamese Team

Published : Oct 11, 2023, 5:12 PM IST

উদুলি-মুদুলি গুৱাহাটীৰ ৰাজীৱ ভৱন ৷ বুধবাৰে প্ৰাক্তন বিপিএফ নেতা প্ৰবীণ বড়ো, প্ৰাক্তন মন্ত্ৰী প্ৰণয় ৰাভাসহ প্ৰায় অৰ্ধশতাধিক বিভিন্ন দলৰ নেতা-কৰ্মীয়ে যোগ দিয়ে কংগ্ৰেছত ৷

Congress joining program in Guwahati
APCC joining program

প্ৰবীণ বড়ো প্ৰণয় ৰাভাসহ অৰ্ধশতাধিকৰ কংগ্ৰেছত যোগদান

গুৱাহাটী, 11 অক্টোবৰ: আছুৰ প্ৰাক্তন সভাপতি তথা অগপৰ প্ৰাক্তন মুখপাত্ৰ আৰু বিপিএফ দলৰ প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰবীণ বড়োৰ কংগ্ৰেছত যোগদান ৷ তেওঁৰ লগতে কংগ্ৰেছত যোগ দিলে প্ৰাক্তন মন্ত্ৰী প্ৰণয় ৰাভায়ো ৷ তাৰোপৰি বিপিএফ, ইউপিপিএল, গণশক্তি আৰু অগপৰ কেবাগৰাকীও প্ৰভাৱশালী নেতা-কৰ্মীয়ে বৃহস্পতিবাৰে কংগ্ৰেছত যোগদান কৰে ।

গুৱাহাটীৰ ৰাজীৱ ভৱনত বুধবাৰে কংগ্ৰেছ‌ৰ অসমৰ তত্বাবধায়ক তথা নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিং আৰু অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ উপস্থিতিত এইসকলোকে কংগ্ৰেছ দললৈ আদৰণি জনোৱা হয় । 60 গৰাকীতকৈও অধিক বিপিএফ, ইউপিপিএল, গণশক্তি আৰু অগপৰ প্ৰভাৱশালী নেতা আৰু কৰ্মীয়ে কংগ্ৰেছত যোগদান কৰে ।

এই অনুষ্ঠানত ভাষণ প্ৰদান কৰি কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সম্পাদক জীতেন্দ্ৰ সিঙে বিজেপি আৰু এজিপিক সমালোচনাৰ লক্ষ্য কৰি লয় ৷ অগপ দল গঠনৰ সময়ত দলটোৰ প্ৰতি মানুহৰ শ্ৰদ্ধা আৰু দল গঠনত সেই সময়ৰ লোকসকলৰ আত্ম বলিদানৰ কথা উল্লেখ কৰি এতিয়া অগপৰ নেতাসকলে বিজেপিৰ আগত হাতযোৰ কৰি থকা বুলি কটাক্ষ কৰে ৷

তাৰোপৰি অসমৰ মুখ্যমন্ত্ৰীক দুৰ্নীতিৰ ক্ষেত্ৰত দেশৰ ভিতৰতে 1 নম্বৰ বুলিও কয় জীতেন্দ্ৰ সিঙে ৷ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বহু চৰ্চিত ভূমি বিতৰ্কৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে মুখ্যমন্ত্ৰীৰ গোটেই পৰিয়ালটোৱেই দুৰ্নীতিত নিমজ্জিত ৷

কংগ্ৰেছত যোগদান কৰা‌ সকলৰ ভিতৰত আছে প্ৰাক্তন মন্ত্ৰী প্ৰণয় ৰাভা, গণশক্তিৰ প্ৰাক্তন উপ-সভাপতি মহিম হাজৰিকা, অগপৰ হাইলাকান্দি জিলাৰ উপসভাপতি বিল্লাউদ্দিন বৰভূঞা, গণশক্তিৰ তিলক ফুকন, অগপৰ এছ টি ব’ৰ্ডৰ অধ্যক্ষ ব্ৰজলাল ৰবিদাস, গণ সুৰক্ষা পাৰ্টীৰ ভাস্কৰ কলিতা, কৌশিক ৰঞ্জন বিশ্বাস, দীপজ্যোতি চহৰীয়া আদি অন্যতম ।‌

অনুষ্ঠানত কংগ্ৰেছৰ নেতা দেৱব্ৰত শইকীয়া, সাংসদ গৌৰৱ গগৈ, প্ৰদ্যুৎ বৰদলৈ, ৰকিবুল‌ হুছেইন, আব্দুল‌ খালেক, জ্যেষ্ঠ নেতা পবন সিং ঘাটোৱাৰ আদি‌ উপস্থিত থাকে ।

লগতে পঢ়ক:Jitendra Singh Slams HBS: জীতেন্দ্ৰ সিঙৰ দৃষ্টিত দেশৰ এক নম্বৰ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী ড৹ শৰ্মা

ABOUT THE AUTHOR

...view details