ETV Bharat / state

Jitendra Singh Slams HBS: জীতেন্দ্ৰ সিঙৰ দৃষ্টিত দেশৰ এক নম্বৰ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী ড৹ শৰ্মা

author img

By ETV Bharat Assamese Team

Published : Oct 11, 2023, 3:55 PM IST

অসমৰ মুখ্যমন্ত্ৰীক জে’লত ভৰোৱাৰ হুংকাৰ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা জীতেন্দ্ৰ সিঙৰ ৷ কংগ্ৰেছৰ চৰকাৰ আহিলে এছ আই টি গঠন কৰি মুখ্যমন্ত্ৰীকে ধৰি দুৰ্নীতিত নিমজ্জিত সকলো নেতা-বিষয়াক জে’ললৈ পঠিয়াব বুলি ঘোষণা কৰে নেতাগৰাকীয়ে ৷

Congress joining program in Guwahati
AICC leader Jitendra Singh

অসমৰ মুখ্যমন্ত্ৰীক সমালোচনা জীতেন্দ্ৰ সিঙৰ

গুৱাহাটী, 11 অক্টোবৰ: ‘‘2024 চনত কংগ্ৰেছৰ চৰকাৰ আহিব । কেন্দ্ৰত কংগ্ৰেছৰ চৰকাৰ গঠন হোৱাৰ পিছতে প্ৰথম কেবিনেটত এছ আই টি গঠন কৰা হ'ব ।‌ বিজেপিত দুৰ্নীতি কৰা সকলো মন্ত্ৰী-নেতাক প্ৰথমে জে'লত ভৰোৱা কাম কৰিব কংগ্ৰেছে ।’’ গুৱাহাটীৰ ৰাজীৱ ভৱনত বুধবাৰে অনুষ্ঠিত কংগ্ৰেছৰ এক বৃহৎ যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি কংগ্ৰেছৰ অসমৰ তত্বাবধায়ক জীতেন্দ্ৰ সিঙে এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে ।

তেওঁ কয় যে পাঁচখন ৰাজ্যৰ নিৰ্বাচনত বিজেপিৰ শোচনীয় অৱস্থা হ'ব ।‌ দেশত ডাঙৰ‌‌ ৰাজনৈতিক পৰিৱৰ্তন আহিব । দিনক দিনে বিজেপিৰ ৰাজ্য চৰকাৰবোৰৰ অৱস্থা বেয়াৰ পিনে গতি কৰিছে । 2026 চনৰ ভিতৰত অসমত কংগ্ৰেছৰ চৰকাৰ গঠন হ’ব আৰু প্ৰথম কেবিনেটতে এছ আই টি গঠন কৰি দুৰ্নীতিত নিমজ্জিত অসমৰ মুখ্যমন্ত্ৰীৰ লগতে সকলো নেতা আৰু বিষয়াকো জেললৈ পঠিওৱা হ’ব ৷

মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ ভূমি বিতৰ্ক সন্দৰ্ভত মন্তব্য কৰি কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতাগৰাকীয়ে কয় যে কাৰ্বি পাহাৰত কেৱল সেই ঠাইৰ লোকে মাটি ক্ৰয় কৰিব পাৰে ৷ তাত কোনো ভূপেন বৰা বা অন্য লোকে গৈ মাটি ক্ৰয় কৰিব নোৱাৰে ৷ কিন্তু মুখ্যমন্ত্ৰীৰ পৰিয়ালে তাতো 1000 বিঘা মাটি ক্ৰয়ৰ যো-জা চলাই আছে ৷ মুখ্যমন্ত্ৰীৰ সমগ্ৰ পৰিয়ালটোৱেই দুৰ্নীতিত নিমজ্জিত হৈ থকা বুলি সমালোচনা কৰে জীতেন্দ্ৰ সিঙে ৷

তেওঁ কয় যে অসমৰ‌ মুখ্যমন্ত্ৰীয়ে দুৰ্নীতিৰ সকলো ৰেকৰ্ড ‌ভংগ‌ কৰিছে ।‌ দেশৰ এক নম্বৰ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী হিচাপে পৰিণত হৈছে । মুখ্যমন্ত্ৰীক সমালোচনা কৰি কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে বড়োলেণ্ডৰ একাংশ নেতাই বড়োলেণ্ডক এতিয়া বিজেপি আৰু মুখ্যমন্ত্ৰীৰ পকেটত ভৰাই দিছে ।‌ বিপি‌এফ আৰু ইউপিপিএলে বড়োলেণ্ডক বিক্ৰী কৰিবলৈ লৈছে ।

সিঙে অগপ দলকো সমালোচনা কৰি কয় যে অগপ দলৰ ত্যাগ আছিল । এতিয়া একাংশ‌ নেতাই মন্ত্ৰী ‌হৈ বিজেপি দলৰ ভৰিত পৰি আছে । তেওঁ কয় যে অগপ দলক অসমৰ লোকে এসময়ত আকোঁৱালি লৈছিল ৷ তেওঁলোকে তেজৰ বলিদান দিছিল, কিন্তু আজি সেই দলটোৰ একাংশ নেতাই কেৱল মন্ত্ৰী হৈ বিজেপিৰ আগত হাতযোৰ কৰি থাকিবলগীয়া হৈছে ৷

আজিৰ এই যোগদানে কংগ্ৰেছ দলক শক্তিশালী কৰিব বুলি উল্লেখ কৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে । তেওঁৰ মতে কংগ্ৰেছ দল গণতান্ত্ৰিক দল ।‌ বিজেপি দল দুটা মানুহে চলায় । সকলো তেওঁলোকে ঠিক কৰে । কিন্তু কংগ্ৰেছত সকলোৱে স্বাধীনভাৱে কাম কৰিব পাৰে ।

লগতে পঢ়ক: Amrit Kalash Controversy: ৰৌ-বৰালী এৰি ব্লক-জিলা পৰ্যায়ৰ নেতাক নিলম্বন কৰিয়েই ক্ষান্ত প্ৰদেশ কংগ্ৰেছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.