অসম

assam

মহা নৱমীৰ সন্ধিয়া মহানগৰীত ভক্তৰ সমাগম

By

Published : Oct 25, 2020, 8:06 PM IST

মহানগৰীৰ সকলো প্ৰান্ততে চলিছে দেৱী দূৰ্গাৰ আৰাধনা ৷ ক'ভিড প্ৰট'কল মানি সকলোৱে উপভোগ কৰিছে পূজা ৷ সমান্তৰালকৈ ঢাক, ঢোলেৰে দেৱীক সন্তুষ্ট কৰাত ব্যস্ত হৈছে পূজাৰী সকলো ৷

Durga puja at Guwahati in the day of moha Navami
মহা নৱমীৰ সন্ধিয়া মহানগৰীত ভক্তৰ সমাগম

গুৱাহাটী, 25 অক্টোবৰ: আজি মহা নৱমী ৷ মহানগৰীৰ সকলো প্ৰান্ততে চলিছে দেৱী দূৰ্গাৰ আৰাধনা ৷ ক'ভিড প্ৰট'কল মানি সকলোৱে উপভোগ কৰিছে পূজা ৷ যোৱা দুটা দিনত বৰষুণে বিধি পথালি দিয়াৰ বাবে ভক্তৰ সমাগম কম দেখা গৈছিল যদিও নৱমীৰ দিনটোত সন্ধিয়াৰ ভাগত মহানগৰীৰ প্ৰায়সমূহ পূজা মণ্ডপতে দেখিবলৈ পোৱা গৈছে কিছু ভক্তৰ সমাগম ৷

মহা নৱমীৰ সন্ধিয়া মহানগৰীত ভক্তৰ সমাগম

সমান্তৰালকৈ ঢাক, ঢোলেৰে দেৱীক সন্তুষ্ট কৰাত ব্যস্ত হৈছে পূজাৰী সকলো ৷ চলিছে সন্ধি পূজা, বিহিত পূজাকে ধৰি বহু ৰীতি ৷ মহানগৰীৰ কালাপাহাৰ, ভৈৰৱতলা আদি ঠাইতো পূৰ্বৰ জাকজমকতা নাই যদিও বৈদিক ৰীতি নীতিৰে পালন কৰিছে পূজা

লগতে পঢ়কঃটীয়কৰ এগৰাকী যুৱকৰ ব্যতিক্ৰমী পূজা

ABOUT THE AUTHOR

...view details