ETV Bharat / state

টীয়কৰ এগৰাকী যুৱকৰ ব্যতিক্ৰমী পূজা

author img

By

Published : Oct 25, 2020, 7:10 PM IST

ৰাজ্যৰ চৌদিশত এতিয়া ঢাক-ঢোলৰ শব্দ ৷ ৰাজ্যবাসীয়ে কোভিড 19 ৰ আতংক পাহৰি নিমজ্জিত হৈছে দেৱী দশভূজাৰ পূজা-অৰ্চনাত ৷ যোৰহাটৰ টীয়কত এজন যুৱকে ব্যতিক্ৰমী চিন্তাধাৰাৰে অনুষ্ঠিত কৰিছে দুৰ্গা পূজা ৷

puja at teok jorhat assam etv bharat news
দুৰ্গা পূজা

টীয়ক,25 অক্টোবৰ: অন্যান্য প্ৰান্তৰ দৰে যোৰহাটৰো ভিন্ন অঞ্চলত অনুষ্ঠিত হৈছে শাৰদীয় দুৰ্গোৎসৱ ৷ জিলাখনৰ টীয়কৰ অতি ভিতৰুৱা অঞ্চল মেলেং লহকৰ গাঁৱত এজন যুৱকে নিজববীয়া প্ৰচেষ্টাৰে আয়োজন কৰিছে দুৰ্গা পূজাৰ ৷ কৃষ্ণ প্ৰসাদ দত্ত নামৰ যুৱকজনে প্ৰায় তিনি বছৰ বয়সৰ পৰাই দুৰ্গা পূজাত অংশগ্ৰহণ কৰি আহিছে ৷

প্ৰথমাৱস্থাত, যুৱকজনে ঘৰৰ পিৰালিতে কেঁচুমতাৰ মাটিৰে প্ৰতিমা প্ৰস্তুত কৰি পৰৱৰ্তী সময়ত পৰিয়ালৰ সহযোগত পূজা মণ্ডপ তৈয়াৰ কৰি ঘৰতে অনুষ্ঠিত কৰি আহিছে পূজাৰ ৷ সম্পূৰ্ণ বৈদিক নীতি-নিয়মেৰে যুৱকজনে পালন কৰিছে দুৰ্গা পূজা । উল্লেখ্য যে,কোনো ধৰণৰ আনুষ্ঠানিক পূজাৰ শিক্ষা নথকাকৈয়ে যুৱকজনে নিখুঁতভাৱে প্ৰতিমা নিৰ্মান কৰাৰ লগতে সংস্কৃত ভাষাত মন্ত্ৰ পাঠ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷ পেছাগতভাৱে এগৰাকী মৃণ্ময় শিল্পী কৃষ্ণ প্ৰসাদক লৈ উৎসাহিত হৈ পৰিছে স্থানীয় ৰাইজ ৷

লগতে চাওকঃ চণ্ডিকা মন্দিৰৰ 108 ঘটৰ পূজা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.