অসম

assam

Miya controversy:মুখ্যমন্ত্রী-আজমলৰ বিৰুদ্ধে গোচৰ ৰুজু চি পি আই এমৰ

By

Published : Jul 17, 2023, 7:47 PM IST

অসমত শেহতীয়াকৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলৰ অসমীয়া-মিঞা' প্রসংগই তুমুল বিতৰ্কাৰ সৃষ্টি কৰিছে । এই বিষয়টোক লৈ চৰ্চা হৈ থকাৰ মাজতেই মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু সাংসদ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে সৰৱ হৈছে চি পি আই এম ।

CPIM react on Miya controversy
চি পি আই এমৰ সংবাদমেল

চি পি আই এমৰ সংবাদমেল

গুৱাহাটী, ১৭ জুলাই: মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু সাংসদ বদৰুদ্দিন আজমলে সাম্প্ৰদায়িক মন্তব্যৰে অসমত ঘৃণাৰ পৰিৱেশ সৃষ্টি কৰাৰ অভিযোগ উত্থাপন কৰি চি পি আই এমৰ ৰাজ্যিক কমিটীয়ে সোমবাৰে গুৱাহাটীৰ লতাশিল আৰক্ষী থানাত মুখ্যমন্ত্রী আৰু সাংসদগৰাকীৰ বিৰূদ্ধে এক গোচৰ তৰে । চি পি আই এমৰ গুৱাহাটীৰ মুখ্য কাৰ্যালয়ত এই সন্দৰ্ভত অনুষ্ঠিত এক সংবাদমেলত ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে কয় যে শেহতীয়াকৈ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু সাংসদ বদৰুদ্দিন আজমলে সাম্প্ৰদায়িক মন্তব্যৰে অসমত ঘৃণাৰ পৰিৱেশ সৃষ্টি কৰিছে । তেওঁ ‌কয় যে শেহতীয়াকৈ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই মিঞা সম্প্ৰদায়ৰ বিৰুদ্ধে সাম্প্রদায়িক মন্তব্য আগবঢ়াইছে । তেওঁ ঘৃণা বিয়পোৱাৰ অভিযোগ উত্থাপন কৰি এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।

ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে পুনৰ কয় , "শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই অসমীয়া যুৱকসকল উঠি আহিলে গুৱাহাটী মহানগৰীৰ পৰা এবছৰৰ ভিতৰত মিঞাসকলক সম্পূৰ্ণৰূপে চাফাই কৰিব বুলি আগবঢ়োৱা মন্তব্যক লৈ ব্যাপক প্রতিক্রিয়া হোৱা আমি লক্ষ্য কৰিছো । ড৹ শর্মাই লগতে মিঞাসকলে বাছ, ওলা, উবেৰ, টেক্সী চালক, ৰিক্সাচালক, শাক-পাচলিৰ ব্যৱসায় সকলোতে দখল কৰা বুলিও উচটনিমূলক আৰু অগণতান্ত্রিক মন্তব্য দিছে ।"

দেখদেখকৈ এয়া সাম্প্রদায়িক ঘৃণা বিয়পোৱা মন্তব্য বুলি উল্লেখ কৰি এই মন্তব্যই মিঞা আৰু অসমীয়াৰ মাজত সাম্প্ৰদায়িক বিদ্বেষৰ ভাৱ সৃষ্টি কৰি সংঘৰ্ষৰ সূচনা পর্যন্ত হোৱাৰ সম্ভাৱনা জাগ্রত কৰিব বুলি মন্তব্য় কৰে । তেওঁ কয় যে এয়া গৰিহণাৰ যোগ্য, অযুক্তিকৰ তথা সংবিধান বিৰোধী । আনহাতে, উচ্চতম ন্যায়ালয়ৰ এক ৰায় অনুসৰি ঘৃণা বিয়পোৱা মন্তব্য দিয়া ব্যক্তিৰ বিৰুদ্ধে কোনো এজাহাৰ দাখিল নহ'লেও আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিব পাৰে । কিন্তু বক্তব্য প্ৰদানৰ ৫ দিন উকলি যোৱাৰ পাছতো অসমৰ আৰক্ষী সঞ্চালক প্ৰধানে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। এয়া খুবেই দুর্ভাগ্যজনক' বুলি তেওঁ ‌মন্তব্য কৰে। সংবাদমেলত চি পি আই এমৰ কেন্দ্ৰীয় কমিটীৰ সদস্য ইছফাকুৰ ৰহমান,‌ চি পি আই এমৰ ৰাজ্যিক সম্পাদক মণ্ডলীৰ সদস্য নিৰংকুশ নাথ উপস্থিত থাকে ।

লগতে পঢ়ক:Jignesh Mevani in Barpeta: বৰপেটাৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ জিগনেশ মেৱানী

ABOUT THE AUTHOR

...view details