ETV Bharat / state

Jignesh Mevani in Barpeta: বৰপেটাৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ জিগনেশ মেৱানী

author img

By

Published : Jul 17, 2023, 2:12 PM IST

বৰপেটাৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ জিগনেশ মেৱানী ৷ বৰপেটা ৰোড থানাত ৰুজু হোৱা এটা গোচৰ সন্দৰ্ভত সোমবাৰে বিধায়কগৰাকী বৰপেটাৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ হয় ৷

Jignesh Mevani appears before the court
বৰপেটাত জিগনেশ মেৱানী

আদালতত হাজিৰ জিগনেশ মেৱানী

বৰপেটা, 17 জুলাই : বৰপেটাৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ জিগনেশ মেৱানী ৷ গুজৰাটৰ কংগ্ৰেছ বিধায়ক জিগনেছ মেৱানীৰ বিৰুদ্ধে বৰপেটা ৰোড থানাত ৰুজু হোৱা এটা গোচৰ সন্দৰ্ভত সোমবাৰে বিধায়কগৰাকী বৰপেটাৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ হয় ৷ 2022 চনৰ 21 এপ্ৰিলত বৰপেটা ৰোড থানাত 81/2022 নং গোচৰ মৰ্মে ভাৰতীয় দণ্ডবিধি আইনৰ 294/323/353/354 ধাৰাত ৰুজু হোৱা গোচৰ মৰ্মে জিগনেশ মেৱানীক পূৰ্বে বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৷

মূলতঃ ৰাজহুৱা দায়িত্ব পালনত বাধা আৰু মহিলা আৰক্ষীৰ শালীনতা ভংগৰ অভিযোগত বিধায়কগৰাকীৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ মৰ্মে সোমবাৰে আদালতত হাজিৰ হয় জিগনেশ মেৱানী ৷ সৰুক্ষেত্ৰীৰ কংগ্ৰেছ বিধায়ক তথা কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰৰ সৈতে বৰপেটাত উপস্থিত হোৱা জিগনেশ মেৱানীক কেইবাশ কংগ্ৰেছ কৰ্মীয়ে আদৰণি জনায় ৷ আদালতত হাজিৰ হোৱাৰ পূৰ্বে জিগনেশ মেৱানীয়ে ন্যায়ালয়ৰ ওপৰত সম্পূৰ্ণ আস্থা আৰু বিশ্বাস থকাৰ কথা উল্লেখ কৰি ন্যায় পাব বুলি প্ৰকাশ কৰে ৷

গুজৰাটৰ বিধায়কগৰাকীয়ে 2024ৰ লোকসভা নিৰ্বাচনক লৈয়ো মন্তব্য কৰে ৷ তেওঁৰ বিৰুদ্ধে ৰুজু কৰা গোচৰক ভুৱা বুলি আখ্যা দিয়ে ৷ এই গোচৰ কেৱল ভুৱাই নহয়, এয়া সম্পূৰ্ণ পৰিকল্পিত বুলি অভিযোগ কৰে নেতাজনে ৷ ইফালে বৰপেটাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে পুনৰ 5 আগষ্টত শুনানিৰ দিন ধাৰ্য কৰে ৷ সেইমৰ্মে 5 আগষ্টত পুনৰ বৰপেটাৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ হ’ব লাগিব মেৱানী ৷

তেওঁ কয় যে, অসম তথা সমগ্ৰ দেশতে লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ ফলাফল যথেষ্ট ভাল হ’ব ৷ যেনেকৈ বিৰোধী দল সমূহৰ মাজত একতা বৃদ্ধি পাইছে, প্ৰধানমন্ত্ৰী মোদীৰ শাসন কালত নিবনুৱা সমস্যা আৰু মূল্যবৃদ্ধি চৰম পৰ্যায়ত উপনীত হৈছে, যিটো সময়ত কৃষক, শ্ৰমিক আৰু ছাত্ৰ-ছাত্ৰী আত্মহত্যা কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে, এই সামগ্ৰিক পৰিস্থিতি দেখি দেশৰ জনসাধাৰণে ইতিমধ্যে জানিব পাৰিছে যে দেশৰ প্ৰকৃত নেতা কোন ৷

লগতে পঢ়ক: Minister Jayanta Malla Baruah: এআইইউডিএফৰ ভোটেৰে সাংসদ হোৱা অজিত ভূঞাৰ সমুজ্জ্বল ভট্টাচাৰ্যক সমালোচনা কৰাৰ অধিকাৰ নাই; জয়ন্ত মল্ল বৰুৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.