অসম

assam

ৰাজ্যত পেঞ্চন বিতৰণৰ ক্ষেত্ৰত সংস্কাৰ অনাৰ বাবে কেতবোৰ সিদ্ধান্ত

By

Published : Oct 18, 2021, 7:02 AM IST

cm-himanta-biswa-sarma-meeting-on-pension-system-reform
পেঞ্চন বিতৰণৰ ক্ষেত্ৰত সংস্কাৰ অনাৰ বাবে কেতবোৰ সিদ্ধান্ত

কইনাধৰাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Himanta Biswa Sarma)ৰ অধ্যক্ষতাত বৈঠক ৷ পেঞ্চন সম্পৰ্কীয় কাগজ-পত্ৰ ‘কৃতজ্ঞতা’ প’ৰ্টেলযোগে দাখিলৰ ব্যৱস্থা । যিকোনো কৰ্মচাৰীৰ অৱসৰ গ্ৰহণৰ এবছৰ আগৰ পৰা পেঞ্চন প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগিব বুলি বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব ।

গুৱাহাটী, 18 অক্টোবৰ : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Himanta Biswa Sarma)ৰ অধ্যক্ষতাত দেওবাৰে কইনাধৰাত ৰাজ্যৰ কৰ্মচাৰীসকলৰ পেঞ্চন বিতৰণ সন্দৰ্ভত অনুষ্ঠিত হয় এক গুৰুত্বপূৰ্ণ বৈঠক ৷ উক্ত বৈঠকত ৰাজ্যিক কৰ্মচাৰীসকলৰ অৱসৰৰ পাচত পেঞ্চন বিতৰণত পৰিৱৰ্তনশীল সংস্কাৰ অনাৰ ক্ষেত্ৰত কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

পেঞ্চন বিতৰণৰ ক্ষেত্ৰত সংস্কাৰ অনাৰ বাবে কেতবোৰ সিদ্ধান্ত

বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি, সকলো পেঞ্চন সম্পৰ্কীয় কাগজ-পত্ৰ অনলাইনযোগে দাখিল কৰাৰ ক্ষেত্ৰত শিক্ষা বিভাগ(Education Department)ৰ লগতে সকলো চৰকাৰী বিভাগৰ বাবে ৰাজ্যৰ প্ৰতিখন জিলাতে সেৱা কেন্দ্ৰ স্থাপন কৰা হ’ব ৷ পেঞ্চন সঞ্চালকে পেঞ্চন সম্পৰ্কীয় বিষয়ৰ বিভিন্ন প্ৰয়োজনীয়তা পূৰণৰ বাবে ডিজিটেল স্বাক্ষৰ ব্যৱহাৰ কৰিব ।

যিকোনো চৰকাৰী কৰ্মচাৰীৰ দ্বাৰা 3 লাখ টকালৈকে অতিৰিক্ত ড্ৰ’লৰ বাবে পেঞ্চন সঞ্চালকক ৰেহাই দিয়াৰ বাবে কৰ্তৃত্ব দিয়া হ’ব । যিকোনো কৰ্মচাৰীৰ অৱসৰ গ্ৰহণৰ এবছৰ আগৰ পৰা পেঞ্চন প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগিব । এন আই চি(NIC)য়ে পেঞ্চনৰ দ্ৰুত কাৰ্য ব্যৱস্থাৰ বাবে বিভিন্ন বিভাগৰ সৈতে সহযোগিতা স্থাপনৰ দ্বাৰা ‘কৃতজ্ঞতা’ প'ৰ্টেলৰ সৈতে সামগ্ৰিক কোষাগাৰ ব্যৱস্থাপনা তথ্য প্ৰণালী(CTMIS)ক একত্ৰিত কৰিব ।

পেঞ্চন বিতৰণৰ ক্ষেত্ৰত সংস্কাৰ অনাৰ বাবে কেতবোৰ সিদ্ধান্ত

এতিয়াৰ পৰা ৰাজ্য চৰকাৰৰ পেঞ্চনাৰসকলে তেওঁলোকৰ লাইফ চাৰ্টিফিকেট(Life Certificate) নিজ নিজ বেংক শাখাত ডিজিটেল বায়’মেট্ৰিক সেৱা ‘জীৱন প্ৰমাণ’ৰ দ্বাৰা দাখিল কৰিব পাৰিব । ৰাজ্য চৰকাৰে এই সন্দৰ্ভত প্ৰয়োজনীয় অধিসূচনা জাৰি কৰিব । ৰাজ্যখনৰ 8 খন চিকিৎসা মহাবিদ্যালয়ক চিকিৎসা পৰিষদ গঠনৰ ক্ষমতা প্ৰদান কৰা হ’ব ।

পেঞ্চন বিতৰণৰ ক্ষেত্ৰত সংস্কাৰ অনাৰ বাবে কেতবোৰ সিদ্ধান্ত

বৈঠকৰ অংশ হিচাপে মুখ্যমন্ত্ৰীয়ে সংশ্লিষ্ট বিষয়াসকলক ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সহায়ৰ হেতু উৎকৃষ্ট পদ্ধতিৰ পৰিকল্পনা আৰু ৰূপায়ণৰ বাবে নিয়মীয়া আলোচনা অনুষ্ঠিত কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে । বৈঠকত উপস্থিত থাকে মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা, মুখ্য একাউণ্টেণ্ট জেনেৰেল এ জি গুলজাৰী লাল আৰু প্ৰধান শিক্ষা সচিব বি কল্যাণ চক্ৰৱৰ্তী ৷

লগতে পঢ়ক :পৰ্যটন ক্ষেত্ৰলৈ সুখবৰ; পৰ্যটক সোঁত বৈছে কাজিৰঙালৈ

ABOUT THE AUTHOR

...view details