অসম

assam

Kamal Medhi Suspension Case: কমল মেধিক নিলম্বন সন্দৰ্ভত স্থিতাৱস্থা বাহালৰ নিৰ্দেশ আদালতৰ

By

Published : Aug 9, 2023, 8:28 AM IST

Updated : Aug 9, 2023, 11:16 AM IST

আম আদমী পাৰ্টীৰ পৰা কমল কুমাৰ মেধিক নিলম্বনৰ গোচৰ সন্দৰ্ভত স্থিতাৱস্থা বাহালৰ নিৰ্দেশ কামৰূপ মহানগৰ জিলা দেৱানী আদালতে দিছে এই নিৰ্দেশ ৷

AAP leader Kamal Medhi
কমল কুমাৰ মেধিক নিলম্বন গোচৰ সন্দৰ্ভত আদালতৰ স্থিতাৱস্থা বাহালৰ নিৰ্দেশ

গুৱাহাটী, 9 আগষ্ট : আপ নেতা কমল কুমাৰ মেধিক নিলম্বনক লৈ আদালতৰ গুৰুত্বপূৰ্ণ ৰায় । আপৰ নেতা কমল কুমাৰ মেধিৰ নিলম্বনক লৈ আদালতৰ স্থিতাৱস্থা বাহালৰ নিৰ্দেশ ৷ কামৰূপ মহানগৰ জিলা দেৱানী আদালতে দিছে এই নিৰ্দেশ ৷ যোৱা 4 জুনাইত আপৰ পৰা নিলম্বন কৰা হৈছিল দলটোৰ ৰাজ্যিক কমিটিৰ উপ-সভাপতিৰ দায়িত্বত থকা কমল কুমাৰ মেধিক ৷

কমল কুমাৰ মেধিয়ে অভিযোগ কৰিছিল যে, আত্মপক্ষ সমৰ্থনৰ কোনো সুযোগ নিদিয়াকৈ তেওঁক ৰাজ্যিক সভাপতি ভৱেন চৌধুৰীয়ে নিলম্বন কৰিছিল । কোনো কাৰণ দৰ্শোৱা জাননী নিদিয়াকৈ নিলম্বন কৰা হৈছিল ৰাজ্যিক কমিটীৰ উপ-সভাপতিগৰাকীক ৷

এই নিলম্বনক প্ৰত্যাহ্বান জনাই আদালতৰ কাষ চাপিছিল কমল কুমাৰ মেধি ৷ কামৰূপ মহানগৰৰ 2 নং দেৱানী আদালতত 365/2023 নম্বৰত দাখিল কৰা হৈছিল এটা গোচৰ ৷ 8 আগষ্ট মঙলবাৰে এই গোচৰটো সন্দৰ্ভত কামৰূপ মহানগৰ জিলা দেৱানী আদালতে গ্ৰহণ কৰে প্ৰথমটো শুনানি ৷ এই শুনানিতে স্থিতাৱস্থা বাহালৰ নিৰ্দেশ দিয়ে আদালতে ৷

শুনানিত কামৰূপ মহানগৰ জিলা দেৱানী আদালতে মেধিৰ নিলম্বনত স্থিতাৱস্থা বাহালৰ বাবে ৰাজ্যিক আপক নিৰ্দেশ দিয়ে ৷ পৰৱৰ্তী শুনানি নোহোৱা পৰ্যন্ত মেধিৰ পদটোক লৈ কোনো ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিব ৰাজ্যিক আপে ৷ লগতে আপৰ উপ সভাপতি পদৰ নিৰ্বাচনতো স্থগিতাদেশ আদালতৰ ৷ আম আদমী পাৰ্টিৰ অসম প্ৰদেশলৈ জাননী জাৰি কৰি এই স্থগিতাদেশ ৷ এই গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন 28 আগষ্ট ধাৰ্য কৰিছে আদালতে ৷ এক কথাত গোচৰটোৰ প্ৰথমটো শুনানিত সাময়িক সকাহ লাভ কৰিলে কমল কুমাৰ মেধিয়ে ৷

লগতে পঢ়ক :Kamal Medhi Suspension Case : ভবেন চৌধুৰীৰ ষড়যন্ত্ৰ ! আদালতৰ কাষ চাপিল নিলম্বিত আপ নেতা কমল মেধি

Last Updated : Aug 9, 2023, 11:16 AM IST

ABOUT THE AUTHOR

...view details