অসম

assam

অসমত মুকলি কিন্নৰৰ দ্বাৰা পৰিচালিত প্ৰথমখন চাহৰ দোকান

By

Published : Apr 19, 2022, 10:04 PM IST

ৰাজ্যৰ ভিতৰতে প্ৰথমবাৰৰ বাবে মুকলি কৰা হ'ল তৃতীয় লিংগৰ দ্বাৰা পৰিচালিত এখন বিশেষ চাহৰ দোকান (Assam's first tea shop run by Transgenders) ৷ সোমবাৰে আনুষ্ঠানিকভাৱে এই দোকানখন মুকলি কৰিলে কামৰূপ জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক এনে (Kamrup DC Kailash Karthik N) ৷

assams-first-tea-stall-run-by-transgenders
কিন্নৰৰ দ্বাৰা পৰিচালিত অসমৰ প্ৰথমখন চাহৰ দোকান মুকলি

গুৱাহাটী, 19 এপ্ৰিল :মহৎ প্ৰচেষ্টা আৰু মনত উদ্যম থাকিলে যিকোনো অসম্ভৱ কামো সম্ভৱ কৰি তুলিব পাৰি ৷ তাৰেই এক প্ৰমাণ দাঙি ধৰিলে গুৱাহাটীৰ কিন্নৰ সমাজে ৷ গুৱাহাটী মহানগৰীৰ কিন্নৰ সমাজে একগোট হৈ মুকলি কৰিলে এখন বিশেষ চাহৰ দোকান৷ সম্পূৰ্ণ তৃতীয় লিংগৰ ব্যক্তিসকলৰ দ্বাৰা পৰিচালিত হ'ব এই চাহৰ দোকানখন (Assam's first Tea Stall run by Transgenders) ৷

কিন্নৰ অৰ্থাৎ তৃতীয় লিংগৰ ব্যক্তিসকলৰ সামাজিক সমতা স্থাপনৰ অংশ হিচাপে সোমবাৰে কামৰূপ সংহত আমিনগাঁওস্থিত কামৰূপ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত মুকলি কৰা হয় কিন্নৰৰ দ্বাৰা পৰিচালিত এই চাহৰ দোকানখন ৷ সোমবাৰে কামৰূপ জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক এনে আনুষ্ঠানিকভাৱে মুকলি কৰে এই চাহৰ দোকানখন (Tea Stall run by Transgenders)।

উল্লেখ্য যে, সদৌ অসম কিন্নৰ সংস্থাই কামৰূপ জিলা প্ৰশাসনৰ সহযোগত ৰাজ্যখনৰ ভিতৰতে সৰ্বপ্ৰথম কিন্নৰৰ দ্বাৰা পৰিচালিত এনে চাহৰ দোকান মুকলি কৰিছে ।

কিন্নৰৰ দ্বাৰা পৰিচালিত অসমৰ প্ৰথমখন চাহৰ দোকান মুকলি

এই সম্পৰ্কত সদৌ অসম কিন্নৰ (All Assam Transgender Association) সংস্থাৰ প্ৰতিষ্ঠাপক স্বাতি বিধান বৰুৱাই কয় যে, কিন্নৰ ব্যক্তি সকলক ব্যাৱসায়ৰ অভিজ্ঞতা, গ্ৰাহকৰ সৈতে সু-সম্পৰ্ক বজাই ৰখা, দক্ষতা আহৰণৰ জৰিয়তে সমাজলৈ ইতিবাচক বৰঙণি যোগোৱা ইত্যাদি লক্ষ্য লোৱা হৈছে । কিন্নৰ সকলৰ এনে ইতিবাচক উদ্যোগক স্বাগতম জনাই জিলা উপায়ুক্তগৰাকীয়ে এই উদ্যোগে আৰু অধিক কিন্নৰক এনে ধৰণৰ পদক্ষেপ গ্ৰহণৰ প্ৰতি আকৰ্ষিত কৰাৰ লগতে তেওঁলোকৰ সামাজিক সৱলীকৰণত বিশেষ ভূমিকা গ্ৰহণ কৰিব ।

কেৱল অসমতেই নহয় মুম্বাইস্থিত এখন বিশেষ কেফেই এতিয়া সকলোৰে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷ যিখন কেফে সম্পূৰ্ণ তৃতীয় লিংগৰ ব্যক্তিসকলে পৰিচালিত কৰে ৷ এই কেফেখনৰ নাম হৈছে বা'ম্বাই নজৰিয়া কেফে (Bambai Nazariya Cafe run by Transgenders) ৷ এই কেফেখনৰ বিশেষত্ব এয়ে যে ইয়াত এক বিশেষধৰণৰ চাহ উপলব্ধ হয় যাক কোৱা হয় 'পিংক টি' ৷

লগতে পঢ়ক :লীলাবাৰী বিমানবন্দৰত আৰম্ভ পাইলটৰ প্ৰশিক্ষণ

ABOUT THE AUTHOR

...view details